Header Ads

অন্তৰ্দ্বন্দ - প্ৰবিণ শৰ্মা


চিগাৰেটৰ অঙঠাখিনি তৰ্জনি আঙুলিত লগাত বিপুল চক খাই উঠিল। কিমান সময় সি বাছষ্টেণ্ডটোত বহি আছিল সেয়া তাৰ হিচাপৰ বাহিৰত। কিছুসময় সি ইফালে-সিফালে চালে। তেতিয়ালৈ তাত এজন আদবয়সীয়া পুৰুষ, এগৰাকী মহিলা আৰু দুজনী গাভৰু গোট খাইছিল। প্ৰত্যেকৰেই গন্তব্যস্থান নিজস্ব। আটাইকেজনৰেই চকুত বিপুলে এক অদ্ভুৎ চাৱনি আৱিষ্কাৰ কৰিলে। এৰা, ৰাজহুৱা স্থানত ধূম্ৰপান এক অপৰাধ। এনে এক গুৰুতৰ অপৰাধৰেই অপৰাধী সি। পৰিস্থিতিটোৰ সন্মুখিন হোৱাৰ সাহস অথবা ক্ষমতা কোনোটোৱেই সেই সময়ত বিপুলৰ নাছিল। অগত্যা, পলায়ণকেই শ্ৰেয় বুলি থিৰাং কৰি সি বহাৰ পৰা উঠিল আৰু প্ৰত্যেকৰেই দৃষ্টিৰ প্ৰত্যক্ষ সংঘাতৰ পৰা নিজকে বচাই খৰ খোজে সেই স্থান ত্যাগ কৰিলে।

আজি ৰাতিপুৱাৰে পৰা বিপুলৰ মনটোৱে হাহাকাৰ কৰি আছে। কোনো এটা কামেই তাৰ কৰিবলৈ মন যোৱা নাই। কোনো অপশক্তিয়ে যেন আৱৰি ধৰিছে তাৰ সমস্ত সত্তা; শুহি নিছে তাৰ কৰ্মশক্তি, তাৰ সমস্ত স্পৃহা। যোৱাকালিৰ ঘটনাটোৱে বাৰে বাৰে আঘাত কৰি তাক বোবা কৰি তুলিছে; আনকি তাৰ সহধৰ্মীনিৰ ওচৰতো। নিত্যনৈমিত্তিকভাৱেই আজিও ঠিক আঠ বজাৰ লগেলগেই ঘৰৰ পৰা ওলাইছিল সি। স্কুললৈ বুলি ওলাই অহা সময়ত স্বপ্নালিক সি এবাৰলৈও মাত লগোৱা নাছিল। আনদিনা হোৱা হ'লে স্বপ্নালি অভিমানত ফাঁটি পৰিলেহেঁতেন নতুবা এটাৰ পিছত এটা ফোনকলেৰে ব্যতিব্যস্ত কৰি তুলিলেহেতেঁন তাক। কিন্তু আজি তাৰ ব্যতিক্ৰম। মোবাইলটো উলিয়াও বুলি বিপুলে পেণ্টৰ জেপত হাত ভৰাই খেপিয়াই চালে। নাই, সদায় থকাৰ দৰে আজি তাৰ সেই বিশেষ যন্ত্ৰবিধ যথাস্থানত নাই। এটা হুমুনিয়াহ এৰি সি আধাকিলোমিটাৰমান দূৰৰ পাৰ্কখন উদ্দেশ্যি খোজ ল'লে। অন্ততঃ আজিৰ দিনটো সি সকলোৰে আঁতৰত কটাব বিচাৰে; অকলে...

: মিঃ বৰা।
পিছফালৰ পৰা অহা এক চিনাকী কণ্ঠস্বৰত বিপুল থমকি ৰ'ল। ঘুৰি চাই দেখে ইন্সপেক্টৰ দাস তেওঁৰ চৰকাৰী বাহনখনৰ পৰা নামি আহিছে। দাসৰ ল’ৰাজন বিপুলে কাম কৰা স্কুলখনৰেই নৱম শ্ৰেণীৰ ছাত্ৰ। বিপুলে তাক গণিত আৰু বিজ্ঞানৰ টিউচনো কৰে।
: মিঃ বৰা, এইফালেনো ক'লৈ যায়? আপোনাৰ স্কুল বিপৰীত দিশে নহয় জানো?
- দাসৰ কথাত এক বিশেষ পুলিচি ভংগিমা।
: নাই, আজি স্কুললৈ যোৱা নহ'ৱ। বিশেষ কাম এটাৰ বাবেহে...
- বিপুলে যথাসম্ভৱ নিজকে সংযত কৰিবলৈ চেষ্টা কৰিলে।
: আপোনাৰ মোবাইলত ফোন কৰিছিলো, মিছেছে ক'লে আপুনি হেনো স্কুললৈ বুলি ওলাই আহিছে। এইপিনে কেছ এটা আছিল, আহোঁতে আপোনাক দেখিলো। বিশেষ জৰুৰী কাম নহয় যদি মোক অলপ সময় দিব পাৰিব নেকি?
- বিপুলৰ গাটো গৰম হৈ অহা যেন লাগিল। নিজকে কিছু প্ৰকৃতিস্থ কৰাৰ যত্ন কৰি সি ক'লে,
: নিশ্চয়। কিন্তু আপোনাৰ কিবা কেছৰ কথা ক'লে যে...
: সেইবোৰ এতিয়া থাকক। নট্ চ' ইম্পৰটেণ্ট মেটাৰ।
- কথাৰ মাজত দুই-এটা ইংৰাজী বাক্য কোৱাটো দাসৰ পুৰণি স্বভাৱ। যোৱা দুটা বছৰত বিপুলে এইটো ভালকৈয়ে বুজিছে।
: কি হ'ল? একো নক'লে যে? বলক তেনেহ'লে, থানাতেই ভালদৰে কথা পাতিম।
উপায়ন্তৰ হৈ বিপুল দাসৰ লগতেই গাড়ীত উঠিল আৰু সমস্তখিনি এৰি দিলে নিয়ঁতিৰ ওপৰত।

: এইফালে দুকাপ চাহ পঠিয়াবিচোন।
- হাবিলদাৰটোক নিৰ্দেশ দি দাস নিজৰ চকীত বহিল আৰু বিপুললৈ আন এখন চকী আগবঢ়াই দিলে।
: আচ্ছা! এতিয়া কওঁকচোন, আপোনাৰ খবৰ; যোৱা দুদিন আপুনি টিউচনতো অহা নাই; এনিথিং চিৰিয়াচ্?
: নাই! তেনেকুৱা বিশেষ একো নাই। অলপ ঘৰুৱা ব্যস্ততা।
- এৰা যোৱা তিনিদিন ধৰি বিপুলৰ ছোৱালীজনীৰ জ্বৰ। একো এটা খাবলৈ মন নকৰে। তাইৰ পৰিচৰ্জাতেই বিপুলৰ বহু অভ্যাসগত কামত যতি পৰিছে।
: অহ্ আই এম্ চ'ৰি। ফেমিলি ইজ্ ইন্ডীড্ ইম্প'ৰটেণ্ট...
: ছাৰ! আপোনাক অ'চি ছাৰে মাতিছে।
- দাসে আৰু কিবা ক'ব বিচাৰিছিল কিন্তু হাবিলদাৰজনৰ মাতত তেওঁ ৰৈ গ'ল।
: আই  এম্ চ'ৰি মিঃ বৰা। আপুনি অকমান বহক, মই এতিয়াই আহিছো।
বিপুলে উশাহটো ঘূৰাই পোৱা যেন পালে। চকীখনত দেহাটো সামান্য ভেঁজা দি সম্পূৰ্ণ ভৰ চকীখনতেই এৰি দিলে সি। জীৱনত ইমান ভাৰাক্ৰান্ত কেতিয়াও অনুভৱ কৰা নাই সি। আনকি দেউতাকৰ মৃত্যুৰ সময়তো যেতিয়া মাকে তাৰ কান্ধত ধৰি কান্দিছিল, তেতিয়াও অন্ততঃ সি থিয় হৈ থকা শক্তি হেৰুওৱা নাছিল।

: দাদা চাহ খাওঁক।
- কেণ্টিনৰ ল'ৰাটোৱে কেতিয়ানো বিপুলৰ সন্মুখত দুকাপ চাহ দি থৈ গ'ল, সি গমকেই নাপালে। অন্যমনষ্কভাৱেই তাৰে একাপ তুলি লৈ প্ৰথমটো সোহা মাৰিয়েই বিপুল ৰৈ গ'ল। পুনৰ সেই একেই স্তব্ধতা, পাৰ্থিৱ জগত এৰি সি যেন বিচৰণ কৰিছে এক ৰহস্যময়, এন্ধাৰ জগতত। য'ত মানুহ কিম্বা মানৱতা মূল্যহীন। আন কোনোবা হোৱা হ'লে হয়তো সি ইমান বিচলিত নহ'লহেতেঁন। কিন্তু তাৰ নিজৰ ভায়েক? নাই নাই, এয়া অসম্ভৱ; এক দুঃস্বপ্ন যেন লাগিল তাৰ। অনিন্দিতাৰ প্ৰতিচ্ছবি বাৰে বাৰে তাৰ মানসপতত বিচৰণ কৰি আছিল। ফুলকোমলিয়া ছোৱালীজনীৰ শৰীৰত নখৰ আঁচোৰ, তেজ, তাইৰ প্ৰাণকাতৰ চিঞৰ; আস্ আৰু নোৱাৰে সি। "মানুহ আৰু কিমান তললৈ নামিব পাৰে?", নিজকে প্রশ্ন কৰিলে সি; আৰু বাৰে বাৰেই মর্মাহত হ'ল। ভাৱনাই তাক কৰি তুলিছিল স্তব্ধ, মুক আৰু বোধিৰ...

: হেল্ল'!
- ৰাতি চাৰে দহ বজাত অহা অজ্ঞাত নম্বৰৰ ফোনকলটোৱে বিপুলক কিছু আচৰিত কৰি তুলিছিল।
: হেল্ল'! মই ডেকাই কৈছোঁ; মিঃ অমৰেন্দ্ৰ ডেকা। আপুনি মিঃ বিপুল বৰা নহয় জানো?
: হয়; কওঁকচোন।
- অমৰেন্দ্ৰ ডেকা সেই অঞ্চলৰ এক সুদক্ষ অভিযন্তা। গড়কাপ্টানি বিভাগৰ এজন দূৰ্নীতিহীন অভিযন্তা হিচাপে ডেকাৰ গোটেই অঞ্চলটোতেই এক সুনাম আছে। তেনে এজন মানুহৰ ফোনত বিপুল আচৰিত হোৱাই নহয়, বিবুদ্ধিতো পৰিছিল। তথাপি মনৰ সকলো উৎকণ্ঠা লুকাই ৰাখি সি যথাসম্ভৱ নম্ৰতাৰেই তাৰ প্ৰত্যুত্তৰ দি গৈছিল।
: এই ৰাতিখন আপোনাক ডিষ্টাৰ্ৱ কৰিব লগা হোৱা বাবে মই দুঃখিত। কিন্তু ময়ো যে উপায়হীন।
- ডেকাৰ মাতত উৎকণ্ঠা বৃদ্ধি পাইছিল; লগে লগে বিপুলৰো।
: আপোনাৰ কথা যথেষ্ট গুৰুত্বপূৰ্ণযেনেই মোৰ অনুমান হৈছে।
: যথেষ্ট গুৰুত্বপূৰ্ণই। আপুনি নিশ্চয় জানেই যে মোৰ এটাই সন্তান আৰু সি আপোনাৰ ভাতৃ অমলৰ খুব ভাল বন্ধু।
: হয়। কিন্তু.... নে অমলে কিবা...
- এইবাৰ বিপুলে ভয় খাইছিল।
: নাই নাই, দোষ অকল অমলৰ নহয়।
: মানে? মই ঠিক বুজা নাই।
: শুনক মিঃ বৰা! সিহঁত ডেকা ল'ৰা; তেজৰ উত্তাপত কেতিয়াবা দুই-এটা ভুল কৰিব পাৰে; কিন্তু সেইবুলিয়েই আমি জানো সিহঁতক ক্ষমা নকৰিম? সিহঁতক শুধৰোৱাটো জানো আমাৰ কৰ্তব্য নহয়?
: আপোনাৰ কথা মই একেবাৰেই বুজা নাই।
: মিঃ বৰা! আপুনি নিশ্চয় অনিন্দিতা দুৱৰাক চিনি পায়; আপোনাৰ স্কুলৰেই ছাত্রী।
: হয় পাওঁ। তাইৰ আকৌ কি হ'ল?
: আজি সন্ধিয়া মোৰ ল'ৰা আৰু অমল সিহঁতৰ লগৰ কেইজনমানৰ স'তে 'জোনাকী বাৰ'ত পাৰ্টি কৰিব গৈছিল। প্ৰায় ন মান বজাত ঘূৰি আহোঁতে বাটত অনিন্দিতাক লগ পায়। ইমান ৰাতিখন সৰু ছোৱালী এজনী কিয় ওলাই আহিব লাগে কওঁকচোন....
- ইয়াৰ পিছৰখিনি বিপুলৰ কাণত সোমোৱা নাছিল। তাৰ মূৰটো আঁচন্দ্ৰাই কৰা যেন লাগিল।
: হেল্ল'! হেল্ল'! মিঃ বৰা! মিঃ বৰা!....
: ইউ ব্লাডি ৰাস্কেল....
- ভদ্রতা পাহৰি বিপুল চিঞৰি উঠিল।
: মুখ চম্ভালি কথা ক'ব মিঃ বৰা। মোৰ ল'ৰা যিমান দোষী, আপোনাৰ ভাতৃও সমানেই দোষী। গতিকে, অনাগত বিপদৰ উচিত উপায় চিন্তা কৰাই মঙ্গল। আপুনি চিন্তা কৰিব নালাগে, ইন্সপেক্টৰ দাস মোৰ নিজৰ মানুহ। আপুনি মাত্ৰ ছোৱালীজনী আল্ট্ৰামডাৰ্ণ বুলি সাক্ষী দিলেই হ'ল। আৰু ক'ব যে তাই স্বইচ্ছাই সিহঁতৰ লগত গৈছিল। মনত ৰাখিব মিঃ বৰা, আপোনাৰ ভাতৃও জড়িত আছে...
- বিপুলৰ ভৰিৰ তলৰ মাটি খঁহি পৰা যেন লাগিছিল। ঘামিবলৈ আৰম্ভ কৰিছিল সি।

: হেৰি মিঃ বৰা! মিঃ বৰা...
- ইন্সপেক্টৰ দাসৰ মাতত  বিপুলে মূৰ তুলি চালে।
: কি হ'ল? চাহকাপ নাখালেই যে? আৰু ইমান ঘামিছে কিয়?
- দাসৰ প্ৰশ্নত বিপুল থত্‌মত্‌ খালে।
: যথেষ্ট গৰম পৰিছে মিঃ দাস।
- প্ৰত্যক্ষ দৃষ্টি বৰ্জন কৰি বিপুলে কথাষাৰ ক'লে
: বাৰু, আপোনাক মাতি অনাৰ আঁচল উদ্দেশ্যটো কোৱাই নাই। যোৱাকালি 'চিল্ড্ৰেন্চ্ পার্ক'ত আমি চাৰিজন ল'ৰা আৰু এজনী ছোৱালীক অসংযত অৱস্থাত ধৰা পেলাইছিলো। তাৰে এজনে নিজকে আপোনাৰ ভাতৃ বুলি পৰিচয় দিছে। গতিকে, লিগেল গার্জেন হিচাপে....
: ৰব! আপুনি কি ক'ব বিচাৰিছে তাক মই ভালদৰেই বুজিছো।
- দাসৰ কথাখিনি সম্পূৰ্ণ কৰিব নিদি বিপুলে ক'লে।
: তেন্তে আপুনি এতিয়া কি বিচাৰে?
- দাসৰ প্ৰত্যক্ষ প্রশ্ন।
: মই বিচৰাটো আপোনাৰ ক্ষমতাৰ বাহিৰত মিঃ দাস।
- বিপুলৰ কথাত তাচ্ছিল্লৰ সুৰ।
: আপুনি অলপ বেছিকৈ কোৱা নাইনে?
- অপমানিত হৈ দাসৰ এইবাৰ খং উঠিছিল।
: কি কৰিব মিঃ দাস! শিক্ষক মানুহ যে! বেছিকৈ কোৱাটো মোৰ এটা অভ্যাস। বাৰু, সেইবোৰ এতিয়া থাকক, কিতাপৰ শিক্ষাৰেযে পৃথিৱী নচলে সেয়া ময়ো জানো।
: চাওঁক মিঃ বৰা, আপোনাৰ কথা শুনি বহি থকাৰ সময় মোৰ নাই। গতিকে, যি ক'ব লগা আছে খোলা-খুলিকৈ কওঁক। মিছাতে সময় নষ্ট কৰাৰ কোনো কাৰণ নাই।
- দাস কিছু অস্বস্তিত পৰিছিল।
: চাওঁক মিঃ দাস, আপোনালোকে বিচৰা ধৰণে মই সাক্ষী দিব নোৱাৰিম। আপুনিও জানে যে অনিন্দিতা মোৰেই ছাত্রী। এজন শিক্ষক হিচাপে এজনী ছাত্ৰীৰ অন্যায় কিদৰে বিচাৰিম?
: কিন্তু অমল যে আপোনাৰ ভাই।
- দাসৰ দৃষ্টিত স্পষ্ট আশ্চৰ্য্যৰ চিন।
: সেইটোৱেইতো মোৰ দুখ। মই তাৰ ককায়েক; কিন্তু আপুনি হয়তো পাহৰিছে যে মই এজনী ডেৰ বছৰীয়া ছোৱালীৰ বাপেকো। গোটেই জগতখনে মোক যিয়েই নাভাবক লাগিলে, মোৰ ছোৱালীজনীৰ বাবে মই আদর্শ হ'ব খোজো, অন্তত তাইৰ সন্মুখত মূৰ দাঙি থিয় হ'ব পৰা ক্ষমতা মোক লাগে আৰু বিনিময়ত যিকোনো ত্যাগ কৰিবলৈ মই সদা-প্রস্তুত। তাইৰ চকুত অপমানিত হৈ মই জীয়াই থাকিব নোৱাৰিম মিঃ দাস; মই জীয়াই থাকিব নোৱাৰিম।
- শেষলৈ বিপুলৰ মাতটো থোকা-থুকি হৈ পৰিছিল, প্রচণ্ড আৱেগে তাক ভাৰাক্ৰান্ত কৰি তুলিছিল। চলচলীয়া চকুৰে সি মাত্ৰ এবাৰ ইন্সপেক্টৰ দাসৰ পিনে চালে আৰু এটাও শব্দ উচ্চাৰণ নকৰাকৈ ওলাই আহিল।

ইন্সপেক্টৰ দাস অবাক হৈ গৈছিল। চকুৰ আঁতৰ নোহোৱালৈকে বিপুলৰ ফালে চাই থাকিল তেওঁ। বিশবছৰীয়া চাকৰি জীৱনত প্ৰথমবাৰ লজ্জিত হৈছে মিঃ দাস। এজন শিক্ষকৰ সুদৃঢ়, সুগভীৰ মনৰ ওচৰত নিজকে ক্ষুদ্র যেন অনুভৱ হ'ল তেওঁৰ। অকস্মাৎ বহাৰ পৰা উঠিল তেওঁ; আৰু খৰ খোজে আগুৱাই গ'ল ল'ক-আপৰ ওচৰলৈ। খঙে তেতিয়া দাসৰ চুলিৰ আগ পাইছিলগৈ।

বিপুল ওলাই আহিছিল। থানাৰ দুৱাৰমুখ পাৰ হওঁতেই তাৰ কাণত পৰিছিল অমলৰ প্ৰাণকাতৰ আর্তনাদ। বিপুল একমূহুৰ্তৰ বাবে থমকি ৰ'ল। ক্ষন্তেক পিছতেই আকৌ খোজ ল'লে সি; এইবাৰ তাৰ গতি তীব্ৰতৰ।

বিপুল গৈ ঘৰ পাওঁতে সন্ধিয়া চাৰে সাঁত বাজিছিল। স্বপ্নালি তেতিয়া টিভিৰ পৰ্দাত দেশৰ বাতৰি চোৱাত ব্যস্ত। ড্ৰয়িংৰুমৰ দৰ্জাখন তেতিয়াও খোলাই আছিল। বিপুল ভিতৰলৈ সোমাই গৈ স্বপ্নালিৰ ওচৰতেই বহিল। দিনটো কান্দি কান্দি তাৰ চকুযোৰ ৰঙা হৈ উখহি উঠিছিল।
: ইমান দেৰি ক'ত কি কৰি আছিলা? যোৱাকালিৰ পৰা অমলৰো দেখা-দেখি নাই। মই মানুহজনী যে অকলে আছো খবৰ ৰাখিছানে?
- বিপুল নিৰুত্তৰ। চোফাখনত মূৰটো ওপৰফালে ৰাখি এক যান্ত্রিক ভংগীমাত বহি আছে সি।
: এতিয়া ক'ত কি খাই আহিছা? আজি শেৱালীয়েও দেখিছে তোমাক; বাছষ্টেণ্ডত চিগাৰেট খাই আছিলা। চিগাৰেট এৰিম বুলি শপত খোৱা নাছিলা জানো?
- স্বপ্নালি উচুপি উঠিল। ঠিক তেনেতেই টিভিৰ পৰা ভাঁহি আহিল এজন তৰুণ সংবাদদাতাৰ কণ্ঠস্বৰ,
: শিৱসাগৰৰ মাজমজিয়াত যোৱাকালি সংঘতিত ধৰ্ষণকাৰ্য্যৰ অপৰাধী অমল বৰাক আৰক্ষীয়ে আজি আতক কৰে। আৰক্ষীৰ এই অভিযানত সহযোগ কৰে স্থানীয় যুৱক ৰাকেশ ডেকা, মানস চেতীয়া আৰু বিমল কাকতিয়ে। উল্লেখ্য যে এই তিনিজন যুৱকৰ ভিতৰত ৰাকেশ ডেকা এই অঞ্চলৰেই সন্মানীয় অভিযন্তা শ্রীযুত অমৰেন্দ্ৰ ডেকাৰ পুত্র। আনহাতে, নিৰ্জাতিতা কিশোৰী অনিন্দিতা দুৱৰা বর্তমান চিকিৎসাধীন কিন্তু সঙ্কতমুক্ত বুলি জানিব পৰা গৈছে।…

স্বপ্নালি স্তম্ভিত হৈছিল, কিছু পৰিমাণে ভীতিগ্ৰস্তও। অলপ আগলৈকে মনটোক অস্থিৰ কৰি ৰখা সমস্ত অভিমান মূহুৰ্ততে অন্তৰ্ধ্যান হৈছিল। আৰু ঠিক তেতিয়াই বিপুলৰ মৌনতাই কথা কৈছিল; শুনিছিল একমাত্ৰ স্বপ্নালিয়ে। প্ৰথমবাৰ এই মানুহজনৰ প্ৰতি মমতা জাগিছিল তাইৰ। তাই বিপুলৰ ফালে চালে। কিবা ক’ব খুজিও ৰৈ গ’ল তাই। সেইখিনি সময়ত আন এটা শব্দইহে তাইৰ ধ্যান আকৰ্ষণ কৰিছিল। তাই পুনৰবাৰ শুনিবলৈ চেষ্টা কৰিলে; পূৰ্বতকৈ অধিক মনোযোগেৰে। হয়; ওচৰৰ কোঠাটোত ছোৱালীজনীয়ে কান্দিছে।...
প্ৰবিণ শৰ্মা
যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় |
Powered by Blogger.