কঁঠালৰ স্মোথী (Jackfruit - Smoothie ) - ৰোহন চাহু
কঁঠালৰ স্মোথী(Jackfruit - Smoothie )
পৰিবেশন ২ জনৰ বাবে
উপকৰণ :-
১. পকা কঁঠাল - ১০ ফুটা
২. গাখীৰ - ১ কাপ
৩. মৌ জুল - ১ চামুচ
৪. আমুল ক্ৰীম - ১ চামুচ
৫. আইচ কিউব - ৪ টা
৬. কাজু গুৰি- ১০ গ্ৰাম
প্ৰণালী :-
পকা কঁঠাল এটাৰ পৰা গুটিবোৰ উলিয়াই ল'ব ।তাৰ পাছত মিক্সীৰ জাৰ এটাত কঁঠাল খিনি পেষ্ট কৰি ল'ব। তাৰ পিছত জাৰ টোত গাখীৰ ,মৌ জুল ,ক্ৰীম ,কাজু গুৰি আৰু আইচ কিউব দি মিহলাই ল'ব। আৰু পৰিৱেশন কৰি গৰমৰ আমেজ লওঁক ।
প্ৰস্তুতি:
ৰোহন চাহু
খোৱাং (মৰাণ)।
মন্তব্য কৰক