Header Ads

ঢোকলা (Dhokla) - ৰোহন চাহু


ঢোকলা (Dhokla)


পৰিবেশন ৬ জনৰ বাবে

উপকৰণ:
১. বেচন : ২ কাপ
২. দৈ : ২ কাপ
৩. ইন' (ফ্ৰুইট পেকেট টো ল'ব) : ১ পেকেট
৪. চেনী : ১/২ চামুচ
৫. নিমখ : ১/২ চামুচ
৬. জলকীয়া : ১ টা (মিহিকৈ কুটি ল'ব)
৬. আদা : সৰু এডোখৰ( মিহিকৈ থেতেলাই ল'ব)
৭. মিঠাতেল : ১/২ চামুচ
৮. পানী : ১ কাপ
ফোৰণৰ বাবে:
১. মিঠাতেল : ১ চামুচ
২. সৰিয়হ : ১/২ চামুচ
৩. কেঁচা জলকীয়া : ১০ টা মান
৪. নৰসিংহ পাত : ১০ খিলা মান । 
৫. নেমু : ১ ডোখৰ
৬. চেনি : ১/৩ চামুচ

প্ৰণালী :
এটা চৰিয়াত বেচনখিনি প্ৰথমতে চালি ল'ব । এতিয়া বেচন খিনিত দৈ দি ভালকৈ মিহলাই লওক। ইন' পাউদাৰ,চেনী আধাচামুচ,নিমখ আৰু আধা চামুচ মিঠাতেল লৈ পানীৰে সৈতে ভালদৰে মিহলি কৰি ল'ব । এতিয়া তাত আদা আৰু জলকীয়া দি দিব । (মিশ্ৰণ খিনি ফটোত দেখা নিচিনা কৰিব )
এতিয়া ২ ঘণ্টা মান তেনেদৰেই থৈ দিব । তাৰ পিচত প্ৰেচাৰ কুকাৰত সোমোৱাব পৰাকৈ বাতি এটা লৈ বাটিটোৰ চাৰিওফালে তেল সানি লৈ মিশ্ৰণ খিনি ধালি দিব । এতিয়া প্ৰেচাৰত জালনাখন দুবযোৱাকৈ পানী দি জালনাখন প্ৰেচাৰত ভৰায় দিব । বাতিটো জালনা খনৰ ওপৰত দি প্ৰেচাৰৰ ঢাকনী লগাই ৩০/৪০ মিনিট মান সময় কম জুইত দি থৈ দিব।
(ন: কুকাৰ খনৰ হুইছেল টো খুলি থব। আৰু কুকাৰটোৰ ভিতৰত পানী দিওতে মন কৰিব যে বাটিতো ডুব নাযায়)। ৩০/৪০ মিনিট পাছত এখন থালত উলিয়াই লৈ ফটোত দেখুওৱা আকাৰত কাটি লব । 

ফোৰণ: 
এখন কেৰাহীত তেল গৰম কৰি সৰিয়হ দি কম জুইত ভাজক। এতিয়া তাত কেঁচা জলকীয়া আৰু নৰসিংহ পাতকেইটা দি আধাকাপ পানী ঢালি উতলাই লব । তাত এতিয়া চেনি আৰু নেমু ৰস দি দিব ।(নেমু দিয়াৰ মূল কাৰণ হৈছে চেনি খিনি যাতে গোট মাৰিব নাপায়) এতিয়া মিশ্ৰণ খিনি ঢোকলা কেইটাৰ ওপৰত ঢালি দিব । আৰু গৰমে গৰমে পৰিবেশন কৰক ।
প্ৰস্তুতি:
ৰোহন চাহু
(খোৱাং)
Powered by Blogger.