ক'ল্ড কফিৰ সৈতে ফ্ৰেন্স ফ্ৰাইচ্ (ষ্টার্টাৰ) - ৰোহন চাহু
ক'ল্ড কফিৰ সৈতে ফ্ৰেন্স ফ্ৰাইচ্
ক'ল্ড কফিৰ সামগ্ৰী:
১. কফি : ৩ চামুচ
২. আমুল তাজা (গাখীৰ) : ২ কাপ
৩. আমুল ক্ৰীম : ১কাপ
৪. চেনি : ৩ চামুচ
৫. কক' পাউদাৰ : ১ চামুচ
৬. চকলেট টপীঙ : ২ চামুচ
৭. আইচ কিউব : ৪ টা
৮. চকলেট আইচক্ৰীম : ১ চামুচ
প্ৰস্তুত প্ৰনালী:
প্ৰথমতে কফি খিনি বাতি এটাত গৰম পানী দি ফেটি লব (ডাঠ কে)। এতিয়া মিক্সী এটাত ক্ৰীম খিনি ফেটি লৈ তাৰ পাছত তাত গাখীৰ,চেনি,কক' পাউদাৰ আৰু আইচ কিউব দি মিক্স কৰি লব।সেইখিনি মিক্স হোৱাৰ পাছত তাত ডাঠ কে ফেটি থোৱা কফি খিনি দি দিব লগতে চকলেট আইচক্ৰীম খিনিও দিব। গোটেই খিনি মিক্সীত মিক্স কৰি গিলাচত উলিয়াই ঠাণ্ডা ঠাণ্ডা পৰিৱেশন কৰক। পৰিৱেশনৰ কাৰণে গিলাচৰ চাৰিটা চুকত মই চকলেট টপীঙ লগাই দিছো আৰু ওপৰতো অলপ চকলেট টপীঙ দি দিছো ।
ফ্ৰেন্স ফ্ৰাইচ্
ফ্ৰেন্স ফ্ৰাইচ্ ৰ সামগ্ৰী
১. আলু (ডাঙৰ): ২ টা
২. ৰিফাইন : ১০০ গ্ৰাম
৩. নিমখ : নিজৰ জোখ অনুযায়ী
প্ৰস্তুত প্ৰণালী:
প্ৰথমতে আলু খিনিৰ বাকলি গুচাই সমান চাইজত কাটি লব। এতিয়া এখন নন্ ষ্টীক কেৰাহীত ৰিফাইন গৰম হ'ব দি অলপ অলপকে আলু খিনি ভাজি লব কম জুইত (ৰঙচূৱা হ'ব নিদিব আৰু আধা কেঁচা কে ভাজিব)। নিমখ আন্দাজ মতে দি দিব ভজাৰ পাছত। ভজাৰ পাছত ১ ঘণ্টা মান সময় ফ্ৰীজত থৈ দিব। ১ ঘণ্টা মানৰ পাছত ফ্ৰীজৰ পৰা উলিয়াই আনি আকৌ ৰিফাইন তেল খিনি গৰম হ'বলৈ দি অলপ অলপকে ভাজি যাব কম জুইত অলপ ৰঙচূৱা হোৱাকে ফটোত দেখাৰ দৰে। এতিয়া প্লেট এখনত উলিয়াই টমেট' চ'চৰ লগত পৰিবেশন কৰক কল্ড কফিৰ সৈতে |
প্ৰস্তুতি
ৰোহন চাহু
খোৱাং (মৰাণ)।
মন্তব্য কৰক