Header Ads

সম্পাদকীয় - তৃতীয় সংখ্যা; অক্টোবৰ, ২০১৮


নমস্কাৰ,

কুঁহিপাঠৰ তৃতীয় সংখ্যালৈ আপোনালোকক স্বাগতম | প্ৰথমে আপোনালোকলৈ আগন্তুক দূৰ্গা পূজাৰ শুভেচ্ছাকে যাছিলো | 

পূজা বুলি ক'লেই আজি আগৰ মাদকতাবোৰ নাই | যান্ত্ৰিকতাৰ আৰু বাহ্যিকতাৰ প্ৰলেপত আজিৰ পূজাবোৰ যেন মেৰ খাই  পৰিলে | আজি-কালিৰ পূজা বুলি ক'লে নাই দুখন জিলাপি মুখত ভৰাই পূজা মণ্ডপত ঘূৰা, এটি বেলুন, ৫ টকাৰ এটি টিনৰ পিষ্টল হাতত লৈ আকাংক্ষাৰ টোপোলাটো পূৰ কৰি ঘৰলৈ উভতা সেই আবেলিবোৰ | লগৰটোৰ লগত নিজৰ উপহাৰসমূহ দেখুৱাই কৰা গৌৰৱ | কিমান সুখী হৈছিলো দেউতাৰ পৰা পোৱা অনাকাংক্ষিত সৰু উপহাৰটোত, মায়ে সন্ধিয়াৰ বাবে থৈ দিয়া জেলেপিকেইখন পায় | সৰুকৈ সজা পূজা মণ্ডপৰ আশে পাশেই বিচাৰি পাইছিলো পূজাৰ ব্যক্ত কৰিব নোৱাৰা সেই মাদকতাবোৰ | জাকজমকতা বহু বেছি নাছিল, আকাংক্ষাবোৰ বেছি নাছিল হয়, কিন্তু আমি হয়তো  সুখী আছিলো |

বৰ্তমানৰ পূজাৰ মানদণ্ড বহু বেছি, ভাল লাগে | ৰঙীন চাৰিওফালৰ আবেলিবোৰ, সিক্ত সন্ধিয়াবোৰ | শৰতে কঢ়িয়াই অনা পূজাৰ বাবে আজিৰ আকাংক্ষাবোৰো বেছি | সময়ৰ লগত সলনি হৈ গৈছে পূজাৰ মণ্ডপবোৰো, মানদণ্ডবোৰৰ আঁৰত আৰম্ভ হৈছে এখন অঘোষিত প্ৰতিযোগীতা | এই ক্ষেত্ৰত বৈদ্যুতিক মিডিয়াৰ প্ৰশ্ৰয়ে এই প্ৰতিযোগিতাখনক যি মানদণ্ড দিছে তাত যেন আমি সকলো মেৰ খাই পৰিলো | প্ৰতিমাৰ আগত শৰণাপন্ন হোৱাতকৈ বাহিৰৰ কৃত্ৰিম যান্ত্ৰিকতাৰ প্ৰতি ধাউতি মেলা এক চিনাকি ছবি | আৰু এক গুৰুত্বপূৰ্ণ বিষয় যে এই যান্ত্ৰিকতাতে মেৰ খাই যুৱ প্ৰজন্মৰ মাজত যিটো উসৃংখলতাৰ সৃষ্টি হৈছে তাৰ ফলস্বৰূপে কিমানৰ যে পূজাৰ উচ্চাহৰ মাজতে বিষাদৰ ঢলও বৈছে |

তাৰ মাজতে  ভাল কথাও নোহোৱা নহয় | কাৰিকৰী বিচক্ষনতাও প্ৰকাশ পাইছে বহুতৰ | আমি জাকজমকতা বা উচ্চ মানদণ্ডৰ পূজা বা মণ্ডপৰ বিৰোধিতা নকৰো | সৃষ্টিশীল ধাৰণাৰ আমি বিৰোধী নহয় | আমি বিচাৰো পূজাৰ জাক জমকতাৰ লগতে যদি আমি তাৰে অলপ সম্বল আমি সেইসকলক দি সহায় কৰিব পাৰো যি এই জাকজমকতাৰ পৰা বহু আতৰত, নিশ্চয় এক ভাল, শলাগিবলগা পদক্ষেপ হ'ব | আমি সেইসকল লোকৰ মুখতো এটি হাঁহি বিৰিঙাব পাৰো যিজনে দিনটোৰ কষ্টৰ পাছতো নিজৰ সন্তানক পূজাৰ উন্মাদনাখিনি উপভোগ কৰিব দিয়াত অপাৰগ হৈছে | তেতিয়াহে আমাৰ পূজাৰ এই স্বকীয়তাবোৰ সাৰ্থক হ'ব | আমি আমাৰ পিছত ৰৈ যোৱা আমাৰে মাজৰে এজনৰ বাবে এই কণমান চেষ্টা কৰিব নোৱাৰোনে? 
যদি মনৰ ভাৱ প্ৰকাশ কৰোতে কিবা বেছিকৈ কৈ পেলালো, তেন্তে নিজৰ  বুলি ভাবিয়ে ক্ষমা কৰি দিব | 

শেষত আমাৰ অসমৰ গৌৰৱ ৰীমা দাস পৰিচালিত "ভিলেজ ৰকষ্টাৰৰ্চ" চলিচত্ৰখন অ'স্কাৰৰ বাবে মনোনীত হোৱাৰ বাবে এই চিত্ৰখনৰ লগত জড়িত সমূহ কাৰ্যকৰ্তালৈ শুভেচছা যাছিলো | এজন অসমীয়া হিচাপে আপোনালোকক এই ছবিখন ছবিগৃহত গৈ উপভোগ কৰিবলৈ অনুৰোধ জনালো | লগতে এই সংখ্যাত 'চলচিত্ৰ জগত' শিতানত ছবিখনৰ এটি চমু বিস্তৃতি আগবঢ়াইছো |

যোৱা মাহত আপোনালোকে সন্মুখীন হোৱা অসুবিধাৰ বাবে আমি বাৰুকৈয়ে দুখিত | আমি আসোঁৱাহ সমূহ দুৰ কৰিছো | কলেজৰ ব্যস্ততাপূৰ্ণ সময়ৰ মাজতে অসুবিধাসমূহ দূৰ কৰাত হয়তো কিছু পলম হ'ল  | আপোনালোকে এনেদৰে ভুল - ভ্ৰান্তিবোৰ আঙুলিয়াই আমাৰ এই প্ৰচেষ্টাক আগুৱাই লৈ যাব বুলি আশা ৰাখিলো |

লগতে কুঁহিপাঠৰ সকলো কৰ্ম কৰ্তা , শুভাকাংশী ,পাঠকৰ লগতে সমূহ জনগণলৈ শাৰদীয় পূজাৰ শুভেচ্ছা যাচিলো। এই পূজাটো সকলোৰেবাবে শুভ আৰু নিৰাপদ হওক | আকৌ অহামাহত পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে  আজিলৈ বিদায মাগিলো |


ধন্যবাদেৰে
সৰ্বজিৎ শৰ্মা
সুৰজিৎ বৰ্মন
সম্পাদক, কুঁহিপাঠ ই-আলোচনী

Powered by Blogger.