প্ৰাপ্তি - ৰাহুল ভট্টাচাৰ্য্য
তুমি আছিলা মোৰ এটি প্ৰাপ্তি,
কিন্তু আজি নেদেখা নদীৰ সিপাৰে ৰৈ আছাঁ তুমি,
মোৰ ব্যস্ততাৰ মাজতো এমুঠি নিয়ৰৰ ফুল হৈ ফুলি আছাঁ তুমি।
সীমাহীন যান্ত্ৰিকতাক নেওচি খোজ দিবলৈ খোজো তোমাৰ পৃথিৱীত,
তোমাৰ স্বপ্নৰ ৰজা হব খোজো প্ৰতি জোনাকীত।।
মোবাইলৰ মেছেজ বোৰ নহা হল,
আমাৰ ৰংবোৰ আজি ধুমুহা হল। মেঘৰ গাজনীত ধ্বংস হল পোৱা নোপোৱাৰ আবেগ।
অশ্ৰুসিক্ত হল সময় , মোৰ সুখত মাথোঁ বাহ্যিকতা থাকি গল।
ফাগুনৰ কথাবোৰে বৰকৈ আমনি কৰে জানা,,,,,
স্মৃতিৰ পাতখিলাত তোমাৰ সুবাসে তিক্ত কৰি তোলে বুকুৰ নষ্টালজিয়া।।।।
হাঁহি আছাঁনে তুমি আজিও
নেদেখা নদীখন চাগে বহু গভীৰ হল এতিয়া,
এতিয়াও আছে মোৰ বহু ক্ষুদ্ৰ প্ৰচেষ্টা
তোমাক পুনৰ কৰিবলৈ
.......প্ৰাপ্তি ।।।

✍ ৰাহুল ভট্টাচাৰ্য্য
তিতাবৰ
তিতাবৰ
মন্তব্য কৰক