Header Ads

নামনি অসমৰ লোকউৎসৱ: মহোহো আৰু মহোহো গীত - কৰবী মহন্ত কলিতা



অসমৰ নামনি অঞ্চলৰ এটি কৃষ্টিসমৃদ্ধ লোকউৎসৱ হৈছে মহোহো। নামনি অসমৰ কামৰূপ, নলবাৰী, বৰপেটা, দৰং আদি অঞ্চলত ইয়াৰ প্ৰচলন দেখা যায়।
  আঘোণমাহ খেতি চপোৱাৰ সময়। এই সময়ত পোক পৰুৱাই যাতে শস্যৰ পথাৰৰ অনিষ্ট সাধন কৰিব নোৱাৰে, তাৰবাবে আঘোণৰ পূৰ্ণিমা তিথিত ৰাতি চেমনীয়াসকলে সৰু সৰু দলত বিভক্ত হৈ মুখত মুখা পিন্ধি হাতত টাঙোন লৈ মানুহৰ ঘৰে ঘৰে গৈ বৃত্তাকাৰে ঘূৰি ঘূৰি মানুহৰ ঘৰে ঘৰে গৈ মহোহো গীত গায়। মহোহো উৎসৱত গোৱা  গীতসমূহেই মহোহো বা মহখেদা গীত। কিছুমান ঠাইত ভালুকৰ সাজ পিন্ধি নৃত্য কৰা দেখা যায়। মহোহো গীতসমূহ পৰম্পৰাগতভাৱে জনসাধাৰণৰ মুখে মুখে প্ৰচলিত হৈ আহিছে;
 অ  হৰি মহোহো।
মহ খেদবা টাকোন লৌ।।
মহে বুলে মল্লু দে।
টেপল পুৰা খালো দে।।
টেপলত ন'হল লোণ।
চাউল লাগে দুণ দুণ।।
বাঁহৰ পাত চিকিমিকি।
আমাক লাগে আধলি- সিকি।।
বাঁহৰ পাত পকা।
আমাক লাগে টকা।।
চেমনীয়াসকলে ঘৰে ঘৰে গৈ মহোহোগীত গাই শস্য নদন বদন হ'বলৈ গৃহস্থক আশীৰ্বাদ কৰে। গৃহস্থই টকা, সিকি আদি দিয়ে। নিশালৈ ভোজভাত খাই আনন্দ স্ফূৰ্তিৰ মাজেৰে এই উৎসৱৰ সামৰণি মাৰে।
   সময়ৰ সোঁতত তথা গোলকীকৰণৰ প্ৰভাৱত মহোহোগীত সমূহ আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ পথত। পৰিৱৰ্তনৰ সোঁতত এই গীতসমূহ হেৰাই যাবলৈ নিদি ধৰি ৰখাৰ দায়িত্ব আমাৰ হাতত।
কৰবী মহন্ত কলিতা
   দিপলাং, লহকৰপাৰা
 

No comments

Powered by Blogger.