Header Ads

কাচকলৰ কোপ্তা - প্ৰিয়াক্ষী খাউন্দ


কাচকলৰ কোপ্তা


উপকৰণ-
 1. কাচকল -এটা
2. আলু-দুটা (মধ্যমীয়া)
3. কৰ্ণফ্লৰ - দুই চামুচ
4. নিমখ-সোৱাদ অনুসৰি
5. জিৰা গুড়ি, জলকীয়া গুড়ি, ধনীয়া গুড়ি- ইচ্ছা অনুযায়ী

গ্ৰেভীৰ বাবে-
1. পিঁয়াজ- 5 টা
2.বিলাহী- ডাঙৰ এটাশ (সৰুকৈ কুটি লোৱা)
3. আদা-একটুকুৰা
4. নহৰু-দহ ফোটা
5. দৈ- দুই চামুচ
6. নিমখ-সোৱাদ অনুসৰি
7. মছলা-পছন্দৰ মতে

প্ৰণালী:
      প্ৰথমে কাচকল আৰু আলু সিজাই ল'ব। তাত কৰ্ণফ্লৰ, নিমখ আৰু মছলা দি পিতিকি ল'ব আৰু ইচ্ছা অনুযায়ী বল বনাই ল'ৱ। বলবোৰ তেলত ভাজি ল'ব কাঢ়ি থ'ব।
       গ্ৰেভীৰ বাবে পিঁয়াজ, আদা, নহৰু সৰুকৈ কুটি লৈ খুন্দনাত খুন্দি ল'ব। কেৰাহীত তেল গৰম কৰি জিৰা আৰু তেজপাতৰ ফুৰণ দিব। ইয়াৰ পিছত খুন্দনাত খুন্দি লোৱা সামগ্ৰীসমূহ দি ভাজিব। অলপ ভাজি তাত বিলাহী দিব। অলপ ভাজি ঢাকোণ দিব। যেতিয়া বিলাহী গলিব তাত নিমখ, এচিকুট চেনী আৰু মছলা দিব। ভালকৈ ভাজি তাত দৈ দিব। পুনৰ ঢাকোণ মাৰি অলপ সময় ৰাখিব। ইয়াৰ পিছত ঢাকোণ গুছাই পানী দিব জোখমতে। অলপ উতলিবলৈ দি আগতে বনাই থোৱা বলবোৰ দি উতলিবলৈ দিব। যেতিয়া ডাঠ হ'ব জুইৰ পৰা নমাই থ'ব। খাদ্য বনাওতে গেছৰ জুই মধ্যমীয়াত ৰাখিব।


প্ৰিয়াক্ষী খাউন্দ

No comments

Powered by Blogger.