অঁস্কাৰৰ মজিয়া আৰু কেইখনমান সাম্ভাব্যপূৰ্ণ ছবি (২০১৯) - বিকাশ দত্ত
২০১৯ বৰ্ষৰ অঁস্কাৰ বঁটাত অসম কন্যা ৰিমা দাসৰ Village Rockstarsয়ে মনোনয়ন লাভ কৰাৰ লগে লগেই চাৰিওফালে এক উচাহৰ ঢলে আঁৱৰি ধৰিছে। এইবৰ্ষত মুক্তি পোৱা প্ৰায় প্ৰতিখন শ্ৰেষ্ঠ ছবিয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ চলচ্চিত্ৰ বঁটা অনুষ্ঠানৰ বাবে। এইক্ষেত্ৰত মন কৰিবলগীয়া যে এইবেলি ভাৰতৰ পৰা শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ বাবে নিৰ্বাচিত হৈছে ৰিমা দাসৰ Village Rockstars।ইতিমধ্যে বিদেশৰ বহুকেইটা বঁটা বুটলিবলৈ সক্ষম হোৱা ছবিখনে অঁস্কাৰ মজিয়াত অসম তথা ভাৰতৰ নাম উজলাব পাৰিব নে সেইয়া সময়েহে ক'ব।
হলিউদৰ পৰা প্ৰতিবছৰৰ দৰে এইবেলিও বহুকেইখন সুন্দৰ তথা মুলসুঁতিৰ ছবিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব তাত কোনো দ্বিমত নাই। যিহেতু বছৰটো শেষ হ'বলৈ আৰু তিনিটা মাহ বাকী সেয়েহে আগন্তুক সময়ত আৰু বহুকেইখন ছবি অঁস্কাৰৰ দৌৰত যাব সেইয়াও আমি নিশ্চিত হ'ব পাৰোঁ।
যোৱা নটা মাহৰ এক ছবিসমূহৰ ভিতৰত কিছুসংখ্যক ছবিৰ এক আলোকপাত আগবঢ়াব যত্ন কৰিলোঁ।
যোৱা নটা মাহৰ এক ছবিসমূহৰ ভিতৰত কিছুসংখ্যক ছবিৰ এক আলোকপাত আগবঢ়াব যত্ন কৰিলোঁ।
১) A Star Is Born:
প্ৰথমতেই নাম ক'ব লাগিব A star is born ৰ। ছবিখনৰ পৰিচালনা ব্ৰেডলি কুপাৰৰ। ইতিমধ্যে কুপাৰক আমি অঁস্কাৰ মনোনীত Silver Linnings Playbook, American Hustle, American Sniper ৰ লগতে Marvel Cinematic Universe ৰ ছবিতো দেখিছো। কিন্তু এইবেলি তেওঁ আত্মপ্ৰকাশ কৰিছে এগৰাকী পৰিচালক হিচাপে। A star is born এখন মিউজিকেল ৰোমান্টিক ছবি। মুখ্য অভিনয়ত কুপাৰৰ লগত আছে গ্ৰেমী বিজয়ী লেডী গাগা। যোৱা আগষ্টত মুক্তি লাভ কৰা ছবিখনে ইতিমধ্যে বিশ্বজুৰি লাভ কৰিছে চৰ্চা। ছবিখনৰ নিৰ্দেশনা, অভিনয় আৰু সংগীত মন্ত্ৰমুগ্ধ কৰিছে অগননৰ। উল্লেখযোগ্য যে ছবিখনত সন্নিৱিষ্ট ১৯ টা গীতৰ আটাইকেইটা গীতেই কুপাৰ আৰু গাগাই নিজে গাইছে। ছবিখনৰ চিত্ৰনাট্য এৰিক ৰথ, ৱিল ফেটাৰ্ছ আৰু ব্ৰেডলি কুপাৰৰ। ছবিখনে অঁস্কাৰ দৌৰত কেইবাটাও মনোনয়ন লাভ কৰিব বুলি আমি আশাবাদী।
২) First Man:
Whiplash আৰু La La Land ৰ পিছত ডেমিয়েন ছেজেলে এইবাৰ দৰ্শকৰ মাজলৈ আগবঢ়াই দিছে First Man ক। মুখ্য অভিনয়ত আছে ৰায়ান গছলিং। ছবিখন নিৰ্মিত হৈছে মহাকাশচাৰী নীল আৰ্মষ্ট্ৰংৰ জীৱনৰ ওপৰত। তেওঁৰ চৰিত্ৰত অভিনয় কৰিছে ৰায়ান গছলিঙে। লগতে সহকাৰী অভিনেত্ৰী হিচাপে আছে ক্লেৰ ফয়। ছবিখনে ইতিমধ্যে লাভ কৰিছে দৰ্শকৰ অভুতপূৰ্ব সঁহাৰি। এতিয়া আমি ৰ'ব লাগিব অঁস্কাৰলৈ। কাৰণ জেজ সংগীতৰ পৰা একেৰাহে মহাকাশলৈ গতি কৰা ডেমিয়েন ছেজেলৰ সম্পূৰ্ণ নতুন নিৰ্দেশনাই তেওঁক অঁস্কাৰ দিয়ে নে নিদিয়ে। ছবিখনে শ্ৰেষ্ঠ ছবি, পৰিচালক, অভিনেতা আৰু সহকাৰী অভিনেত্ৰীৰ শিতানত মনোনয়ন লাভ কৰাৰ আশা আছে।
৩) Roma:
৭০ ৰ দশকৰ মেক্সিকোৰ ওপৰত নিৰ্মিত অঁস্কাৰ বিজয়ী আলফোনছে কুৱাৰ'নৰ Roma হ'ব পাৰে অঁস্কাৰ দৌৰত প্ৰবল দাবীদাৰ। ছবিখন তেখেতৰ আত্মজীৱনী বুলিও বহু সূত্ৰই ইতিমধ্যে প্ৰকাশ কৰিছে। নেটফ্লিক্সৰ দ্বাৰা নিৰ্মিত ছবিখনৰ ট্ৰেইলাৰে ইতিমধ্যে দৰ্শকৰ সুন্দৰ সঁহাৰি লাভ কৰিছে। লগতে ছবিখন নিৰ্মিত হৈছে ক'লা-বগা কেমেৰাৰ জৰিয়তে। সেয়েহে উক্ত ছবিখনে দৰ্শকক Schindlers List, The Artist আদি ছবিৰ দৰে সোৱাদ দিব পাৰিব বুলি আমি আশাবাদী। ইতিমধ্যে শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ শিতানত মেক্সিকোৰ পৰা অফিচিয়েল এন্ট্ৰি লাভ কৰিছে Roma ই।
৪) Blackkklansman:
স্পাইক লীৰ পৰিচালনাৰে উজ্জীৱিত Blackkklansmanঅঁস্কাৰ দৌৰত এখন অতি উল্লেখযোগ্য ছবিৰূপে পৰিগণিত হৈছে। আগষ্টৰ শেহৰফালে চিনেমা হলত মুক্তিলাভ কৰা ছবিখনে লাভ কৰিছে দৰ্শক অভুতপূৰ্ব। কমেডি ছবিখনত অভিনয় কৰিছে এডাম ড্ৰাইভাৰ, জন ৱাশ্বিংটনয়ে। ছবিখনে বহুকেইটা শিতানত মনোনয়ন লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। এইক্ষেত্ৰত চিত্ৰনাট্য আৰু পৰিচালনাৰ শিতানটো উল্লেখযোগ্য।
৫) Green Book:
মেহেৰচালা আলি আৰু ভিগ' মৰ্টেনশ্বেনৰ অনবদ্য অভিনয়ৰে সমৃদ্ধ Green Book ও হ'ল অঁস্কাৰ দৌৰৰ অন্যতম প্ৰতিযোগী। ছবিখনে যদিও মুক্তিলাভ কৰা নাই কিন্তু বহুকেইটা আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত নিজৰ শ্ৰেষ্ঠত্ব প্ৰদান কৰা পিটাৰ ফেৰেলী পৰিচালিত ছবিখনে শ্ৰেষ্ঠ ছবি আৰু অভিনয়ৰ বাবে অঁস্কাৰ মনোনয়ন লাভ কৰিব পাৰে। ইতিমধ্যে ১০ টা ৰিভিউৰ ভিতৰত ছবিখনে Rotten Tomatoes ত ১০০% ৰেটিং আৰু imdbত ৮.২ ৰেটিং পইন্ট লাভ কৰিছে। ছবিখনে মুক্তিলাভ কৰিলেহে ক'ব পৰা যাব দৰ্শকে নিজৰ মতামত কেনেকুৱা দিব।
৬) Favourite:
য়োগোছ লান্থিম'ছ পৰিচালিত এখন অন্যতম ছবি favourite য়ে পাব পাৰে বহুকেইটা মনোনয়ন। ছবিখনে মুক্তি লাভ কৰিব নৱেম্বৰ ২০১৮ৰ শেহৰফালে। কিন্তু ইতিমধ্যে ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বিশেষ স্ক্ৰীনিং হৈ যোৱা ছবিখনে লাভ কৰে দুটাকৈ বঁটা। তদুপৰি Rotten Tomatoes ত ২৪ টা ৰিভিউৰ অন্তত ছবিখনৰ ৰেটিং হ'ল ৯৬%। ছবিখনৰ মুখ্য আকৰ্ষণ এমা ষ্টোন, ৰেছেল ৱেইজ, নিকোলাছ হোল্ট আৰু অলিভিয়া ক'লমেন।
৭) If Beale Street Could Talk:
নৱেম্বৰতেই মুক্তিলাভ কৰিব লগা আন এখন ছবি হ'ল If beale…! পৰিচালনা মুনলাইট খ্যাত বেৰী জেনকিনছ। ছবিখনৰ প্ৰিমিয়াৰ হৈ যায় টৰন্ট আন্তৰাষ্ট্ৰীয় চকচ্চিত্ৰ মহোৎসৱত। ছবিখনে লাভ কৰে দৰ্শকৰ অভুতপূৰ্ব সঁহাৰি। এখন ৰোমান্টিক ড্ৰামা If beale… য়ে অঁস্কাৰৰ দৌৰত যে প্ৰতিদ্বন্দ্বিতা নকৰিব তাৰ কোনো বিকল্প নাই। অপেক্ষা মাথোঁ নৱেম্বৰ ২০১৮।
(বিঃদ্ৰঃ এয়া মাথোঁ এক সমীক্ষাহে। আগন্তুক সময়ত আৰু বহুকেইখন ছবিয়ে হয়তো লাভ কৰিব মনোনয়ন।)
✍বিকাশ দত্ত
হাজো
হাজো
মন্তব্য কৰক