Header Ads

"ৰংমিলিৰ হাঁহি"ৰ স্ৰষ্টা পদ্মশ্ৰী ৰংবং তেৰাংৰ সৈতে এখন্তেক






১) নমস্কাৰ ছাৰ। পুনতে আমি জানিব বিছাৰিম আপোনাৰ এক অনবদ্য সৃষ্টি ' ৰংমিলিৰ হাঁহি ' উপন্যাস খনৰ বিষয়ে? উপন্যাস খন লিখিবলৈ আপোনাৰ অনুপ্ৰেৰণাৰ উৎস কি আছিলে বাৰু? 

উ: প্ৰয়াত চন্দ্ৰ প্ৰসাদ শইকীয়াৰ সম্পাদনাত অসম প্ৰকাশন পৰিষদৰ ' প্ৰকাশ ' আলোচনীৰ আত্মপ্ৰকাশ হৈছিল। কাৰ্বি পাহাৰৰ  মাটি আৰু মানুহৰ লগতে ইতিহাস সম্বলিত ঘটনাৰে সম্পৃক্ত হৈ থকা কাৰ্বি জনগোষ্ঠীৰ এক নীৰৱ সংগ্ৰামৰ কথা বোৰেই হল - প্ৰেৰণাৰ মূল উৎস।


২) আপোনাৰ লৰালিৰ পঢ়া শুনা কৰা দিন বোৰৰ কিবা অনুভৱ?

উ: এৰি অহা সেই পঢ়াশালিৰ দিনবোৰ স্মৰণ কৰি ভাল লাগে। জীৱনৰ লগতে দেশ তথা সামাজিক জীৱনৰ নতুন ছবিবোৰ দেখি নিজকে ধন্য মানো।


৩) আপোনাৰ প্ৰিয় গ্ৰন্থ আছে নে? কোন খনি আৰু কিয় আপোনাৰ প্ৰিয়?

উ: মোৰ সত্য অন্বেষণৰ কাহিনী। যিয়ে মোক জীৱন বাটৰ সন্ধান দিছিল।





৪) ছাত্ৰ শিক্ষকৰ পৰস্পৰ সহযোগীতা দৰকাৰী কিমান ? আপুনি ভাবে নে এই মিলনৰ আজি কালি ম্লান ঘটিছে?

উ: ছাত্ৰ শিক্ষকৰ এই মধুৰ সম্পৰ্কৰ ম্লান ঘটা বুলি মই নাভাবো। সময়ৰ পৰিৱৰ্তনৰ লগে লগে শৈক্ষিক বাতাবৰণ সলনি হৈছে কিন্তু এনে পৰিবৰ্তনে নিশ্চয় ম্লান হোৱাটো নুবুজাই।


৫) অসম সাহিত্য সভাৰ একালৰ সভাপতি হিচাপে আপোনাৰ কিছু অনুভৱ? 

উ: অসমীয়া সাহিত্যৰ এজন সেৱক হিচাপে নিজকে ভাবি ভাল অনুভৱ কৰোঁ।


৬) বৰ্তমান সময়ত অসমীয়া ভাষাৰ যি ভয়াবহ পৰিস্থিতি চলিছে তাৰ প্ৰতি আপোনাৰ মন্তব্য?

উ: যেনেকৈ ব্ৰহ্মপুত্ৰ বৈ গৈ আমাৰ অসম খনক সজীৱ কৰি ৰাখিছে তেনেকৈ অসমীয়া ভাষাও প্ৰবাহিত হৈ থাকিব। মোৰ এক দৃঢ় বিশ্বাস।


৭) অসম সাহিত্য সভাত শেহতীয়াকৈ বহু বিতৰ্কৰ সূত্ৰপাত ঘটিছে, আপোনাৰ মনোভাৱ কি ইয়াৰ উপৰত?

উ: যিহেতু সাহিত্য সভা এখন গতিশীল সভা। বিতৰ্ক সাঙোৰ খাই পৰাটো অতিকৈ স্বাভাৱিক। বিতৰ্কটি গণমাধ্যমে এক শুভক্ষণ হিচাপে লোৱাটো জৰুৰী যিহেতু কথাৰ আদান প্ৰদানৰ জৰিয়তে হে জাতীয় সমস্যা সমাধান কৰিব পাৰি।


৮) কাল জৰ্জৰ সমস্যা বিদেশী সমস্যা। কিবা সমাধানৰ বাট আপোনাৰ মনত? আমাক জনাব নে?

উ: মানুহ যত সমস্যা তত। বৰ্তমানৰ চৰকাৰে ৰাইজৰ আদৰণি অবিহনে কেতিয়াও এই স্থান নাপালে হেঁতেন। ৰাজনীতি পাহৰি চৰকাৰ সমৃদ্ধ সমূহ জন - গন আগবাঢ়ি অহাটো অতিকৈ দৰকাৰী তাতেই নিহিত হৈ আছে এই সমস্যা  সমাধান।




৯) সাহিত্য কেৱল লেখনিতেই সীমাবদ্ধ নে? কি কবলৈ বিচাৰে?

উ: অসমীয়া ভাষা সাহিত্য সীমাহীন। সাহিত্যৰ গভীৰতা সকলোৰে চিনাকি হোৱাটো অতিকৈ প্ৰয়োজনীয়। কেৱল ঠাইতে ৰৈ থাকি কোনো একো জ্ঞান আহৰণ কৰিব নোৱাৰে। কুৱাৰ ভেকুলীয়ে বাহিৰৰ পৃথিৱী খন কেনেকৈ বুজিব। গতিকে জাতিও সাহিত্যৰ গভীৰতাত যোৱাটো বাঞ্চনীয়।


১০) শেষত আমাৰ পাঠক সকললৈ দু আষাৰ কব নেকি? আপোনাৰ এই বহুমূলীয়া সময়ৰ বাবে আমাৰ সমূহ কুঁহিপাঠ পৰিয়ালৰ তৰফৰ পৰা অশেষ ধন্যবাদ থাকিলে।আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো |

 উ: আলোচনীত মোৰ কথা চিন্তাৰ ৰূপান্তৰ ঘটোৱা বাবে আপোনালোক লৈও ধন্যবাদ জনাইছোঁ আৰু অসমীয়া ভাষাক গুৰুত্ব দিয়া বাবে আলোচনী খনলৈ শুভেচ্ছা যাঁচিলো কুঁহিপাঠৰ  উত্তৰণ ঘটক।


...................................................................................................................................................................

No comments

Powered by Blogger.