কুঁহিপাঠ- সম্পাদকীয় -চতুৰ্থতম সংখ্যা ; নৱেম্বৰ ; ২০১৮
নমস্কাৰ,
কুঁহিপাঠৰ চতুৰ্থতম সংখ্যালৈ সমূহ পাঠকলৈ স্বাগতম। চেনেহৰ শাৰদীয় পূজাটি সকলোৰে ভালেই গল বুলি আশাম্বিত।
যান্ত্ৰিকতাৰে পৰিপূৰ্ণ এইখন অত্যাধুনিক সমাজৰ আমি একো একোজন বাসিন্দা। আধুনিকতা বিৰাজমান আমাৰ সিৰা- উপসিৰাই। পুঠিগত শিক্ষাৰে সমাজ গৰ্বিত, উচ্চাকাংক্ষীও কিন্তু নিজ মানসিক প্ৰয়োজন বোধৰ প্ৰতি যেন সকলো উদাসীন। প্ৰচলিত যে এই ভাৰত ভূমিতেই একসময়ত উৰা মাৰিছিল মানৱ সভ্যতাৰ সেই চৰাই জাকে। অথচ ঋগ বেদে সোঁৱৰাই গৈছে প্ৰাচীন সমাজৰ অধ্যৱসায়ৰ এখন পৰিপক্য ছবি। কিন্তু পৰিবৰ্তনশীল এইখন সমাজৰ ধ্যান ধাৰণাত আমি ইমানেই মেৰ খাই পৰিলোঁ যিয়ে সূত্ৰপাত ঘটালে অন্ধ বিশ্বাসৰ দৰে কিছুমান সামাজিক ব্যাধিৰ। অন্ধ বিশ্বাসৰ এই প্ৰৱণতাৰ শিকলিয়ে আমাক এনেকৈ আজোৰিলে যে নিৰক্ষৰ জনৰ পৰা নেওচি শিক্ষিত সমাজখনো ইয়াৰ চাপত থুনুকা হৈ ৰৈছে।
সৌ সিদিনা বাতৰি কাকত খনত পঢ়িবলৈ পাইছিলো, এখন পৃষ্ঠাত - নাৰী মহিমামণ্ডিত, নাৰী দূৰ্গা - কালিৰ প্ৰতীকী -স্বৰূপ, নাৰী হোৱাটো এক সুন্দৰ অনুভূতি। পৃষ্ঠাখন লুটিয়াই দিয়াত যিবোৰ ছবি তথা বিশ্লেষণ দেখিলো সেইবোৰ হেনো পশু তুল্য। "বেটি বচাও বেটি পঢ়াও" চৰকাৰৰ এনেবোৰ শ্লোগান কেৱল যেন শ্রাৱনীয় মাথো কিন্তু ইয়াৰ অৰ্থ??? বৌদ্ধিক চিন্তাধাৰাৰ বিচ্ছেদে যেন আগ্ৰাসিত কৰিলে এই জাতীয় স্বৰূপৰ প্ৰতিজন ব্যক্তিক। ভ্ৰুণ হত্যাৰ নিচিনা জঘন্য কাণ্ড, ডাইনী হত্যা, বাল্য - বিবাহ এনেবোৰ কতো যে শেষ নোহোৱা শোষণৰ বলি আমাৰ নাৰী সমাজ। লৰা সন্তান জন্ম লাভ কৰিলে যিয়ে পাই এক সুন্দৰ মানস তাৰ বিপৰীতে কন্যা সন্তান জন্মিলে লাভ কৰে ডাষ্টবিনৰ দলিচা। ভাবিবলৈ আহৰি নাই সেই দুৰ্ভগীয়া মাতৃৰ চকুলো বিহীন কান্দোন।
যিটো সময়ত ভাৰতৰ অৰ্থনীতি বিশ্বৰ ভিতৰত অগ্ৰণী হিচাপে পৰিচিত, ভাৰতক ' চুপাৰ পাৱাৰ ' আখ্যা দিয়া হয়, যি সময়ত শিক্ষিতৰ হাৰ ৭৪.০৪ শতাংশ, আনকি মহিলাৰ শিক্ষিত হাৰ পাইছেগৈ ৬৪.৪৬ শতাংশ, দুৰ্ভাগ্য বশত এইখন ভাৰতবৰ্ষতে ০-৬ বছৰ বয়সৰ শিশুৰ লিংগঅনুপাতৰ ব্যৱধান বাঢ়ি হৈছে গৈ ১০০০-৯১৮ পৰ্য্যন্ত। "ইউনিছেফ ইণ্ডিয়াৰ" শেহতীয়া প্ৰতিফলনত ফুটি উঠিছে ভ্ৰুণ হত্যা সম্বন্ধীয় এক বিশাল ব্যৱসায়ৰ আঁৰৰ কাহিনী। পৰিণতি স্বৰূপে ক্ৰমান্বয়ে বৃদ্ধি পাইছে নাৰী সৰবৰাহ, ধৰ্ষণৰ নিচিনা আন বহুতো অন্ধ বিশ্বাসৰ কৱলত পৰা পাখণ্ডীয় কাৰুকাৰ্য্য। কিন্তু এই বিশ্বাসৰ ভেটি ইমান সুদৃঢ় নে যাক আমি বিনা দ্বিধাই আঁকোৱালি লৈছোঁহি ? আধুনিক জীৱনৰ শৈলী এক স্বাভাৱিক চিত্ৰ। কিন্তু ইয়াৰ কৰাল গ্ৰাসত পৰি যেন আমি সেই দেৱী স্বৰূপ নাৰীৰ অস্তিত্ব বিলীন কৰি পেলোৱাৰ পথত।
মনৰ ভাৱ সমূহ যেন জ্বালামুখীৰ লাভা স্বৰূপ উদ্গীৰণ হৈছে। কিন্তু বেছি নিলিখোঁ। নাৰীৰ প্ৰতি অবিৰাম গতিত চলি থকা এই সমস্ত নিন্দনীয় কাৰ্য যাতে সমানুপাতিক ভাৱে এই সমাজে চালি - জাৰি চাইহি আৰু প্ৰদান কৰে এক আত্মনিৰ্ভৰশীল - বিশ্বাসনীয় জাতীয় দুৱাৰদলি।
ভুল ভ্ৰান্তি সমূহ আমাক আঙুলিয়াই এই প্ৰচেষ্টাক আগবঢ়াই লৈ যাব বুলি আশা ৰাখিলোঁ। শেষত আকৌ কুঁহিপাঠৰ সমূহ কৰ্ম - কৰ্তা, শুভাকাংশী আৰু পাঠক সকলৰ সুস্বাস্থ্য কামনা কৰি অহামাহত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছো। ধন্যবাদ।
সুৰজিৎ বৰ্মন
সৰ্বজিৎ শৰ্মা
সম্পাদক, কুঁহিপাঠ ই-আলোচনী
মন্তব্য কৰক