স্বচ্ছ ভাৰত , স্বচ্ছ বিদ্যালয় - ৰূপলেখা দেৱী
Clean dust from your glass,
Clean dust from your class.
পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতা বুলি কোৱা হয়।চাফ চিকুণতাৰ ওপৰত দেশ এখনৰ উন্নতি ভালেখিনি নিৰ্ভৰ কৰে। দেশ এখন আগবাঢ়ি যাবলৈ হ'লে প্ৰত্যেক জন ব্যক্তিয়ে শাৰীৰিক আৰু মানসিক উভয় দিশতে স্বাস্থ্যবান হোৱাটো বিশেষ জৰুৰী। নিকা আৰু স্বাস্থ্যসন্মত পৰিবেশে মানুহৰ মন আৰু মগজুত এক ইতিবাচক প্ৰভাব পেলায়। এখন পৰিষ্কাৰ আৰু স্বাস্থ্যসন্মত উন্নত ভাৰতবৰ্ষ গঢ়াৰ পৰিকল্পনা আগত ৰাখি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদী ডাঙৰীয়াই 2014 চনৰ দুই অক্টোবৰত অৰ্থাৎ গান্ধী জয়ন্তীৰ দিনা মহাত্মা গান্ধীৰ সমাধি ৰাজঘাটৰ পৰা স্বচ্ছ ভাৰত অভিযান আঁচনিৰ শুভাৰম্ভ কৰে আৰু 2019 চনৰ দুই অক্টোবৰত হব লগীয়া গান্ধীজীৰ 150 বছৰীয়া জন্ম দিনলৈ এখন পৰিষ্কাৰ আৰু স্বাস্থ্যসন্মত ভাৰত গঢ়াৰ পৰিকল্পনা হাতত লয়। এই অভিযান ভাৰত চৰকাৰৰ অধীনত চলা এক অভিযান যাৰ উদ্দেশ্য হৈছে সকলো লোককে দ্ৰুত গতিত সাৰ্বজনীন অনাময় ব্যৱস্থাৰ আওঁতালৈ অনাৰ লগতে ব্যক্তিগত অনাময় ব্যৱস্থাৰ আৱশ্যকতা আৰু দেশখনক চাফচিকুণ কৰি ৰখাৰ প্ৰয়োজনীয়তাৰ প্ৰতি সকলো মানুহকে সচেতন কৰি তোলা।
এই স্বচ্ছ ভাৰত আঁচনিকে উপলক্ষ্য কৰি কেন্দ্ৰীয় মানব সম্পদ উন্নয়ন মন্ত্ৰণালয়ে ভাৰতবৰ্ষৰ বিদ্যালয় সমূহত "স্বচ্ছ ভাৰত ,স্বচ্ছ বিদ্যালয়" আঁচনি ৰূপায়ণ কৰিবলৈ উদ্যোগ হাতত লয়। এই প্ৰচেষ্টাৰ প্ৰধান উদ্দেশ্য হৈছে বিদ্যালয় সমূহত ছাত্ৰ ছাত্ৰী সকলক অনাময় ব্যৱস্থাৰ সুব্যৱহাৰ, চাফ চিকুণতাৰ প্ৰতি সজাগতা বৃদ্ধি কৰা আৰু ভাৰতবৰ্ষৰ প্ৰত্যেকখন বিদ্যালয়তে পানী, স্বাস্থ্যকৰ পৰিবেশ আৰু অনাময় ব্যৱস্থাৰ উন্নতি সাধন কৰা। এই আঁচনিৰ প্ৰথম পদক্ষেপ হিচাবে 2014 চনৰ 25 চেপ্তেম্বৰৰ পৰা 31 অক্টোবৰলৈ কেন্দ্ৰীয় বিদ্যালয় আৰু নবোদয় বিদ্যালয় সমূহত পৰিষ্কাৰ পৰিচ্ছন্নতা আঁচনিৰ শুভাৰম্ভ কৰি চাফচিকুণ আৰু স্বাস্থ্য সম্পৰ্কীয় নানান আলোচনা, বক্তৃতা আদি অনুস্থিত কৰি স্বচ্চতাৰ বিষয়ে প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে প্ৰচেষ্টা হাতত লয় আৰু ভালেখিনি সফলতা অৰ্জন কৰে। তাৰ পিচত ওভাৰত বৰ্ষৰ বাকী বিদ্যালয় সমূহে এই আঁচনি ৰূপায়ন কৰিবলৈ অতি আগ্ৰহেৰে আগবাঢ়ি আহে।
বিদ্যালয় সমূহত স্বাস্থ্যকৰ পৰিবেশ আৰু ছাত্ৰ সকলৰ মাজত উন্নত স্বাস্থ্য বিধি সমূহ কাৰ্যকৰী কৰি গঢ়ি তোলাত প্ৰধানতঃ বিদ্যালয়ৰ সমূহ শিক্ষক কৰ্মচাৰী , বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য, অভিভাবক, স্থানীয় ৰাইজ, বেচৰকাৰী সংগঠনসমৃহ আৰু সদৌ শেষত ছাত্ৰ ছাত্ৰী সকলৰ সহায় সহযোগিতা থকাটো জৰুৰী।পৰিষ্কাৰ আৰু স্বাস্থ্যকৰ পৰিবেশে বিদ্যালয়ৰ ছাত্ৰ সকলৰ স্বাস্থ্যৰ উন্নতিত যথেষ্ট অৰিহণা যোগোৱাৰ লগতে শ্ৰেণীত উপস্থিতিৰ সংখ্যা বৃদ্ধি কৰি পাঠ সমূহ আয়ত্ব কৰাত সহজ কৰি তোলে। আমি আটায়ে জানো যে স্বাস্থ্যকৰ পৰিবেশত বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰাটো প্ৰত্যেক শিশুৰে জন্ম স্বত্ব অধিকাৰ।
স্বচ্ছ বিদ্যালয়ৰ প্ৰয়োজনীয় উপাদানসমূহ:---
■ছাত্ৰ আৰু ছাত্ৰীৰ কাৰণে পৃথক পায়খানা আৰু প্ৰস্ৰাবগাৰৰ ব্যৱস্থা। বিদ্যালয় সমূহত একোটা গোটত(unit), এটা শৌচাগাৰ আৰু তিনিটা প্ৰস্ৰাবগাৰ থকাটো বাধ্যতামূলক বুলি গণ্য কৰা হৈছে।
■ মাহেকীয়া হোৱা ছাত্ৰীৰ বাবে সকলো স্বাস্থ্য সন্মত বিধি যেনে চাবোন, চেনীটেৰী নেপকিন, নেপকিন সলাবলৈ এটা কোঠা, মুখবন্ধ ডাষ্টবীন, প্ৰস্ৰাবগাৰত ব্যৱহাৰ কৰিবলৈ পানী আদিৰ সুবিধা থকা।
■বিদ্যালয়ত মধ্যাহ্ন আহাৰ কৰাৰ আগে পিচে হাত ধুবলৈ পনীয়া বা গোটা চাবোনৰ ব্যৱস্থা থকা।
■মুখ হাত ধুবলৈ পৰিষ্কাৰ পানীৰ ব্যৱস্থা কৰা আৰু একেলগে দহ বাৰজন ছাত্ৰই সহজতে হাত ধুব পৰাকৈ পানীৰ টেপ বা টেংকীৰ ব্যৱস্থা কৰা
■বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰা আৰু মধ্যাহ্ন ভোজন ৰান্ধিবলৈ পৰিষ্কাৰ পানী ব্যৱহাৰ কৰা।
■শ্ৰেণী কোঠা, কোঠা সমূহৰ আচবাব,মজিয়া আদি পৰিষ্কাৰকৈ ৰখা।
■শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ জিৰণী কোঠা,পুঠিভঁৰাল,বিজ্ঞানাগাৰ,আদি পৰিষ্কাৰকৈ ৰখা।
■বিদ্যালয়ৰ চৌহদ, খেলপথাৰ, প্ৰস্ৰাবগাৰ সমূহ চাফ চিকুণকৈ ৰখা।
■বিদ্যালয় চৌহদত গছপুলি ৰূপণ আৰু ফুলনি বাগিচা কৰি পৰিবেশ সুন্দৰকৈ ৰখা।
■পেলনীয়া সামগ্ৰী,মধ্যাহ্ন ভোজনৰ ৰৈ যোৱা সামগ্ৰী আৰু জাবৰ জোথৰ পেলাবলৈ মুখবন্ধ ডাষ্টবীণৰ ব্যৱস্থা কৰা।
■ মহিলা শিক্ষয়িত্ৰীৰ জৰিয়তে নতুনকৈ গাভৰু হোৱা ছোৱালী বোৰক নিজৰ দেহৰ প্ৰতি লবলগীয়া সাৱধানতা আৰু মাহেকীয়াৰ সময়ত পৰিষ্কাৰ হৈ থকাৰ বিষয়ে অবগত কৰা।
ইয়াৰোপৰি সকলো ছাত্ৰ ছাত্ৰীকে ব্যক্তিগত ভাবে পৰিষ্কাৰ পৰিচ্ছন্নকৈ থকা যেনে সদায় গা পা ধুই পৰিষ্কাৰ কাপোৰ পৰিধান কৰা, বাহিৰৰ পৰা আহি ঘৰ সোমালে ভৰি হাত ধোৱা আদিৰ বিষয়ে শিক্ষক সকলে ছাত্ৰ ছাত্ৰীক সকলক সজাগ আৰু উৎসাহিত কৰা দৰকাৰ।
বিদ্যালয় সমূহত চাফ চিকুণতা আৰু স্বাস্থ্য বিধি পালন কৰাৰ ফলত হোৱা সুফল:----
বিশুদ্ধ পানী আৰু অপৰ্য্যপ্ত পৰিমাণৰ স্বাস্থ্য সন্মত অনাময় ব্যৱস্থা থকাৰ ফলত বিদ্যালয় সমূহত এক স্বাস্থ্যকৰ বাতাবৰণৰ সৃষ্টি হৈছে আৰু ছাত্ৰ ছাত্ৰী সকলে নানাধৰণৰ সংক্ৰামক বেমাৰৰ পৰা মুক্ত হব পাৰিছে। এনে পদক্ষেপক দেশ এখনৰ উন্নতিৰ ক্ষেত্ৰত প্ৰথম আৰু প্ৰধান পদক্ষেপ হিচাবে অভিহিত কৰিব পাৰি।
বিদ্যালয় সমূহত ছাত্ৰ আৰু ছাত্ৰী সকলৰ পৃথক অনাময় পায়খানা আৰু প্ৰস্ৰাবগাৰৰ ব্যৱস্থা কৰাৰ ফলত শ্ৰেণীত প্ৰধানকৈ ছাত্ৰীৰ উপস্থিতি বাঢ়ি আহিছে। আগতে মাহেকীয়া হোৱা ছাত্ৰীসকলে পৃথক প্ৰস্ৰাবগাৰ নথকাত পুৱা ন বজাৰ পৰা আবেলি 3:30 বজালৈ বিদ্যালয়ত উপস্থিত থকাটো যথেষ্ট অসুবিধাৰ কাৰণ আছিল আৰু সেইকেইদিন বিদ্যালয়ত উপস্থিত থকাৰ পৰা বিৰত আছিল ফলত সিহঁতৰ পঢ়া শুনাত যথেষ্ট ব্যাঘাট জন্মিছিল। আনকি কিছুমান পিচপৰা অঞ্চলৰ ছাত্ৰীয়ে লাহে লাহে বিদ্যালয় ত্যাগ কৰাৰো ভালেমান উদাহৰণ আছে।
মধ্যাহ্ন ভোজনৰ আগে পিচে চাবোনেৰে পৰিষ্কাৰকৈ হাত ধোৱাৰ ব্যৱস্থা কৰাৰ ফলত ছাত্ৰ সকল মাৰাত্মক বীজাণুৰ সংক্ৰমণৰ পৰা মুক্ত হোৱাৰ ফলত শ্ৰেণীত উপস্থিতিৰ সংখ্যা বাঢ়ি অহা পৰিলক্ষিত হৈছে।
বিদ্যালয় সমূহত ফিল্টাৰৰ খোৱা পানী ,অনাময়ৰ সুব্যৱস্থা আৰু পৰিষ্কাৰ পৰিবেশৰ ফলতো ছাত্ৰৰ সংখ্যা বৃদ্ধি হৈ পৰীক্ষাত ভাল ফলাফল লাভ কৰা দেখা গৈছে।
2015 চনত সৰ্বশিক্ষা অভিযান অসমে বিদ্যালয় সমূহ স্বচ্ছ কৰি ৰখাত উৎসাহিত কৰিবলৈ স্বচ্ছ বিদ্যালয় পুৰষ্কাৰ দিয়াৰ কথা ঘোষণা কৰে আৰু 2016 চনত কেইবাখনো বিদ্যালয়ে এই স্বচ্ছ বিদ্যালয় পুৰষ্কাৰ পাবলৈ সক্ষম হয়। সৰ্ব শিক্ষা অভিযান অসমে এই স্বচ্ছ বিদ্যালয়ৰ পুৰষ্কাৰ ঘোষণা কৰা দেশৰ ভিতৰতে প্ৰথম ৰাজ্য হিচাবে পৰিগণিত হৈছে।
বিদ্যালয় সমূহৰ স্বচ্ছতা সঠিক ভাবে বজাই ৰাখিবলৈ বিদ্যালয়ৰ প্ৰধান শিক্ষৰ লগতে শিক্ষক কৰ্মচাৰী,বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য সকলে মাজে মাজে বিদ্যালয়ৰ শৌচাগাৰ, প্ৰস্ৰাবগাৰ, শ্ৰেণীকোঠা, ৰান্ধনীঘৰ, পানীৰ টেংকী আদি পৰিদৰ্শন কৰি চাফ চিকুণতাৰ বুজ লোৱা দৰকাৰ। ছাত্ৰ সকলৰ মাজত স্বাস্থ্য সজাগতা বৃদ্ধি কৰিবলৈ বিদ্যালয়ত মাজে মাজে স্বাস্থ্য বিষয়ক আলোচনা চক্ৰ, বক্তৃতা ,ৰচনা , চিত্ৰাঙ্কন প্ৰতিযোগিতা,তৰ্ক , আকস্মিক বক্তৃতা আদি অনুস্থিত কৰি চাফচিকুণতাৰ প্ৰতি উৎসাহিত কৰিব লাগে। এনেদৰে ছাত্ৰ ছাত্ৰী সকলে ঘৰ আৰু বিদ্যালয়ৰ পোৱা স্বচ্ছতাৰ শিক্ষা আৰু বিধি সমূহ নিয়মীত ৰূপে পালন কৰি ভৱিষ্যতে নিজে একোজন স্বাস্থ্যবান সুনাগৰিক হোৱাৰ লগতে এখন নিকা আৰু স্বচ্ছ ভাৰত গঢ়াত অগ্ৰণী ভূমিকা পালন কৰিব পাৰিব।

✍ৰূপলেখা দেৱী(এম এ ; এম এড)
মন্তব্য কৰক