PUBG আৰু বৰ্তমানৰ গেমিং পৃথিৱী - বিকাশ দত্ত
জীয়াবলৈ মাথোঁ এটাই নিয়ম, হয়তো দৌৰক ন'হলে যুঁজক। এখন ছোভিয়েট ইউনিয়নৰ দিনৰ এটা দ্বীপৰ ধ্বংসাৱশেষ, য'ত আছে বহুকেইটা ঘৰ লুট-পাট চলাবলৈ। ঘৰবোৰত ভৰ্ত্তি হৈ আছে বিভিন্ন ধৰণৰ অত্যাধুনিক মাৰনাস্ত্ৰ। আকাশেৰে গৈ আছে বিমান এখন আৰু তাত আছে ১০০ জন মানুহ। তাৰ ভিতৰত আপুনিও এজন। হঠাৎ জুই লাগে আৰু নিমিষতে ধ্বংস হৈ যায় বিমানখন। কিন্তু পিঠিত থকা পেৰাছ্যুট টোৰ জৰিয়তে আটাইকেইজন আৰোহী জঁপিয়াবলৈ সক্ষম হয় বিমানখনৰ পৰা। আৰু এতিয়া মাথোঁ আপুনি বনাম দ্বীপটো। আটাইতকৈ ভয়ানক কথাটো হ'ল আটাইকেইজন আৰোহীয়েই পৰস্পৰে পৰস্পৰক হত্যা কৰিবলৈ উদ্যত। সকলোৰে এটাই লক্ষ্য, অন্তিমজন ব্যক্তি হিচাপে Survive কৰা। সকলোৰে এটাই লক্ষ্য, মই বিজয়ী হ'ম।
আচলতে ওপৰোক্ত কথাখিনিৰ পৰিকল্পনা আৰম্ভ হয় জাপানীজ উপন্যাস Battle Royale ৰ আধাৰত। ১৯৯৯ চনৰ উপন্যসাখন মুক্তিৰ পিছতেও ২০০০ চনত পৰিচালক কিনজি ফুকাছকোৱে নিৰ্মাণ কৰে Battle Royale ছবিখন। বক্স অফিচত সফল হয় ছবিখন আৰু লগে লগে ই মুকলি কৰে ভিডিঅ' গেমৰ নতুন Genre এটাৰ। কাহিনী হিচাপে আছে ৪২ জন যুৱক-যুৱতী, যাক এৰি দিয়া হয় এটা দ্বীপত আৰু ইয়াৰ আকাৰ প্ৰায় ৫০ বৰ্গ কিলোমিটাৰ। জীৱন মৰণৰ যুঁজত লাগি পৰে আটাইকেইজন আৰু তেতিয়া আৰম্ভ হয় হত্যা আৰু তেজৰ এক বুজাব নোৱৰা অধ্যায়। ছবিখনে জাপানত সফল হয় যদিও পশ্চিমত মুক্তিলাভ কৰা নাছিল বহুবছৰ। তথাপিও সমালোচক দৰ্শকে ছবিখনক অভিহিত কৰে ২০০০ চনৰ এখন অন্যতম Cult Classic ৰূপে। লগে লগে দৰ্শকৰ মনত বাহ সাজিব লয়,"মই যদি এনেকুৱা Situatiom এটাত পৰোঁ তেন্তে কেনেকুৱা হ'ব?" এইধৰণৰ মতামতৰ জৰিয়তে বিভিন্ন প্ৰৱন্ধ, ব্ল'গ আদি প্ৰকাশ পাবলৈ লয়। পশ্চিমত ইয়াৰ প্ৰভাৱ বিস্তাৰ তেতিয়ালৈও হোৱা নাছিল। কোনেও এনেকুৱা কাহিনী তথা পটভূমি কৈ নিৰ্মাণ কৰা নাছিল কোনোধৰণৰ ভিডিঅ' গেম। আৰু প্ৰায় ১৫ বছৰৰ অন্তত মুক্তিলাভ কৰে The Hunger Games য়ে। লগে লগে খলকনি উঠে বক্স অফিচত আৰু পুনৰ উজ্জীৱিত হয় Battle Royale ৰ ধ্যান ধৰণা। প্ৰায় একেধৰণৰ কাহিনীৰে নিৰ্মিত The Hunger Games বক্স অফিচত সফল হয়। জেনিফাৰ লৰেঞ্চ, জছ হাটছাৰছন, ৱুডী হেৰেলছন আৰু এলিজাবেথ বেংকছৰ অভিনয় সমৃদ্ধ আৰু গেৰী ৰছৰ পৰিচালনাৰে নিৰ্মিত ছবিখনে দৰ্শকক আকৰ্ষণ কৰে ইয়াৰ কাহিনীয়ে। কাৰণ কাহিনী আৰু চিত্ৰনাট্য তথা পটভূমিৰ প্ৰায়ভাগ সাদৃশ্যতা আছিল Battle Royale ৰ লগত। কিন্তু দৰ্শকে লাভ কৰা নাছিল এনেধৰণৰ কোনো ভিডিঅ' গেম। এইক্ষেত্ৰত কিন্তু এজন ব্যক্তিয়ে দিছিল খুব বিশেষ মনোযোগ। তেওঁৰ নাম ব্ৰেণ্ডন গ্ৰীণ।

ইয়াৰ পিছত ফেব্ৰুৱাৰী ২০১৬ ত গ্ৰীণে যাত্ৰা দক্ষিণ কোৰিয়ালৈ য'ত তেওঁ লাভ কৰে এক ৰোমাঞ্চকৰ তথ্য। Bluehole গেমৰ গেম ডিজাইনাৰ ছাং হান কিমে ইচ্ছা প্ৰকাশ কৰে Battle Royale সদৃশ এক গেম নিৰ্মাণ কৰিব। DAYZ তথা Battle Royale ছবিৰ ফেন কিমে লগ কৰে গ্ৰীণক। লগে লগে গ্ৰীণ হৈ পৰে Bluehole গেমৰ ক্ৰিয়েটিভ ডিৰেক্টৰ। আৰম্ভ হয় গেমৰ কাম। তেওঁলোকৰ লক্ষ্য আছিল এবছৰ ভিতৰতেই গেম ডিজাইন কৰি লাইভ ষ্ট্ৰিমাৰ সকলৰ হাতত তুলি দিয়া। গ্ৰাহকৰ হাতত অতি কম খৰছত তুলি দিয়াৰ লক্ষ্যৰে কিম আৰু গ্ৰীণৰ দলে প্ৰায় সপ্তাহত সাতটা দিন একেধাৰে কাম কৰিবলৈ আৰম্ভ কৰি দিয়ে। Playrer Unknown Battlegraound মুকলি হয় জানুৱাৰী ২০১৭ত আৰু এতিয়ালৈ ইয়াৰ কোনো সলনি হোৱা নাই।

তিনিমাহ পিছত ESL য়ে আয়োজন কৰে এক টুৰ্নামেন্ট য'ত প্ৰায় তিনিশ PUBG খেলুৱৈয়ে অংশগ্ৰহণ কৰে। ইয়াৰ মূলতেই আছিল PUBG ক এক শক্তিশালী অনলাইন গেম হিচাপে প্ৰতিষ্ঠিত কৰাৰ। প্ৰতিদিনেই PUBG য়ে স্পৰ্শ কৰি আছে নতুন নতুন মাইলষ্টোন। PUBG ৰ ষ্ট্ৰিমিং তথা ইয়াৰ জনপ্ৰিয়তা ইয়াতেই অনুমান কৰিব পাৰি যে ফেচবুকে Bluehole গেমৰ সৈতে লাইভ ষ্ট্ৰিমিংৰ চুক্তি ভংগ কৰে। আকৌ চীনত মুকলি হয় PUBG ৰ ম'বাইল সংস্কৰণ। বৰ্তমান এই সংস্কৰণে ভাৰতত লাভ কৰিছে অভুতপূৰ্ব জনপ্ৰিয়তা।
✍বিকাশ দত্ত, হাজো।
মন্তব্য কৰক