Header Ads

যাত্ৰা - জয়া ডেকা



 সৰলা বৰবৰা বিশ্ৰামপুৰ গাৱৰ সকলোৰে পেহী ৷সৰলা পেহীৰ নাতি লাতুমৰ বাহিৰে কোনো নাই ৷একমাত্ৰ জীয়েক-জোৱাইয়েকৰ কাৰ এক্সিডেণ্টত নিহত হয় ৷লাতুম তেতিয়া পাঁচ বছৰীয়া--আইতাকৰ ঘৰত আছিল ---আৰু সেই তেতিয়াৰ পৰাই  সৰলা পেহীৰ আলাসৰ লাৰু লাতুম কণাৰ লাখুটি হ’ল ৷লাতুম বৰ মেধাবী আছিল ৷ আইতাকে তাক  উচ্চ শিক্ষা দিলে ৷ সৰলা পেহী পেহাৰ পেঞ্চনৰ টকা পোৱাৰ উপৰিও খেতি বাতিৰ পৰাও ভালেখিনি উপাৰ্জন হয় যদিও পেহী বৰ চিকতা ৷

বৰ্তমান লাতুম চহৰত থাকে ৷পেহীৰ গাৱঁৰ পৰা দিনটোৰ বাট ৷ লাতুমৰ আচল নাম লাতুমণি  বৰা ৷আইতাকে মৰমতে তাক লাতুম বুলি মাতে ৷ লাতুমৰ বিবাহ হোৱা এবছৰ হ’ল ৷আইতাকক লগতে ৰখাৰ বৰ ইচ্ছা লাতুমৰ ৷কিন্তু আইতাকে নিজৰ ঘৰখন এৰি নাযায় ৷সদায় লাতুমে মাতি থকা বাবে আজি সৰলা পেহী দুদিনমান থকাকৈ লাতুমৰ ঘৰলৈ যাবলৈ ওলাল ৷
ৰাতিপুৱা ছয় বজাত সৰলা পেহী বাছষ্টেণ্ডত উপস্থিত হ’ল ৷মোক দেখা পাই পেহীয়ে ভালেই পালে ৷মোক উদ্দেশ্য কৰি পেহীয়ে কলে ---খগেন তয়ো কৰবালৈ যাৱ হবলা ৷ময়ো নাতিৰ ওচৰলৈ যাওঁ ৷ভালে হ’ল দে একেলগে যাব পাৰিম ৷আমি গৈ আছো ---কণ্ডাক্টৰে ভাড়া ললে ৷ মই তেতিয়ালৈকে কোৱা নাছিলোঁ বাছখন মোৰ নিজৰ বুলি ৷ যেতিয়া পেহী গন্তব্য স্থানত নামি মোক কলে খগেন তই ক’ত যাবি তেতিয়া মই কলো---পেহী এইখন মোৰে বাছ --মই- আকৌ  এইখন  বাছতে উভতি   যাম  --তেতিয়া  পেহী এনেকৈ চালে ---চাৱনাতে গম পাই--আগতে জনা হলে চাগে পেহীয়ে ভাড়া নিদিলে হেতেন ৷মোৰো মইটো বৰ বেয়া লাগিল পেহীৰ পৰা গাড়ীভাড়া লৈ ৷মোৰ নিজকে স্বাৰ্থপৰ যেন লাগিল ৷ পেহীয়ে নিজকে কোৱা দি কলে--ছেহ "আগতে জনাহলে মোৰ
  সাচতীয়া - টকা-  কেইটা নগলহেতেন ৷"

✍জয়া ডেকা

No comments

Powered by Blogger.