Header Ads

পাগল - যিশু গগৈ।



ৰাস্তাটোৰ সিপাৰে এজোপা দেওলগা গছ।
এটা ধুনীয়া আবেলিত তাক মৰম দিছিল কোনোবাই
তেতিয়াৰ পৰা ঠাইডোখৰ সি এৰি যোৱা নাই  ;

কোমল ৰাতিপুৱাতো,জোনাকৰ নিশাটো,
বিষন্নতাৰ আবেলিতো,
আকাশৰ খঙাল ৰাতিৰ গৰ্জনিকো আওকান কৰি বহি থাকে সি ।

কোনোবাই দিয়ে ,কাৰোবাৰ পৰা থপিয়াই;
কেতিয়াবা খালি পেটেও টোপনিত মোৰ দুপিয়াই।
ওচৰৰ দোকানবোৰৰ পৰা সি খুজিহে খায়।

হঠাৎতে চিঞৰে, মাজে মাজে হাঁহে ,
কাৰোবাক মনত পেলাই  উঁচুপি কান্দে।

অচিন মানুহক আপোন বুলি খেদি যায়।
ভাগৰত দীঘল চুলিবোৰ আজুৰি গছৰ তলতে বহি যায়।

তাৰ কাহিনীবোৰ কয় মানুহক,
মানুহে নুবুজে !যীচু
ভ্ৰম বকে বুলি কয় !

বহুতে কয়;সি পাগল ,
এদিন মৰি থাকিব।

এদিন তাৰ নামটো সুধিলো ; সি নকলে ।
সকলোৱে ধৰি -বান্ধি তাৰ চুলিটাৰি কাটি দিলে।গা-টো ধুৱাই দিলে।
তাক দেখিলে ধৰিব পাৰি সি আগতকৈ আৰাম পাইছে ।।

তাৰ সো-হাতত এটা টাটো আছে।
লিখা আছে "নিলাঞ্জনা"।
মাজে মাজে সি নামটোলৈ চাই কান্দি থাকে।কেতিয়াবা হাঁহেও।

দেওলগা গছজোপা কাটি পেলোৱা হল।
তাৰ নতুন ঠিকনা"স্নেহালয়"।
সি তাত লগ দুটা মানো পাইছে।
আগৰ দৰে সি হেনো নিচিঞৰে ।

বহুতে কয় সি পাগল।
কিছুমানে কয় সি হেনো প্ৰেমিক।
কিন্তু সি কয়;নিলাঞ্জনাই তাক নীল বুলি মাতিছিল।।

যিশু গগৈ।
কাছগড়াল,যোৰহাট।

No comments

Powered by Blogger.