Header Ads

গোলাপ ফুলৰ পাপৰিৰ চাহ (Dry Rose Petal Tea) - ৰোহন চাহুৰ পাকঘৰৰ মজিয়াত




উপকৰণ: (দুজনৰ বাবে)

১. গোলাপ - ৫,৬ পাহ(ৰঙা গোলাপ)
২. তুলসী পাত - ২,৩খিলা
৩. মৌ - ১ চামোচ
৪. নেমু ৰস - আধা চামোচ
৫. পানী - ২ কাপ
৬. লং-ইলাছী-দালচিনী - ১ টুকুৰা কৈ

প্ৰনালী:
প্ৰথমতে চচপেন এটাত পানী গৰম কৰি ল'ব। এতিয়া ৫ পাহ গোলাপৰ পাপৰি (অলপ ৰ'দত শুকুৱাই ল'ব) আৰু তুলসী পানী খিনিত দি উতলাই ল'ব। উতলাই থাকোঁতে দেখিব যে পানী ৰঙ সলনি হৈছে তেতিয়া তাত মৌ আৰু লং-ইলাছী-দালচিনী দি দিব। ১ মিনিট মান উতলোৱাৰ পিছত নেমুৰস দি ৩০ ছেকেণ্ড পিছত গৰমে গৰমে কাপত চেকি পৰিবেশন কৰক আৰু আনন্দ লওঁক।

(পাৰিলে ৰাতিপুৱা খালি পেটে খাব কাৰণ এই চাহ কাপ স্বাস্থ্যৰ বাবে বহুত লাভদায়ক)

প্ৰস্তুতি
ৰোহন চাহু

No comments

Powered by Blogger.