আম-আদাৰ চাটনিৰ জুতি আৰু কিছু জানিবলগীয়া কথা - ৰোহন চাহুৰ পাকঘৰৰ মজিয়াত
আম আদাৰ কথা হয়টো বহুতে নাজানে আৰু বহুতে চাগে গম পাইয়ে। আম আদা হালধি গছৰ নিচিনা য়ে দেখাত। ইয়াৰ সোৱাদ আমি খোৱা আদাৰ নিচিনায়ে কিন্তু অলপ টেষ্ট টো আমৰ নিচিনা।আম_আদা বিশেষ কৈ আচাৰ বনুৱাত ব্যৱহাৰ কৰা হয়।আৰু উত্তৰ ভাৰতত আৰু দক্ষিণ ভাৰতত ইয়াৰ চাটনি বেছিকৈ খোৱা হয়। স্বাস্থ্যৰ বাবে বহুত উপযোগী। বিশেষকৈ কাঁহ,গা বিষ,উফি নোহোৱা কৰে।
এতিয়া আহো মোৰ ৰেচিপি তোলে..... মই আম আদাৰ কথা এবছৰৰ আগতে শুনিছিলো আৰু কালি ঘৰতে এই আম আদা পাই গলো।ৰাতিপুৱা উঠিয়ে মা লগত বাৰিলৈ গৈছিলো মাক কলো আজি দুপৰীয়া ভাত সাজৰ লগত ইয়াৰ চাটনি অলপ খাব পাৰি বুলি।এনেও চাটনি অকনমান পালে ভাত দুগৰাহ বেছিকৈ এ যায়। নে কি কয়??
সহজতে বনাব পৰা আম আদাৰ চাটনি:
উপকৰণ:
১. আম আদা - ২ ডুখৰ
২. নহৰু - ৮ ফুটা
৩. নিমখ -- ১ চামুচ
৪. কেঁচা জলকীয়া -- ৪ টা মান
৫. মিঠতেল – ২ চামুচ
প্ৰণালী:
প্ৰথমতে আম আদা খিনি ধুই বাকলি চুচি লব । তাৰ পিছত মিক্সীৰ জাৰ টোত আম আদা,নহৰু, নিমখ, কেঁচা জলকীয়া , মিঠাতেল সকলোবোৰ একেলগে পিছি লব।সকলোখিনি ভালকৈ মিহলি হৈ মিহি হ’লে পাত্ৰ এটাত উলিয়াই ৰাখক৷আৰু ভাতৰ লগত পৰিবেশন কৰক৷
প্ৰস্তুতি
ৰোহন চাহু
মন্তব্য কৰক