তুমি হেনো এতিয়া তৰাৰ দেশৰ আলহী- নীলা খামৰ চিঠি- উপাসনা গগৈ
মৰমৰ নীলাভ
মৰম ল'বা। ভালে আছানে তুমি? ঈশ্বৰৰ কৃপাত মোৰ ভালেই। তোমাক নেদেখাৰ আজি এবছৰেই হ' ল। জানো, তুমি আজি মোৰ পৰা বহু আঁতৰত। তথাপি মনটোক যে নোৱাৰি বুজাব। কিয় মনে তোমাক বিচাৰি ফুৰে অহৰহ! কিয় মন উৰি যায় বাৰে বাৰে তোমাৰ কাষলৈ! কিয় এই অন্তহীন অপেক্ষা!
তোমাৰ বাৰু হাচনাহানাৰ সুবাস সনা সেই সন্ধিয়াটিৰ কথা মনত আছেনে? আজীৱন মোৰই হৈ ৰ'বা বুলি কথা দিয়া সেই সন্ধিয়াটি। আমি যে জোনাকী পৰুৱাৰ কথা পাতিছিলোঁ। তোমাক কোনোবা সাধুকথাৰ সপোন কোঁৱৰৰ দৰে লাগিছিল জানা। শুকুলা ঘোঁৰাত উঠি তৰাৰ দেশৰ পৰা কেৱল মোৰ বাবেই নামি অহা মোৰ সপোনৰ ৰাজকুমাৰ। দুচকুৰ আলাপেৰেই বহু কথা কৈ গৈছিলা তুমি। এইবোৰ যে সৌ সিদিনাৰ কথা যেনেই লাগে। বাহিৰৰ উন্মনা বতাহজাকে বহু কথাই সোঁৱৰাই গৈছে আজি। দুচকুৰ আগেদি অগাদেৱা কৰিছে ফাগুনৰ উৰুঙা পথাৰৰ ৰঙচুৱা সপোনবোৰ। নৈপৰীয়া আবেলিবোৰ ৰিঙিয়াই মাতিছে।
ঘৰত মোৰ বিয়াৰ কথা চলিছে। সকলোৱে কয় তুমি ঘূৰি নাহা কাহানিও। তুমি হেনো এতিয়া তৰাৰ দেশৰ আলহী। মই জানো তুমি ঘূৰি আহিবা নীলাভ। এইবাৰ পলাশ ফুলাৰ বতৰত আকৌ প্ৰাণ ভৰি শুনিম ফাগুনৰ গান।
শীতৰ কুঁৱলীসনা সেই বিশেষ দিনটোত তুমি মোক এটা সপোন উপহাৰ দিছিলা। তুমি আৰু মই একেলগে ঘৰ সঁজাৰ কথা আছিল। মই যে আজিও সেই সপোনটোকে সাৱটি জীয়াই আছোঁ। দিনৰ পাছত দিন, ৰাতিৰ পাছত ৰাতি। আশাৰে বাট চাই ৰ'ম শেষ দিনলৈ।
নিশা দুপৰ হ'ল। দূৰৰ মিচিং গাঁৱৰ পৰা ভাঁহি আহিছে তোমাৰ প্ৰিয় ঐনিতমৰ সুৰ। বাহিৰত আন্ধাৰ ফালি জিলিকি ৰৈছে এটি-দুটি কেইবাটিও জোনাকী। আজিলৈ সামৰিছোঁ নীলাভ। য'তেই আছা মনৰ জোখাৰে সুখী হোৱা তুমি। অপেক্ষাৰে,
সীমনাত,
তোমাৰেই নিশি।
✍ উপাসনা গগৈ
স্নাতকোত্তৰ তৃতীয় ষাণ্মাসিক
গণিত বিভাগ
ডিব্ৰুগড় বিশ্ববিদ্যালয়
মন্তব্য কৰক