Header Ads

গনেশ চতুৰ্থী; এটি আলোকপাত - মধুলেখা শৰ্মা



ছত্রপতি শিৱাজীৰ দিনৰ পৰাই মহাৰাষ্ট্ৰকে প্ৰমুখ্য কৰি সকলোতে গনেশ চতুৰ্থী পালন কৰা হয়..গনেশ হৈছে দেৱী পাৰ্বতী আৰু শিৱৰ সৰু পুত্র..পৌৰাণিক কাহিনী অনুসৰি এদিন শিৱ চিকাৰলৈ গৈছিল.ঘৰত কোনো নাছিল.পাৰ্বতীৰ গা ধোৱাৰ সময় হ'ল.ৰখীয়া হিচাপে খৰধৰকৈ তেওঁ চন্দন কাঠৰ গুৰি আৰু মাটি মিহলাই এজন ল'ৰাৰ আকৃতি দি প্ৰাণ প্ৰতিস্হা কৰিলে..আৰু তেওঁ লৰা জনক ক'লে যে কোনো যাতে তেওঁ গা ধোৱাৰ সময়ত ঘৰত প্ৰবেশ কৰিব নোৱাৰে..কথা মতেই কাম.শিৱ আহিল.ল'ৰাজনৰ লগত তেওঁৰ তুমুল কাজিয়া হ'ল.খঙৰ ভমকত শিৱই ল'ৰা জনৰ শিৰচ্ছেদ কৰিলে...পাৰ্বতী আহি দেখিলত ৰণচণ্ডী মূৰ্তি ধাৰণ কৰাত শিৱই উত্তৰ দিশত প্ৰথমে যাৰ মূৰ পাই তাৰ মূৰ কাটি আনিবলৈ মানুহক নিৰ্দেশ দিলে..উত্তৰ দিশত চৰি আছিল মাকৰ নিলগত এটি ঐৰাৱত (বগা হাতী) পোৱালী..তাৰেই মূৰ কাটি অনা ল'ৰাজনৰ মূৰত লগাই দিয়াত পাৰ্বতীৰ খং দুগুনে চৰিল..পাৰ্বতীক শান্ত কৰিবলৈ শিৱ আৰু আন দেৱতা সকলে ল'ৰাজনৰ পূজা সকলোৱে আগত কৰিব অৰ্থাত তেওঁ আদি পূজ্য দেৱতা হব বুলি কথা দিলে..তেওঁ হব বাধা বিঘিনি দূৰ কৰোতা,ত্রাণকৰ্তা,কৰ্মপ্ৰেৰণা দিওঁতা আৰু সুখ-শান্তিৰ দেৱতা...গনেশ,বিনায়ক,গণনাথ,গৌৰীনন্দন,একদন্ত,গজাননা আদি এশ আঁঠটা নামেৰে তেওঁ চিৰ পূজ্য দেৱতা...সকলো মাঙ্গলিক অনুষ্ঠানত গনেশক প্ৰথম আৰাধনা কৰা হয়..গনেশ পূজা দহ দিনলৈকে পালন কৰা হয়...প্ৰথম দিনা মাটিৰ মূৰ্তি সাজি তেওঁক আৰাধনা কৰা হয়.পাছদিনা মূৰ্তি অনা হয়.ভজন,কীৰ্তন,আৰতি,নৈবদ্যৰে তেওঁক সাধ্য অনুসৰি আৰাধনা কৰা হয় আৰু দহ দিনৰ দিনা বিসৰ্জন দিয়া হয়.

✍মধুলেখা শৰ্মা
ৰিফাইনাৰী পাৰা
ডিগবৈ

No comments

Powered by Blogger.