পাকঘৰৰ মজিয়াত Potato-Toffee ☙ ❧ আলুৰ টফি স্নেক্স ☙ ❧ ৰোহন চাহু
উপকৰণ:৫ জনৰ বাবে
(টফি আকৃতি দিবলৈ)
১. মইদা -- ১ কাপ
২. ৰিফাইন তেল -- ২ চামুচ
৩. আজুৱাইন -- ১/২ চামুচ
৪. নিমখ -- ১/২ চামুচ
৫. পানী -- জুখমতে ( মঠিবলৈ)
৬. মাৰ্কিন কাপোৰ -- (১/২ মিটাৰ মান)
প্ৰণালী: চৰীয়া এটাত মইদা একাপ দি লগতে আজুৱাইন,নিমখ আৰু ৰিফাইন তেল দি মঠিব।ভালকৈ মিহলি হোৱাৰ পাছত তাত অলপ অলপ কে পানী দি মঠিব। মই ঠাণ্ডা পানী দিছো।ভালকৈ মঠিব যাতে মইদাৰ মিশ্ৰণ খিনি একদম টানও নহয়
একদম ঢিলা ও নহয়। মঠা খিনি কোমল হোৱা যেন অনুভৱ হলে কাপোৰ এখনেৰে ভালকৈ ১০ মিনিট মান ঢাকি ৰাখিব।
সেই ১০ মিনিট ৰ ভিতৰতে Potato Bite (toffee টোৰ ভিতৰত ভৰুৱা সামগ্ৰী খিনি) তৈয়াৰ কৰি লব।
উপকৰণ:
১. ৰিফাইন তেল -- ৩ চামুচ
২. কেঁচা জলকীয়া -- ১ টা (মিহিকৈ কাটি লব)
৩. গৰম মচলা -- ১/২ চামুচ
৪. গুৰি জলকীয়া -- ১/২ চামুচ
৫. চাত মচলা -- ১/২ চামুচ
৬. নিমখ -- ১/২ চামুচ
৭. বেচন -- ৩ চামুচ
৮. আলু -- ২ টা ( বইল কৰি লব)
৯. ধনিয়া পাত -- ১ মুঠা
প্ৰণালী:
এখন নন ষ্টিক কেৰাহী লৈ জুইত বহোৱাই ৰিফাইন তেল ৩ চামুচ দি গৰম হবলৈ এৰি দিব।তেল খিনি গৰম হয় অহাত গেছৰ ফ্লেম কমাই তাত কেঁচা জলকীয়া,নিমখ,গৰম মচলা,জলকীয়া গুৰি, চাত মচলা দি ভালকৈ ভাজিব।১ মিনিট মান ভজাৰ পিছত বেচন ৩ চামুচ দি ভালকৈ লৰাই দিব।২--৩ মিনিট মানৰ পাচত তাত বইল কৰি থোৱা আলু খিনি দি লগতে ধনীয়া পাত খিনি দি ভালকৈ ৪ মিনিট মান সময় ভাজি লব।আলু খিনিৰ লগত মিশ্ৰণ খিনি ধুনিয়াকে মিহলি হোৱাৰ পাছত গেছ অফ কৰি দিব।এতিয়া ঢাকি থোৱা মইদা খিনিৰ পৰা কাপোৰ খন আঁতৰাই সৰু সৰু কে লাৰু বনাই লব। ফটোত দেখুওৱা নিচিনা কৈ । আৰু ফটোত দেখুওৱা দৰে বেলি লব অলপ দীঘলীয়া কে (roll the dough in oblong shape) । বেলাৰ পিছত কটাৰী এখনেৰে মাজত , সোঁফালে আৰু বাওঁফালে কাটি লব (make some slices in the centre)। ফটোত দেখুওৱা দৰে। এনেকৈ বাকী কিটা ও কৰি লব।এতিয়া তৈয়াৰ কৰি থোৱা potato bite খিনি সৰু সৰু কৈ ভাগ কৰি বেলি লোৱা মইদা খিনিৰ সোঁ মাজত দি Toffee আকৃতিত বনাই লব( place a little bit of filling in the centre. Seal the edges and pinch the top and the bottom)। এনেকৈয়ে সকলোবোৰ তৈয়াৰ কৰি লব।(ফটোত দেখুওৱা ধৰণে)।তৈয়াৰ কৰি লোৱা খিনি ভাজিবলৈ ৰিফাইন তেল ২৫০ গ্ৰাম মান এখন নন ষ্টিক কেৰাহিত তৈয়াৰ কৰি লোৱা খিনি ভাজিবলৈ ৰিফাইন তেল ২৫০ গ্ৰাম মান লৈ এখন নন ষ্টিক কেৰাহিত দি গৰম হবলৈ এৰি দিব।তেল গৰম হৈ অহাত toffee shape খিনি এটা এটা কৈ দি দিব আৰু কম জুইত ভাজিব।অলপ ৰঙচোৱা হলে সকলোবোৰ উলিয়াই দিব ।উলিওৱাৰ পিছত ওপৰত ধনীয়া পাত, চাত মচলা ছটিয়াই আৰু Tomoto চচ" ৰ লগত পৰিবেশন কৰক আৰু ঠাণ্ডাত চাহৰ লগত আমেজ লওঁক।
প্ৰস্তুতি
ৰোহন চাহু
মন্তব্য কৰক