হালধীয়া চৰায়ে বাওধান খায়-ৰ অন্যতম স্ৰষ্টা প্ৰথিতযশা কথাশিল্পী তথা জনমুখী সাংবাদিক হোমেন বৰগোহাঞি ┢ ╈ ┪ কৰবী মহন্ত কলিতা
কথাশিল্পী, প্ৰথিতযশা কবি, গল্পকাৰ , ঔপন্যাসিক, প্ৰবন্ধকাৰ, আত্মজীৱনীকাৰ, শিশু সাহিত্যক, জনমুখী সাংবাদিক , নিবন্ধকাৰ হোমেন বৰগোহাঞিৰ অসমীয়া ভাষা-সাহিত্য, সাংস্কৃতিক, সাংবাদিকতাৰ জগতখনত বলিষ্ঠ আসন আছে। লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, পাৰ্বতী প্ৰসাদ বৰুৱা আদিয়ে নিৰ্মাণ কৰা অসমীয়া সাহিত্য- সংস্কৃতিৰ সৌধটোক চিন্তা বা যুক্তিৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁ অন্যতম।
অবিভক্ত লক্ষীমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ বালিগাঁৱত ১৯৩২চনৰ ৭ ডিচেম্বৰ তাৰিখে হোমেন বৰগোহাঞিৰ জন্ম হয়। তেওঁৰ পিতৃ ইন্দ্ৰধৰ বৰগোহাঞি আৰু মাতৃ আইতা বৰগোহাঞি। ১৯৫০ চনত ডিব্ৰুগড় চৰকাৰী বিদ্যালয়ৰ পৰা প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন মহাবিদ্যালয়ত নামভৰ্তি কৰে। কটন মহাবিদ্যালয়ৰ পৰা তেওঁ ইংৰাজী বিষয়ত অনাৰ্ছসহ স্নাতক হয়। ১৯৫৫ চনত তেওঁ উপ- প্ৰতি সমহৰ্তা হিচাপে চৰকাৰী চাকৰিত যোগদান কৰে। কিন্তু স্বাধীনচিতীয়া বৰগোহাঞিদেৱে চৰকাৰী চাকৰি ইস্তাফা দি সাংবাদিকতাৰ লগত জড়িত হৈ পৰে। তেওঁৰ দ্বাৰা
সম্পাদিত বাতৰিকাকত, আলোচনী:
সম্পাদিত বাতৰিকাকত, আলোচনী:
আমাৰ অসম
অসমবাণী
নীলাচল
সূত্ৰধাৰ
নাগৰিক
সাতসৰী
সাহিত্যিক অৱদান:
কবিতাপুথি: হৈমন্তী
গল্পপুথি: বিভিন্ন কোৰাচ, প্ৰেম আৰু মৃত্যুৰ কাৰণে, স্বপ্ন, স্মৃতি, বিষাদ, গল্প আৰু নক্সা, অস্তিত্বৰ জ্যোতিৰ্ময় চেতনা ইত্যাদি।
উপন্যাস: সুবালা, কুশীলৱ, হালধীয়া চৰায়ে বাওধান খায়, নিসঙ্গতা, বিষণ্ণতা, এদিনৰ ডায়েৰী, পিতা- পুত্ৰ, মৎস্যগন্ধা, পত্নী নিৰুপমা বৰগোহাঞিৰ সৈতে যুটীয়াভাৱে লিখা পুৱাৰ পূৰবী নিশাৰ বিভাস্কৰ, তান্ত্ৰিক, অস্তৰাগ ইত্যাদি।
অনুবাদ: মোৰ প্ৰিয় পাঁচটা জাৰ্মান গল্প।
প্ৰবন্ধ পুথি: প্ৰজ্ঞাৰ সাধনা, গদ্যৰ সাধনা, পাঠকৰ টোকাবহী, উচ্চাকাংক্ষা, আশীৰ দশকৰ দস্তাবেজ, বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি, মানুহ হোৱাৰ গৌৰৱ, শৰীৰ আৰু হৃদয়, সাৰাংশ, জিজ্ঞাসা ইত্যাদি।
শিশু আৰু কিশোৰৰ বাবে: কিতাপ পঢ়াৰ আনন্দ, আধুনিক যুগৰ জন্ম কাহিনী, অ আ ক খ, প্ৰতিভাৰ সংজ্ঞা বিচৰা মানুহজন, চক্ৰেটিছ, লুই পেষ্টিঅ'ৰ, বেঞ্জামিন, ফ্ৰেঙ্কলিন ইত্যাদি।
আত্মজীৱনী: আত্মানুসন্ধান, মোৰ সাংবাদিক জীৱন, ধুমুহা আৰু ৰামধেনু( প্ৰথম আৰু দ্বিতীয় খণ্ড), মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ।
হোমেন বৰগোহাঞিয়ে অসম সাহিত্য সভাৰ সভাপতিৰ পদো অলংকৃত কৰিছিল। তেওঁ অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত হৈছে থাকোতে অসমীয়া ভাষাৰ বিশ্বকোষ প্ৰণয়নৰ অভিলাষী আচনি গ্ৰহণ কৰিছিল।
সামাজিক দায়বদ্ধতাৰে এইজনা সাহিত্যিকে কেইবাটাও বঁটা আৰু সন্মান লাভ কৰিছে:
পিতা- পুত্ৰ উপন্যাসৰ বাবে (অসম প্ৰকাশন পৰিষদ বঁটা)
অসম উপত্যকা বঁটা
"হৰনাথ ঘোষ" বঁটা
২০০২চনত উৎকৃষ্ট সাংবাদিকতাৰ বাবে "জয়কৃষ্ণ ৰামদয়াল সমন্বয় বঁটা"।
অসমীয়া সাহিত্য- সংস্কৃতি, সাংবাদিকতাৰ জগতখনত হোমেন বৰগোহাঞিৰ অৱদান অনস্বীকাৰ্য্য।
༺ ༻
কৰবী মহন্ত কলিতা
দিপলাং, লহকৰপাৰা
দিপলাং, লহকৰপাৰা
মন্তব্য কৰক