জীৱনৰ ৰং ⌗ শাশ্বতী লস্কৰ
পুৱাৰ ৰ'দৰ প্ৰথম পোহৰকন আহি মুখত পৰাত তাই খপজপকৈ উঠি বহি দিলে।তাইৰ গাতে গা লগাই ভায়েকটো নিচিন্তমনে শুই আছে। তাৰ মুখখন দেখি তাইৰ কিবা এটা মৰম লাগি গল। যোৱাতো ৰাতি তাই নুশুলে বুলিবই পাৰি এইয়া অৱশ্য একো নতুন কথা নহয় তাইৰ কাৰণে। ৰাতি বৰষুণ অহা মানেই তাইৰ টোপনি ক্ষতি।তিৰপাল এখনেনো কত সেইজাক বৰষুণক বাধা দিব পাৰে।তাই ভায়েকৰ গাত বিছনাকাপোৰখন ভালকৈ দি দিলে...বৰষুণৰ বোকাৰ পানী আহি তাইৰ ভৰি পথান পাইছেহি।তাই লাহেকৈ তিৰপালৰ চালিখনৰ তলৰ পৰা ওলাই আহিল।বাঁহৰ কামী এডাল লৈ বোকাপানীখিনি বাগৰি যাব পৰাকৈ লোৰ এটা খান্দি দিলে।
:কি ৰে মিনি তই কি ইমান সকালে উঠি গলি??
সবিতা মাসীৰ মাতটো শুনি তাই উভতি চালে।
:হা ৰে মাসী।মই চাৰিআলি দিগে যাওঁ তুমি ধন উঠিলে অলপ চাবা।সি আজিকালি বহুত মস্তি কৰে।
সবিতা মাসী তাইৰ নিজৰ মাসী নহয়। কিন্ত, তেওঁতকৈ নিজৰ আৰু এই দুনীয়াত তাইৰ কোনো নাই। সবিতা মাসী মাকৰ চেহেলি আছিল...মাক নোহোৱা হোৱাৰ পৰাই মাসীয়ে সিহঁতৰ খেয়াল ৰাখে।নিজৰ বাবাক দেখাৰ তাই মনতে নপৰে...চন্দুচাঁচা হতে কোৱা শুনে বহুত তাকত থকা মানুহ আছিল তাইৰ বাবা,বস্তিৰ চবে ভয় কৰি চলিছিল ।এদিন হঠাৎ মানুহটো নোহোৱা হৈ থাকিল...সেই যে নোহোৱা হল আজিলৈকে আৰু তাইৰ বাবাক উভতি নাহিল।বাবাক আহিব বুলি ৰৈ ৰৈ সৌ সিদিনখন মাক জনীও সাধাৰণ জ্বৰ এটাতে মৰি থাকিল।মাকৰ শুকান ওঁঠযোৰ ঘোলা চকুহালে সেইদিনা প্ৰথম তাইক মৃত্যুৰ যন্ত্ৰণাখিনিৰ লগত চিনাকি কৰি দিছিল।
বস্তিৰ মানুহবোৰ লাহে লাহে সাৰ পাই উঠিছে....সাত বজাৰ ট্ৰেইনখনো অহাৰ সময় হৈছে।এনে এই সময়লৈ কোনো উঠিবলৈ নাথাকে বস্তিত ,আগৰাতিৰ বৰষুণৰ বাবেই সকলোৰে উঠা পলম হৈছে।তাই লাহে লাহে ষ্টেচনটো পাৰ হৈ চাৰিআলিটোৰ ফালে খোজ ললে........পুৱাৰ বাছৰ বাবে কিছু মানুহ গোট খাইছে চাৰি আলিটোত ।তাইক দেখিয়েই মানুহবোৰৰ মুখবোৰ কিবা বিতৃষ্ণাত কোচ খাই আহিল।গাড়ীৰ ড্ৰাইভাৰ দুটামানে তাইক দেখি ফিচিঙা ফিছিং কৰিবলৈ ধৰিলে।সিহঁতৰ চকু তাইৰ দেহৰ কোন দুখৰত তাই নজনা নহয়।টাপলি মাৰি ৰখা চোলাটোৱে তাইৰ বাঢ়ি অহা দেহ তোক ঢাকি ৰাখিব পৰা নাই।খঙতে থুই এসোপা দূৰলৈ মাৰি পঠিয়ালে।এইসব কথাত বেছি মাথা ঘমাই থাকিবলৈ তাইৰ সময় নাই।তাই ৰাস্তাৰ কাষলৈ চাপি গৈ বাঁহৰ ডাষ্টবিনটোত হাত খন ভৰাই খেপিয়াবলৈ ধৰিলে।হৰেন দোকানীয়ে ৰাতি নিগনিয়ে খোৱা বিস্কুট কেকৰ পেকেট বোৰ কেতিয়াবা ইয়াতে পেলায়।তাইৰ যদি অহা বেছি দেৰি হোৱা নাই আৰু ভোলাবাবাৰ আশীষ থাকিলে পাই যাবও পাৰে কিবা এটা।তাইৰ হাতখন কিবা পিলাচটিকৰ পেকেট এটা লাগিল। উলিয়াই আনি চালে বিস্কুটৰ পেকেট এটা।পেকেটটোত আধাতকৈও কম বিস্কুট আছে ।অবশ্য,একেবাৰে ব্যৱহাৰৰ উপযোগী নহলেহে হৰেন দোকানীয়ে ইয়াত কিবা পেলাই।সি যি কনজুছ পাৰিলে নিগনিৰ মুখৰ পৰাও উলিয়াই খাব।বিস্কুটকেইটা দেখা পাই তাইৰ এদিনৰ লঘুনীয়া পেটটোয়ে পাক মাৰি ধৰিলে।ভোকটো যেন ক্ৰমাত উজাই আহিল।পেকেটতো ফালি বিস্কুট এখন মুখত দিব লওঁতেই ভায়েকৰ মুখখন চকুৰ আগত বাঢ়ি উঠিল সি চাগে সাৰ পাই তাইক বিচাৰিছে।পেকেটটো লাহেকৈ হাতৰ চেপত সুমুৱাই তাই ঘৰৰ ফালে খোজ দিলে ক্ৰমাৎ তাইৰ খোজবোৰ খৰ হৈ আহিল।সমাপ্ত।
শাশ্বতী লস্কৰ
মন্তব্য কৰক