নিথৰ আৰু বাস্তৱ ❢ কল্যাণী দত্তৰ পৰশত ❢ অণুগল্প
(১) নিথৰ
"উঃ ৰক্ষা ! আজি তিনি মাহৰ মূৰত যেনে তেনে হাজিৰাৰ টকা পাঁচ হাজাৰ পালোঁ । এই ঠিকাদাৰ বোৰে তলৰ খাপৰ মানুহ বোৰৰো যে পেটটো আছে ভাৱিয়ে নাচাই । আজি বহুত দিনৰ মূৰত মাৰ প্ৰেচাৰৰ ঔষধ কেইটা আনিব পাৰিলো । এইকেইদিন মাৰ অসুখটো বাঢ়িছে । আজি মাছ অকণমানো আনিব পাৰিলোঁ!!" - কথাবোৰ ভাৱি ভাৱি কোন তলকতনো ঘৰৰ ওচৰ পালেহি ৰমেনে ধৰিবই নোৱাৰিলে । কিন্তু এইয়া কি? চোতালত ইমান মানুহ যে !!আৰু বগা কাপোৰৰ তলত সৌৱা কোন !! সি আৰু থিৰেৰে থাকিব নোৱাৰিলে ।হাতৰ মোনাটো ঠাইতে সৰি পৰিল !
(২)বাস্তৱ
আজি পূৱালীৰ মন থৌকি-বাথৌ । হ'বৰ কথাই দিয়াচোন । কিমান যে ভাগ্যৱতী তাই !চহৰৰ নামজ্বলা ব্যৱসায়ীৰ একমাত্ৰ পুত্ৰৰ সৈতে কালি অতি ধুম ধামেৰে বিয়া হৈ আজি তাই তিনি মহলীয়া অট্টালিকাৰ ৰাজৰাণী । নিজকে তাইৰ কোনোবা সাধুকথাৰ পৰী যেন লাগিছে । অৱশ্যে নিজৰ বিধৱা মাক আৰু দুৰ্ঘটনাত দুয়োখন ভৰি হেৰুৱাই অকালতে পঙ্গু হোৱা ভায়েক বিকাশলৈও খুউব মনত পৰিছে । সিহঁতে বা এতিয়া কি কৰিছে !! :"বাইদেউ আহক, ডিনাৰ ৰেডি "--বনকৰা ছোৱালী মীনাৰ মাতত উঠি আহিবলৈ লওঁতেই পানীৰ টোপাল এটা মূৰত পৰি পূৱালী খক-মক কৈ সাৰ পাই বহিল । অহ সপোন হে !!
আজিও মেঘে উন্দোলাই আহিছে । উৰুখা পঁজাটিয়ে আৰু ভৰ সহিব নোৱাৰা হৈ আহিছে । তাইৰ হাতলৈ মুখলৈ গভীৰ আস্থাৰে চাই থকা মাক আৰু ভায়েকৰ মুখত এধানিমান হাঁহি বিৰিঙাব পৰা হ'লে!!!!!
☞ কল্যাণী দত্ত
মন্তব্য কৰক