নাই বিস্ময়জগতৰ স্ৰষ্টা ষ্টেন লী ✍ বিকাশদত্ত
মাৰ্চ ১, ১৯৪০। দুবছৰ আগতে DC কমিক্সৰ দ্বাৰা নিৰ্মাণ হোৱা জেৰী ছিগল আৰু জ' ছাষ্টাৰৰ ছুপাৰমেন আৰু বব কেনৰ বেটমেনে ইতিমধ্যে সূচনা কৰে ছুপাৰহিৰো জগতৰ এক নতুন যুগৰ। লগে লগে এটলাছ কমিক্সৰ প্ৰথমজন ছুপাৰহিৰো কেপ্তেইন আমেৰিকাই ভূমুকি মাৰে ছুপাৰহিৰো জগতত। জেক কিৰবীৰ ডিজাইন আৰু জ' ছিমনছৰ পৰিকল্পনাৰে কেপ্তেইন আমেৰিকাই খলকনি তোলে আমেৰিকাত। ইয়াৰ কাৰণো বহুত আছিল। দ্বিতীয় মহাসমৰৰ সেই সময়ছোৱাত যেতিয়া কমিক্সৰ পাতত কেপ্তেইনে নাজী বাহিনীক ধ্বংস কৰি আছিল সেই সময়ত সকলোৱেই আঁকোৱালি লৈছিল কমিক্সৰ চৰিত্ৰটো। কিন্তু হয়তো বহুতেই জনা নাছিল যে এটলাছ কমিক্সে এটা নতুন যুগৰ সূচনা কৰিবলৈ গৈ আছে। ১৯৪৫ চনত এটলাছ কমিক্সে নিযুক্তি দিয়ে এগৰাকী নতুন সম্পাদকক।
ষ্টেন লীৰ জন্ম ২৮ ডিচেম্বৰ ১৯২২ চনত নিউয়ৰ্ক চহৰৰ এখন সৰু ঠাইত। তেখেতৰ জন্ম নাম ষ্টেনলি মাৰ্টিন লেইবাৰ। তেখেতৰ মাতৃ চেলিয়া এগৰাকী ৰোমানিয়ান ইহুদী আৰু পিতৃ জেক লেইবাৰ আছিল। তেখেত এগৰাকী দৰ্জী আছিল। কিন্তু ব্যৱসায় বেছি দিন নচলিল বাবে আৰ্থিক সংকটৰ মুখামুখি হোৱা জেক লেইবাৰে নিজৰ পৰিয়াল লৈ নিউয়ৰ্কৰ এখন অতি নিম্নমানৰ ঠাইত নতুনকৈ বসবাস কৰিবলৈ লয়। আৰ্থিক সংকটৰ এটা অন্যতম কাৰণ আছিল গোলকীয় অৰ্থনৈতিক অৱনতি যাৰ বাবে বিশ্বৰ সকলো দেশেই জৰ্জৰিত হৈছিল ৪০ ৰ দশকত। ১৬ বছৰ বয়সত হাইস্কুলৰ শিক্ষা লাভ কৰা ষ্টেন লীয়ে এৰল ফ্লিনৰ ছবি, মাৰ্ক টোৱেইন তথা জুল ভাৰ্ণৰ উপন্যাস সমূহ খুব বেছিকৈ পঢ়িছিল নিজৰ ছাত্ৰাৱস্থাত, আৰু তেনেদৰেই তেখেত আকৃষ্ট হয় লিখা-মেলাৰ জগতলৈ। প্ৰথমতে সাপ্তাহিক কাকত এটলাছ কমিক্সত সাধাৰণ সম্পাদক হিচাপে যোগদান কৰি পিছলৈ এগৰাকী আৰ্টিষ্ট হিচাপে কাম কৰে। ইয়াৰ লগে লগে আৰম্ভ হয় ষ্টেন লীৰ যাত্ৰা। ফ্ৰেংক কাপ্ৰাৰ ছবি, কাৰ্ক ডগলাছৰ ছবি, মাৰ্ক টোৱেইনৰ গল্প, জুল ভাৰ্নৰ ৰোমাঞ্চকৰ উপন্যাসৰ দ্বাৰা অনুপ্ৰাণিত ২৬ বছৰীয়া যুৱক ষ্টেন লী শিশু কালৰে পৰা লিখা-মেলাত আগ্ৰহী আছিল। ঘৰৰ জ্যেষ্ঠ পুত্ৰ হিচাপে তেওঁ দ্বিতীয় বিশ্বযুদ্ধত মাৰ্কিন সেনাবাহিনীতো যোগদান কৰিছিল। ১৯৫০ৰ দশকত এটলাছ কমিক্সে নাম সলনি কৰি সৃষ্টি কৰে Marvel কমিক্সৰ।
১৯৬২ চনৰ ১৫ আগষ্টত শিল্পী বন্ধু ষ্টিভ ডিতকোৰ সৈতে ষ্টেন লীয়ে নিৰ্মাণ কৰে এটা নতুন ছুপাৰহিৰো। লগে লগে চৰিত্ৰটোৱে লাভ কৰে অভুতপূৰ্ব সঁহাৰি। চৰিত্ৰটোক বৰ্তমান খিতাপ দিয়া হৈছে পৃথিৱীৰ সৰ্বকালৰ অন্যতম জনপ্ৰিয় ছুপাৰহিৰো হিচাপে। চৰিত্ৰটো আছিল Spiderman।টেলিভিছন ছিৰিজ, কমিক ছিৰিজ, ব্ৰডৱে মিউজিকেল, এনিমেছন আৰু দুবাৰকৈ প্ৰিকুৱেক হিচাপে নিৰ্মাণ হোৱা স্পাইডাৰমেনক মাৰ্ভেল কমিক্সৰ আটাইতকৈ জনপ্ৰিয় ছুপাৰহিৰো হিচাপে গণ্য কৰা হয়। স্পাইডাৰমেনৰ সফলতাৰ পিছত ষ্টেন লী ৰৈ নাথাকে। আগন্তুক সময়ত তেওঁ আৰু বিভিন্নধৰণৰ আইকনিক চৰিত্ৰ নিৰ্মাণ কৰে। ইয়াৰ ভিতৰত আছিল Iron Man, Thor, The Hulk, Ant Man, Deadpool, X men, Wolverine ইত্যাদি জনপ্ৰিয়। আকৌ প্ৰতিখন কমিক্সত একোটাকৈ ঋণাত্মক চৰিত্ৰও থকাৰ দৰে তেওঁ নিৰ্মাণ কৰে বিভিন্নধৰণৰ এন্টাগনিষ্ট চৰিত্ৰও। ইয়াৰ ভিতৰত আছিল স্পাইডাৰমেনত Green Goblin আৰু Doctor Octopus, কেপ্তেইন আমেৰিকাত Red Skull অন্যতম।
মাৰ্ভেল কমিক্সৰ সফলতাৰ পিছত ৮০ ৰ দশকত মাৰ্ভেলে আত্মপ্ৰকাশ কৰে ছবি তথা টেলিভিছন জগতত। তেনেদৰেই আৰম্ভ হয় মাৰ্ভেলৰ জয়যাত্ৰা।
Marvel Cinematic Universe:
ষ্টেন লীয়ে নিজৰ ছুপাৰহিৰোৰ জৰিয়তে কল্পনা কৰিছিল এখন নতুন পৃথিৱীৰ। য'ত আটাইবোৰ ছুপাৰহিৰোৱে একেলগে বাস কৰে। তাৰ সুবাদতেই তেওঁ নিৰ্মাণ কৰে Avengers ৰ। কেপ্তেইন আমেৰিকা, হাল্ক, এন্ট মেন, ব্লেক পেন্থাৰ আদি অন্যতম ছুপাৰহিৰো সমূহক এখন জগতত লৈ আহি কমিক্স হিচাপে প্ৰকাশ কৰে এভেঞ্জাৰ্ছক। তাৰ ওপৰত ভিত্তি কৰিয়েই ২০০৮ চনত আৰম্ভ হয় MCU ৰ। কেভিন ফাইগিৰ তত্ত্বাৱধান আৰু ষ্টেন লীৰ পৃষ্ঠপোষকতাত মাৰ্ভেল জগতক এক নতুন দিগন্তলৈ আগবঢ়াই নিয়া হয় ৰবাৰ্ট ডাউনী জুনিয়ৰৰ অভিনয় সমৃদ্ধ আৰু জন ফেভৰিউৰ পৰিচালনাৰে Ironman ক। মুক্তিৰ পিছতেই দৰ্শক সমালোচকৰ অভুতপূৰ্ব সঁহাৰি লাভ কৰা ছবিখনক নিৰ্ধাৰিত কৰা হয় MCU ৰ প্ৰথমখন ছবিহিচাপে। ইয়াৰ পিছত The Incredible Hulk, Ironman 2, Captain America: The First Avenger, The Avengers, Thor, Doctor Strange আদিকে লৈ এতিয়ালৈ MCU ৰ মুক্তিপ্ৰাপ্ত ছবিৰ সংখ্যা হ'ল ১৯ খন। MCU ৰ আটাইকেইখন ছবিয়ে বৰ্তমানলৈ বক্স অফিচত ব্যৱসায় কৰিছে প্ৰায় ১১ বিলিয়ন মাৰ্কিন ডলাৰ। প্ৰথমাৱস্থাত মাৰ্ভেল ষ্টুডিঅ' হিচাপে নাছিল। কিন্তু ২০০৯ চনত ৱাল্ট ডিজনী ষ্টুডিঅ'ই ইয়াৰ স্বত্ত্ব ক্ৰয় কৰাৰ লগে লগে Marvel Studios ৰ নিৰ্মাণ সম্পূৰ্ণ হয়। ২০১৮ চনত Marvel Studios ৰ দ্বাৰ নিৰ্মিত ছবিকেইখন হ'ল Avengers: Infinity War, Black Panther আৰু Ant Man and The Wasp।
ষ্টেন লীয়ে মাৰ্ভেলৰ প্ৰায় আটাইকেইখন ছবিত cameo হিচাপে দেখা দি আহিছে। ছুপাৰহিৰো জগতৰ মহীৰূহ হিচাপে আমি সকলোৰেই নাম ক'ব লাগিব। DC Comics ৰ বেটমেনদ স্ৰষ্টা বব কেন, ছুপাৰমেনৰ স্ৰষ্টা জেৰী ছিগল আৰু জ' ছাষ্টাৰ আদি আমাৰ বাবে সদায়েই অমৰ হৈ থাকিব। এগৰাকী ছবিৰ দৰ্শক আৰু ছুপাৰহিৰো ফেন হিচাপে আমি সকলোৱেই ষ্টেন লীৰ ওচৰত চিৰকৃতজ্ঞ। কাৰণ তেওঁ আমাক দি গ'ল এনেকুৱা এটা বিশ্বাস য'ত আমি বিচাৰি পাওঁ নিজৰ কল্পনাৰ সেই নায়কজনক যিয়ে পৃথিৱীত স্থাপন কৰিব পাৰিব শান্তি, যিয়ে দুষ্টক দমন কৰি আনি দিব পাৰিব এটা পৰিৱৰ্তন। নিজৰ শিশুসুলভ কল্পনাশক্তিক ইমান সুন্দৰকৈ উপস্থাপন কৰি ৭০ বছৰকাল পৃথিৱীৰ অগনন পাঠক দৰ্শকৰ মনত নিজৰ সুকীয়া ঠাই দখল কৰিবলৈ সক্ষম হোৱা ষ্টেন লীক জনাইছো অশেষ ধন্যবাদ আৰু শ্ৰদ্ধাঞ্জলি। তেখেত সকলোৰে মনত সদায়েই অমৰ হৈ থাকিব।
♥ ♥
ষ্টেন লী (১৯২২-২০১৮)
বিকাশদত্ত
ফোনঃ৮৮৭৬৫২৬১০০
মন্তব্য কৰক