কাপুৰুষ ?? (২) - ৰাজ
(আগৰ সংখ্যাৰ পিছৰ পৰা)
সপোন
যেতিয়াৰ পৰা বুজা হৈছো প্ৰথম চিনাকি হিচাপে সপোন অনাথ আশ্ৰমখন আৰু বেদান্ত হাজৰিকা নামৰ মানুহজনক পাইছো | নাজানো কি আছে তেওঁৰ মাজত | তেওঁৰ সাধুকথাৰ পৰা আদি কৰি তেওঁ শিকোৱা প্ৰতিতো কথাই মানি আহিছো | আশ্ৰমৰ ইমানবোৰৰ মাজত হেনু তেওঁৰ মোক বৰ আপোন লাগিছিলে |কথাৰ মাজত কিমানবাৰ যে আমনি কৰিছো তেওঁক মা-দেউতা ক'ত বুলি | উত্তৰ পোৱাৰ আশাত মোৰ উজ্বলি উঠা মুখখন তেওঁৰ বিষন্ন মুখমণ্ডল দেখি নিমিষতে সেমেকি যায় | কথাটোৰ পৰা হাত সাৰিবৰ বাবে ব্যস্ততাৰ ভাও জুৰে | গহীন, ডাড়িৰে আৱৰা মুখখন তেওঁৰ | অনবৰতে কিবা চিন্তা কৰি থাকে | নহবই বা কিয়? ইমানবোৰ ল'ৰা-ছোৱালীৰ প্ৰশ্নৰ সন্মুখীন যে হ'ব লাগে |
শীতৰ সন্ধিয়া এটিত 'সপোন'ৰ জপনাখনত এৰি যায় কোনোবাই মোক | হয়তো কাৰোবাৰ সমস্যাৰ কাৰণ আছিলো মই | জন্ম হৈয়ে যদি কাৰোবাক দুখ দিছো, ইয়াতকৈ বেছি আশা কৰিমেই বা কি? বেদ খুড়াৰ কৃপাত জীয়াই থকাৰ সুযোগ পাইছো, দুবেলা দুমুঠি খাইছো, পিন্ধিবলৈ কাপোৰ আৰু ঘৰ বুলিবলৈ সপোনখন | ইমান ডাঙৰ এটি পৰিয়ালৰ সদস্য হোৱাতোও ডাঙৰ কথা |

মাজে মাজে গাড়ী থকা ডাঙৰ মানুহবোৰ আহে | আমাৰ ডাঙৰ পৰিয়ালটোৰ পৰা কাৰোবাক লৈ যায় | বেদ খুড়াই কয় সিঁহত বোলে ডাঙৰ ঘৰত থাকিব, ডাঙৰ মানুহ হ'ব | ডাড়ি থকা মুখখনত তেতিয়া চকুপানী বয় | মোৰ বৰ ভয় হয় যদি কোনোবাই মোক বেদ খুড়াৰ পৰা দূৰত লৈ যায় ! ডাঙৰ গাড়ীৰ মাত শুনিলেই মই দুৱাৰৰ চুকত লুকাই যাওঁ, বহুত ভয় হয়; সপোন আৰু বেদ খুড়া যে আপোন |
কথাবোৰ কৈ থাকোতে চকুৰ পানীৰে গাল তিতি গ'ল সমীৰৰ | টোপালবোৰ জপৰা যেন ডাড়িবোৰৰ মাজত অদৃশ্য হৈ পৰিল | অনুৰাগ নিমাত |

নিজক সংযত কৰি সমীৰে কৈ উঠিল-
: মানুহবোৰ কিমান স্বাৰ্থপৰ ন? নিজৰ সন্মানৰ স্বাৰ্থতে নিজৰে আপোন কাৰোবাক ক'ৰ'বাত পেলাই থৈ যায় |
তেনেতে দুৱাৰত টোকৰ মাৰাৰ শব্দত দুয়ো দুৱাৰৰ ফালে চালে | সমীৰে মানিবেগৰ পৰা ততাতৈয়াকৈ পইচা অলপ উলিয়াই দুৱাৰখন খুলি উলাই গ'ল | পইচাকেইটা হাতত লৈয়েই মি. শইকীয়াই সমীৰৰ ফালে আচৰিত হৈ চাই উঠিল | ৰুমৰ ফালে চাবলৈ চেষ্টা কৰিলে তেওঁ | একো নোকোৱাকৈ খৰখোজেৰে তেওঁ ঘৰৰ ফালে খোজ ল'লে | মাজে মাজে সি মি. শইকীয়াৰ কামবোৰত আচৰিত হয় | হয়তো অনুৰাগ আহিলে তেখেতে বেয়া পায় | কাৰণো নথকা নহয় | অপ্ৰয়োজনত তাৰ মুখৰ মাতেই নোলাই | কিজানি সেইতোও বেয়া পোৱাৰ কাৰণ হয় |
: তই বৰ আচৰিত দেই | কেতিয়াবা মাত বোল কৰিবি তেখেতক | দেখা নাই তোৰ ফালে কিদৰে চাই গ'ল |
অনুৰাগে মিচিকিয়ালে | তাত সমীৰেও সহযোগ কৰি মিচিকিয়াই হাঁহিব ধৰিলে...

(অহা সংখ্যাত)
মন্তব্য কৰক