Header Ads

ৰঞ্জীৎ সিং • প্ৰথম ভাৰতীয় ক্ৰিকেট খেলুৱৈ তথা ৰঞ্জী ট্ৰফীৰ আঁৰৰ ব্যক্তিজন



পোনালোকে বাৰু জানেনে ভাৰতৰ প্ৰথম ক্ৰিকেট খেলুৱৈ গৰাকীৰ নাম ৷ হয়তো বহুতেই নাজানে—- প্ৰথম ভাৰতীয় ক্ৰিকেট খেলুৱৈ গৰাকীৰ জন্ম হৈছিল গুজৰাটৰ কাথিৱাৰ অঞ্চলৰ "নৱনগৰ'ৰ " এক ৰাজপৰিয়ালত ৷ 1872 খ্ৰীষ্টাব্দত ৷ তেও ৰাজকোটৰ ৰাজকুমাৰ কলেজত পঢি থাকোতেই ক্ৰিকেট খেলৰ প্ৰতি আকৃষ্ট হৈছিল ৷ তাৰ পিছত তেও লণ্ডনৰ কেমব্ৰিজ বিশ্ববিদ্যালয়লৈ পঢিবলৈ যায় ৷ তাতেই তেও ক্ৰিকেট প্ৰতিযোগিতাত খেলিবলৈ প্ৰথম সুযোগ পায় ৷ এই গৰাকী খেলুৱৈ য়ে অক্সফ্ৰড বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ হৈ খে লা প্ৰথম খেলতে চেঞ্চুৰী কোবাই নিজৰ প্ৰতিভাৰ পৰিচয় দিয়ে ৷ 
1895 খ্ৰীষ্টাব্দৰ মে মাহত " এম চি চি " ৰ বিৰুদ্ধে " ছাচেক্চ কাউন্টি " ক্লাৱৰ হৈ খেলি তেওঁ প্ৰথম খন খেলতে 77 নট আউট আৰু 150 ৰাণ কৰি সকলোকে চমৎকৃত কৰে ৷ 1896 খ্ৰীষ্টাব্দত তেওঁ একেদিনাই দুটা চেঞ্চুৰী কোবায় ৷ প্ৰথম টোত 125 নট আউট হৈ থাকি দ্বিতীয়টোত 180 ৰাণ কৰে ৷
1896 খ্ৰীষ্টাব্দতে অষ্ট্ৰেলিয়াই ইং লেণ্ডৰ বিৰুদ্ধে খেলিবলৈ ইংলেণ্ডলৈ গৈছিল ৷ ইংলেণ্ড টীমত দলভুক্ত হৈ তেৱোঁ প্ৰবল প্ৰতাপী অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলাৰ সুযোগ পাইছিল ৷ সেই খেলত দুয়ো ইনিংছ মিলি ইংলেণ্ডে মুঠ সংগ্ৰহ কৰিছিল 53 ৰাণ ৷ ইয়াৰে দুয়ো ইনিংছ মিলি তেওঁ অকলেই সংগ্পহ কৰিছিল 216 ৰাণ ৷ খেলখনত 216 ৰাণত ইংলেণ্ড অষ্ট্ৰেলিয়াৰ হাতত হাৰিছিল ৷ কিন্তু তেওঁ হৈ পৰিছিল ইংৰাজসকলৰ এক নমস্য খেলুৱৈ ৷ 1901 খ্ৰীষ্টাব্দত আগষ্ট মাহত " ছাচেক্চ'ৰ হৈ খেলি " চোমাৰচেট"ৰ বিৰুদ্ধে তেও 285 ৰাণ কৰি নট আউট হৈ আছিল ৷ এয়ে আছিল তেওঁ ক্ৰিকেট জীৱনত কৰা স্ৰবোচ্চ ৰাণ ৷ 1893 ৰ পৰা 1920 খ্ৰীষ্টাব্দলৈ তেও প্ৰথম শ্ৰেণীৰ খেলত 500 টা ইনিংছ খেলি 62 বাৰ নট আউট হৈ আছিল ৷ প্ৰতিখন খেলত গডে 56,37 ৰাণকৈ সংগ্ৰহ কৰিছিল স্ৰবমুঠ 24,690 ৰাণ ৷ উল্লেখযোগ্য যে ইতিমধ্যে এটা চকুৰে নেদেখা হৈয়ো তেওঁ এনে এক কৃতিৰ অধিকাৰী হৈছিল ৷





আন এক উল্লেখনীয় কথা হল — ক্ৰিকেটৰ জগতত খ্যাতিমান হোৱা এই গৰাকী ভাৰতীয় খেলুৱৈয়ে তেওঁৰ জীৱনৰ সকলোবোৰ শ্ৰেষ্ঠ খেল খেলিছিল ইংলেণ্ডত থাকি ৷ স্বদেশত অ'ত ত'ত কেইখনমান প্ৰদৰশনীমুলক খেলৰ বাহিৰে তেওঁৰ কোনো ভুমিকা নাছিল ৷ টেষ্ট ক্ৰিকেট খেলিবলৈ ভাৰতে যোগ্যতা লাভ কৰিছিল 1932 খ্ৰীষ্টাব্দৰ পৰাহে ৷ তাৰে এবছৰৰ পিছতে 1933 খ্ৰীষ্টাব্দৰ দুই এপ্ৰিলত তেওঁৰ মৃত্যু হৈছিল ৷ গতিকে ভাৰতীয় দলৰ হৈ খেলাৰ সূযোগ তেওঁৰ ভাগ্যতে নঘটিল ৷ 
  
ইংলেণ্ডৰ ক্ৰিকেট জগতত বিস্ময়ৰ সৃষ্টি কৰি বিশ্ববিখ্যাত হোৱা এই গৰাকী ভাৰতীয় ক্ৰিকেট খেলুৱৈৰ নামেই হল 'ৰঞ্জীৎ সিং ' ৷ ভাৰতীয় ক্ৰিকেটৰ ৰত্নস্বৰুপ এইগৰাকী নমস্য খেলুৱৈৰ প্ৰতি কৃতজ্ঞ ভাৰতবাসীয়ে তেওঁৰ মৃত্যুৰ এবছৰ পিছতে তেওঁলৈ শ্ৰদ্ধা নিবেদিলে ৷ 1934 খ্ৰীষ্টাব্দৰ পৰা তেওঁৰ নামেৰে প্ৰচলন কৰিলে " ৰঞ্জী ট্ৰফী " আন্তঃৰাজ্যিক ক্ৰিকেট খেল প্ৰতিয়োগিতা ৷

(সংগৃহীত)

No comments

Powered by Blogger.