Header Ads

অণুগল্পৰ পৃষ্ঠাত মিলন আৰু সেন্দুৰ ⦿ জয়া ডেকা



(১) মিলন 


পঁচিছ বছৰীয়া সমুদ্ৰই লগৰ কেইজনমান লৰাৰ লগত তিনিআলিৰ চ'ক টোত কথা পাতি আছিল। পোন্ধৰ বছৰীয়া ডেকা লৰা এজনক খেদি লৈ আহিছে। লৰা জনে মুখ লোকোৱাই সমুদ্রহঁতৰ জুম টোত সোমাল। খেদি লৈ অহা মানুহ কিজনে কৈছে এই লৰাটো চোৰ তাক আমাক দিয়ক। সমুদ্ৰয়ো দুই ঘোঁচা দিওঁ বুলি হাত দাঙি, থমকি ৰ'ল। পাঁচ বছৰ আগতে ঘৰৰ পৰা ওলাই যোৱা সাগৰক দেখি। 



(২) সেন্দুৰ


 নমিতা বৰুৱাৰ গিৰিয়েকে এৰি দিয়া বহু বছৰেই হল। তথাপিও নমিতাই গিৰিয়েকৰ নামত সেন্দুৰ কণ লোৱা দেখি চাকৰি কৰা পুতেকে মাকৰ হাতৰ পৰা সেন্দুৰৰ টেমাটো কাঢ়ি আনিব লওঁতেই মবাইলটো বাজি উঠিল। মাহী মাকে ফোনত কৈছে দেউতাকৰ হস্পিতালত মৃত্যু হ'ল।


জয়া ডেকা
Powered by Blogger.