Header Ads

কবিতাৰ আখৰা ☙ প্ৰিয়াক্ষী খাউন্দ ❧





মাজৰাতিৰ চিন্তাত খাপ খাই শব্দবোৰ
ইটোৰ লগত সিটোক যোগ দি
গাঁঠিব খুজো শব্দৰ অলংকাৰ
অনুভৱি মনৰ সপোনবোৰে
প্ৰাণ পাই ইয়াত,
কেতিয়াবা চন্দৰ তালে তালে,
কেতিয়াবা অগা-দেৱাকৈ
বাৰে বাৰে মোহত পৰো, 
অনুভৱবোৰৰ মেৰপাকত
আৰু কবিতাৰ আখৰাৰে
সামৰি থওঁ শব্দৰ মায়াজালত....।।  

 প্ৰিয়াক্ষী খাউন্দ

No comments

Powered by Blogger.