Header Ads

নীলা খামৰ চিঠি - সমীৰণ শইকীয়া



মৰমৰ,
       প্ৰীতি
         
       তোমাৰ চিঠিখন পৰহি মোৰ হাতত পৰিলহি জানানে? তোমাৰ চিঠি পোৱাৰে পৰা মনটো যে উগুল থুগুল লাগি আছে।তোমালৈ চিঠি লিখিম বুলি বহুবাৰ কাগজ কলম লৈ বহোঁ কিন্তু লিখাহে নহয়।এইকেইদিন মই বহুত ব্যস্ত।তোমালৈ মনত পৰিলেও মনটো বান্ধি ৰাখিবলগীয়া হয়।তোমাৰ খৱৰ নোলোৱা বাবে মন বেয়া কৰি আছা নহয়? মোক বেয়া নাপাবা।
      তুমি কোৱাৰ দৰে তোমাৰ নামটোৰেই এপৃষ্ঠা ভৰাই লিখি পঠিয়াম বুলি ভাৱিচিলোঁ।তথাপিও ভাৱিলোঁ মোৰ অপৈনত হাতেৰে যদি সুখ-দুখৰ এমুঠি মৰম তোমালৈ পঠিয়াব পাৰোঁ তুমি বহুত সুখী হ'বা।সেয়েহে হাজাৰ বাধা কাটি কৰিও এই মাজনিশা তোমালৈ চিঠি লিখিছোঁ।সমুখত এডাল মমবাতি আৰু তোমাৰ হাজাৰ ভাৱনা।মোৰ চিঠি পঢ়ি হাঁহি নিদিবা কিন্তু,জানাইটো তোমাৰ দৰে শব্দৰ অলংকাৰেৰে মৰমবোৰত মিঠা পৰশ ঢালিব মই নাজানোঁ।
            তোমালৈ মোৰ বহুত মনত পৰে।এনে লাগে যেন এতিয়াই তোমাৰ কাষলৈ গৈ আলফুলে মৰমবোৰ বাকি দিম।তুমি কোৱাৰ দৰে কোনো পৰীয়ে মোৰ সপোন সাগৰত খলকনি লগোৱা নাই দেই,যেতিয়াৰ পৰা তোমাক দেখিছোঁ সপোন খুওৱ কমেই দেখোঁ আৰু যেতিয়াই দেখোঁ মোৰ সপোনত মাথোঁ তুমিয়েই অগা দেৱা কৰি থাকা।তোমাৰ পৰা দূৰত থাকি মোৰো ভাল নালাগে জানা? কিন্তু কি কৰিবা? এইবাৰ ঘৰলৈ গ'লে তোমাৰ ওচৰলৈ যামেই,তুমি কিন্তু মোলৈ কিবা অলপ খাবলৈ বনাই আনিবা।
         ইয়াত মোৰ অলপ কষ্ট হৈছে কিন্তু সহিবটো লাগিবই।তুমি চিন্তা নকৰিবা,মই নিজৰ যত্ন ভালকৈয়ে লৈছোঁ,তুমিও নিজৰ কথা ভাৱিবা।
          আজিলৈ আৰু নিলিখোঁ বুজিলা। মমডালো নুমাই আহিছে।ধলপুৱাতেই উঠি আকৌ কামত লাগিম।মই জানো চিঠিখন পঢ়ি তুমি বহুত সুখী হ'বা আৰু ওঁঠত এটি হাঁহি বিৰিঙি উঠিব।আৰু তোমাৰ এই হাঁহিতেই মোৰ সন্তুষ্টি।আজিলৈ নিলিখোঁ।তুমি সদায় হাঁহি থাকিবা।
                                  ইতি
                     তোমাৰ মৰমৰ সমীৰ



সমীৰণ শইকীয়া 
নগাঁও

No comments

Powered by Blogger.