পাগলৰ ভাৱবিলাক ‡ সুশীল গগৈ
এইখন কিহৰ সমাজ ?
মানুহৰ নে পশুৰ ?
দেৱতাৰ নে দৈত্যৰ ?
নে মানুহ নামধাৰি
নোম নেগুৰ বৰ্জিত সেই জানুৱাৰৰ
যেনিয়েই চাওঁ তেনিয়েই মাথো বিশৃংখলতা
এফালে যদি গুলিৰ শব্দ, আনফালে শুনো বাৰুদৰ শব্দ |
এফালে যদি অপহৰণ, আনটো চুকত দেখো ধৰ্ষণ |
যেতিয়া মই ফুলৰ দৰে শিশুবোৰলৈ চাওঁ
অন্তৰ মোৰ বেদনাত কান্দি উঠে |
চকুত পৰিলে মোৰ চেমনিয়াহঁতক,
ধিক্কাৰ দিও মই নিজে নিজকে |
সত্য বিকৰ্ষিত ডেকা-গাভৰুবোৰ |
তোমালোকক দেখিলে হাহাকাৰ কৰি উঠে হৃদয় মোৰ |
কাৰণ নাজানো সিঁহতি কি,
নিষ্ঠুৰ ভাষাৰে লিখা হ'ব ধৰিছে সিঁহতৰ ভাগ্যলিপি |
নাজানে সিঁহতে কি নিৰ্মম উপেক্ষাৰে চিঙি পেলাব খুজিছে
সিঁহতৰ জীৱনৰ আশা আনন্দ,উৎসাহ আৰু শক্তিৰ শিপাবোৰ |
নাজানে সিঁহতে কি পৈশাচিক লালসাৰে লেলিহান শিখাত
সিঁহতৰ স্ফুতন্ত যৌৱন দগ্ধ কৰিব মানসেৰে |
দাবানল জ্বলাব খুজিছে গোপনে গোপনে |
নাজানে সিঁহতৰ কি ভীষণ প্ৰস্তুতি চলিছে |
সিঁহতৰ সিৰাই সিৰাই প্ৰবাহিত শোনিতধাৰ শোষন কৰা |
ভোগ আৰু বিলাশৰ যৌন সম্ভোগ আৰু সামাজিক মুক্তিৰ তৰি দি এখন মোহনীযা চিত্র
কেনেকৈ সিহঁতক কৰিছে মন্ত্ৰমুগ্ধ , তাক মই দেখিছো ।
ইয়াকো দেখিছো মই ,
কৌটি কৌটি মানুহক বঞ্চিত কৰি
এমুঠি মানুহক দানবীয় কামনা চৰিতাৰ্থ কৰা
চলিব ধৰিছে এক অমানৱীক চক্ৰান্ত
অথচ কি বিৰম্বনা , যাও যদি মই তাকে কবলৈ
হয়তো সজোৰে প্ৰচাৰ চলাব সিহঁতে এইয়া পাগলৰ প্ৰলাপ।
হয়তো সেইয়ে সঁচা
মই কিজানি সঁচা এক পাগলহে মাথো...
সুশীল গগৈ
খোৱাং চাৰিআলি
মন্তব্য কৰক