Header Ads

কুইজ- বিষয়বস্তু: প্ৰখ্যাত অসমীযা ব্যক্তিত্ব- ডিচেম্বৰ সংখ্যা





বিষয়: প্ৰখ্যাত অসমীয়া ব্যক্তিত্ব


.   ভোগেশ্বৰ বৰুৱা হ’ল অৰ্জুন বটা বিজয়ী প্ৰথম অসমীয়া। ২য় জন অসমীয়া এগৰাকী মহিলা। এওঁ আছিল অসমৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় মহিলা টেবল-টেনিচ খেলুৱৈ। কোন বাৰু এইগৰাকী ?


২.  ’নয়নমণি’ (১৯৮৩)  কথাছবিৰ জৰিয়তে অসমীয়া চবিজগতে লাভ কৰিছিল প্ৰথম মহিলা সংগীত পৰিচালিকাগৰাকীক! কোন ?


৩. নটসুৰ্য ফণী শৰ্ম্মাৰ ’চিৰাজ’ নাটখনিৰ আধাৰত নিৰ্মিত কথাছবিখনৰ নায়ক অনিলৰ মোমায়েক সুবিমল ফুকনৰ ভুমিকাত অভিনয় কৰিছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই। নায়ক অনিলৰ ভুমিকাত কোনে অভিনয় কৰিছিল?


৪. ‘FATHER OF NORTH-EAST QUIZZING’ বুলি পৰিছিত এইগৰাকী ব্যক্তি১ ৯৬৭ চনত কটন মহাবিদ্যলয়ত পৰিচালনা কৰিছিল অসমৰ প্ৰথমখন কুইজ প্ৰতিযোগিতা। ১৯৮৪ চনৰ ২৪ মাৰ্চত অসমৰ প্ৰথমখন টিভি কুইজো তেৱেই পৰিচালনা কৰিছিল। নাম কি বাৰু?  


৫. গুৰু দত্ত হল হিন্দী বোলছবিৰ এগৰাকী প্ৰখ্যাত অভিনেতা-পৰিচালক।
কিন্তু অসমীয়া সাহিত্যত গুৰু দত্ত কোন?


৬. ১৯১৭ চন। পদ্মনাথ গোহাইবৰুৱাৰ সভাপতিত্বত বহিছিল অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন। সেইবছৰ অসম সাহিত্য সভাৰ মুখ্য সম্পাদক কোন আছিল?


৭. জয়মতী কোঁৱৰী নাটখনৰ আধাৰত ৰুপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩৫ চনত নিৰ্মান কৰিছিল অসমৰ প্ৰথম কথাছবিখন। এই নাটখনৰ নাট্যকাৰজন আকৌ আছিল ১৯২৬ চনত বহা অসম সাহিত্য সভাৰ গুৱাহাটী অধিবেশনৰ সভাপতি। কোন বাৰু এইগৰাকী স্বনামধন্য সাহিত্যিক?




যোৱা নৱেম্বৰ সংখ্যাৰ ভাগ্যসালি ৩ ব্যক্তি হল ক্ৰমে  - 

১) পৰমানন্দ ভূঞা( জয়ানগৰ) আৰু নয়ন মনি কাকতি( নগাঁও) (যুটীয়াকৈ)
২) মুকুল ডেকা নলবাৰী
৩) ভৱানী কান্ত কোঁৱৰ ( শিৱসাগৰ )


কুঁহিপাঠৰ সমূহ পৰিয়ালৰ তৰফৰ পৰা আপোনালোকক পুৰস্কৃত কৰা হব।  সংগ্ৰহ কৰিবলৈ আমাৰ যোগাযোগ বিভাগত জৰিত হওক। ধন্যবাদ 

No comments

Powered by Blogger.