নিলোৎপল ঠাকুৰীয়াৰ জুতি লগা আখল ❦ বাঁহ গাজৰ তৰকাৰী
উপকৰণ:
১. বাঁহৰ গাজ তিনিটা ২. হালধি
৩. পিয়াজৰ সৰু সৰু আৰু মিহি টুকুৰা
৪. নিমখ
৫. কেচা জলকীয়া ৭/৮
৬. ১০/১২ ফুটা থেতি লোৱা নহৰু৷
মছলাঃ
এটা নাৰিকল গুৰি, , এচামোচ ৰঙা জলকীয়া গুৰি, চফ্ এচামোচ, এচামোচ জিৰা গুড়ি, এচামোচ ধনীয়া গুৰি, এচামোচ জালুকৰ গুৰি৷
পদ্ধতিঃ
প্রথমতে গৰম ফেৰাহিত একাগ্ৰাম তেল গৰম কৰক৷ তেলত ৫/১০ গ্ৰাম মান চফ্, আৰু থেতি লোৱা নহৰু দি ভাল কৰি ৰঙা কৰি ভাজক৷ গুৰি কৰি লোৱা মছলা আৰু ফলা কেছা জলকীয়া চাৰি পাঁচ মিনিটৰ বাবে ভাজক৷ মছলাৰ ভজা গোন্ধ ওলালে হালধি আৰু নিমখ হানি থোৱা গাজৰখিনি ঢালি দিয়ক আৰু ভালদৰে ভাজি ৩/৪ কাপমান পানী দিয়ক৷ সোৱাদ অনুসাৰে নিমখ দিয়ক৷ যেতিয়া পানী শুকাই থপথপীয়া হ’ব জুইৰ পৰা নমাই ভাত বা ৰুটিৰ সৈতে পৰিবেশন কৰক৷
নিলোৎপল ঠাকুৰীয়া
মন্তব্য কৰক