অণুগল্পৰ পৃষ্ঠাত ⥈ প্ৰতাৰণা ⥈ পৰিস্মৃতা বৰা হাজৰিকা
পুৱাৰে পৰাই পাহীৰ মনটো উগুল - থুগুল । এক অজান আশংকাত কঁপি উঠিছে অন্তৰাত্মা । কি হৈছে একো ধৰিব নোৱাৰি সদায় কৰি যোৱাৰ দৰে কৰি গৈছে কামবোৰ । কিন্তু কিয় আজি সকলোতে কেনা লাগিছে ? হাতৰ পৰা আইনাখন পৰি দুটুকুৰা হোৱাত বাঢ়ি আহিল বুকুৰ ধপধপনিটো । শহুৰ - শাহুৰৰ লগতে এজন মৰমৰ স্বামী সীমান্ত কাষত থকাৰ পিছতো কি বিপদ আহিব পাৰে পাহীৰ কাষলৈ । নিজকে নিজেই শান্তনা দি কৰি গ'ল ঘৰৰ কামবোৰ ।
একমিনিটতে সকলো শেষ হৈ গল পাহীৰ । সীমান্তৰ ফোনটো পাই নিজৰ কাণ দুখনকে বিশ্বাস কৰিব পৰা নাই পাহীয়ে । কিয় তাই কাষত থকা পিছতো গিৰিয়েকে আকৌ বিয়া কৰিলে একো বুজিব নোৱাৰি কান্দি উঠিল পাহী । কিয় সি তাইক এনেকৈ প্ৰতাৰণা কৰিলে এক নুবুজা সাথঁৰ হৈ ৰ'ল পাহীৰ ।
⭁পৰিস্মৃতা বৰা হাজৰিকা ⭇
মন্তব্য কৰক