নিয়ৰসিক্ত মিঠা গধুলিৰ এটি পৃষ্ঠা ❢ নীলা খামৰ চিঠি ❢ ত্রিবেণী বৰা
মৰমৰ
নীলাভ
আশা কৰোঁ কুশলে আছা! নিয়ঁৰসিক্ত মিঠা গধুলি টিত ,এয়া মই বহি লৈছো ডায়েৰীৰ এটা পৃষ্ঠা উলিয়াই ,তোমালৈ এখন চিঠি লিখো বুলি !সদায় ফোনত বাৰ্তালাপ হয় ,যদিও কিছু অব্যক্ত ব্যথা তোমালৈ বুলি উকা কাগজৰ পৃষ্ঠাত শব্দৰ নীলা চিঞাঁহীৰে মালা গাঠিলোঁ |
লেমটোৰ ধিমিক ধিমিক শিখাই সোৱঁৰাই দিছে ,মোৰ যুগ্মজীৱনৰ প্রথম নিশাটোৰ কথা ,তোমাৰ দুবাহুৰ আলিঙ্গনৰ উস্ম পৰশৰ কথা ! নীলাভ বাহিৰৰ পৰা অহা শেৱালিৰ সুঘ্রাণে কঢ়িয়াই আনিছে তোমাৰেই বতৰা ! মন যে কিমান চলনাময় ,ক্ষন্তেকতে তোমাৰ কাষৰ পৰা আহিলগৈ উৰা মাৰি !নীলাভ আজি তোমালৈ বৰকৈ মনত পৰিছে ! আজি যে শীতৰ প্রথম কুঁৱলি যাকৰ আচ্ছাদন ফালি দিনমণিয়ে ভূমূকি মাৰিছে ,শুভ্র নীৰদৰ আৰঁত ! মই চাই চাই, তন্ময় হৈছো ,নীলিমাৰ আঁৰে আঁৰে মেঘালীৰ লুকা-ভাকু চাই !
বোৱাৰী জীৱন সচাঁকৈ আশ্চৰ্য্য হয় ঔ নীলাভ ! সকলো উজাৰি দিওঁ যেন কিবা এটা আধৰুৱা স্বপ্নৰ বাটেৰে অপেক্ষা কৰি থাকো ,তুমি এৰি থৈ যোৱা দিন ধৰি ,মাথো নিজৰ ঘৰখনকে সাঙুৰি ,নিজ কৰ্মত ৰতী হৈ আছো ! তথাপিও যেন কাকো সন্তুষ্ট কৰিবলৈ অপাৰগ যেন অনুভৱ হয় !
এই হেন জাৰৰ নিশাটো সমস্ত ঘৰৰ কাম কৰি ,নিশা সকলোৱে খাই-বৈ উঠাৰ পিছত মই খাৱলৈ বহো ,তুমি ওচৰত থকা হ'লে ,মোক এগৰাহ খোৱাই দিলা হয় ! ৰাতি ঠাণ্ডা লাগিব বুলি গাত এড়ী চাদৰখন মেৰিয়াই দিলা হয় ! তোমাৰ অভাৱ বাৰুকৈয়ে অনুভূত হয় ঔ নীলাভ ........|
এইবাৰ শাওণৰ পথাৰখনি বৰ সুন্দৰকৈ শ্যামলী বসণ পিন্ধিলে ,লাহে লাহে ধানৰ থোকবোৰে গা-ভাৰি হৈ পকি সৰিবৰ হৈছেহি আৰু ,কোনো কোনোৱে কটা আৰম্ভ কৰিলেই ! এইবাৰ লক্ষ্মী বিহুৰ দিনা আকাশবন্তি গঁছি জ্বলাই লক্ষ্মীমিক আদৰি আহিলোঁ বছৰটোৰ বাবে | দেৱালীও পাৰ হৈ গ'ল ,চাৰিওদিশে আলোকেৰে দীপ্তময় হৈছিল যদিও ,তোমাৰ পোহৰেহে মোক পোহৰাব পাৰে ,সেয়ে সকলো থাকিও যেন মই অকলশৰীয়া অনুভৱ কৰোঁ !
বহুতেই লিখিলোঁ,অ' শুনাচোন .......! তুমি সীমান্তত আছা! তাত চাগৈ বহু ঠাণ্ডা পৰিবলৈ আৰম্ভ হৈছেই চাগৈ ,ঠাণ্ডা নলগাবা.....! কাষৰ দাদাজন ঘৰলৈ চুটিত আহোঁতে মই নিজে তোমাৰ প্রিয় নীলা ৰঙেৰে গুঠিঁ দিয়া চুৱেটাৰটো ....দি পঠাইছোঁ ! সেইটো পিন্ধিবা ,তাত মোৰ মৰমৰ উমাল পাবা !
শেষত মোৰ বাবে চিন্তা নকৰিবা ,তোমাৰ অৰ্ধাঙ্গিনী হোৱাৰ লগতে এখন ঘৰৰ বোৱাৰী হোৱা হেতুকে ,,বোৱাৰী ধৰ্ম পালনত যাতে যতি নপৰে তাৰ প্রতি মই সদায় সচেতন ! শেষত ,আজিলৈ সামৰিছো দিয়া ...! বাহিৰত নিশাৰ নিস্ত:ব্দতা ভেদি্ কুকুৰৰ ৰাওচনি উঠিছে ,,,ঘৰৰ টিনত নিয়ঁৰৰ টোপালবোৰ জৰ্ জৰাই সৰিছে !
মোৰ মৰম তোমালৈ চিঠিতে পঠিয়ালোঁ ,আদৰি ল'বা ..........!
তোমাৰেই
নীলা.......
✍ ত্রিবেণী বৰা
নাগপুৰ(মহাৰাষ্ট্র)
মন্তব্য কৰক