Header Ads

প্ৰত্যাহ্বানৰ পৰা প্ৰাপ্তিৰ শিখৰলৈ-- শুভম গোস্বামী




পোনাৰ মোৰ দৰে বহুজনৰে সৰ্বভাৰতীয় লোকসেৱা আয়োগ তথা অসামৰিক সেৱা এক অভিলাষী সপোন। প্ৰতিবছৰে সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰো কেইবাজনেও স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে। পূৰ্বৰ তুলনাত বৰ্তমান এই হাৰ বৃদ্ধি পাইছে। এইয়া আমাৰ বাবে উৎসাহৰ খবৰ। তথাপি, বহুজনে দুঃখ কৰে এইবোৰ আমাৰ বাবে নহয়, ডাঙৰ মানুহৰ ডাঙৰ পৰিয়ালৰ মানুহৰ বাবেহে, আমাৰ বাবে ই এক সপোন মাথো! এই সফলতাৰ আঁৰত প্ৰতি বছৰে থাকে প্ৰত্যাহ্বান আৰু বাধা নেওচি আগবঢ়া অদম্য সংগ্ৰামৰ কিছুমান অকথিত কাহিনী। পৃথিৱীত অসম্ভৱ একো নাই, যদি আমি ইয়াক অন্তৰৰ পৰা বিচাৰি নিষ্ঠাৰে আগবাঢ়ো। ইয়াৰ অন্য এক জলন্ত উদাহৰণ হ'ল তামিলনাডুৰ কে জয়গণেশৰ সফলতাৰ অদম্য কাহিনী!
                তামিলনাডুৰ এটা অতি সাধাৰণ গৰীৱ পৰিয়ালৰ সন্তান কে জয়গণেশে পৰিয়ালৰ আৰ্থিক দুৰৱস্থাৰ বাবে কোচিঙৰ খৰচ বহন কৰিব পৰা নাছিল আৰু বিভিন্ন ধৰণৰ সৰু-সুৰা কাম কৰাৰ লগতে হোটেলৰ 'ৱেইটাৰ'ৰ কামো কৰিবলগীয়া হৈছিল। ছয় বাৰকৈ চেষ্টাত বিফল হৈও হাৰ নমনা তেওঁ সপ্তম বাৰ চেষ্টাত সৰ্বভাৰতীয় অসামৰিক পৰীক্ষাত ৭০০ টা স্থানৰ ভিতৰত ১৫৬তম স্থান লাভ কৰে।
                দশম মান শ্ৰেণীলৈকে অধ্যয়ন কৰা জয়গণেশৰ পিতৃ কৃষ্ণণে এটা চামৰাৰ কাৰখানাত মহৰীৰ কাম কৰিছিল। তেওঁৰ মাতৃ আছিল এগৰাকী ঘৰুৱা গৃহিনী।জয়গণেশৰ দুগৰাকী ভগ্নী আৰু এজন ভাতৃও আছিল। গাঁৱৰ সাধাৰণ স্কুলতে স্কুলীয়া শিক্ষা শেষ কৰি ওচৰৰ চহৰতে উচ্চ শিক্ষা সমাপ্ত কৰে। তাৰপিছত ২০০০ চনত যান্ত্ৰিক বিভাগত অভিযান্ত্ৰিক শিক্ষা শেষ কৰি কৰ্মৰ সন্ধানত বাংগালোৰ যায় আৰু ২৫০০ টকা মাহেকীয়া মজুৰিত এটা চাকৰি কৰে, কিন্তু তথাপি মনত পুহি ৰাখে এজন প্ৰশাসনিক বিষয়া হোৱাৰ সপোন।
                এখন অত্যন্ত দুখীয়া আৰু পিছপৰা গাঁৱৰ সন্তান জয়গণেশে নিজৰ গাওঁখনৰ বাবে কিবা এটা কৰাৰ মানসেৰে ওভতি আহিছিল আৰু প্ৰশাসনিক পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰি দিছিল। কিন্তু প্ৰথম দুয়োবাৰ চেষ্টাতেই সঠিক অভিজ্ঞতা তথা জ্ঞানৰ প্ৰয়োগৰ অভাৱৰ বাবে বিফল হয়। তাৰপিছত জয়গণেশে চেন্নাইৰ এটা কোচিং চেন্টাৰত ভৰ্তি হয় আৰু পঢ়াৰ মাহেকীয়া মাচুল গোটাবলৈ এখন হোটেলত 'ৱেইটাৰ'ৰ কাম কৰিবলগীয়া হয়। তাৰপিছত পাঁচ বাৰকৈ প্ৰাথমিক পৰীক্ষাত উত্তীৰ্ণ হয় যদিও মূল পৰীক্ষাত বিফল হয়। ষষ্ঠবাৰ প্ৰাথমিক আৰু মূল দুয়োটা পৰীক্ষাতে সফল হৈও সাক্ষাৎকাৰত বিফল হয়। তথাপি মনোবল হেৰুৱা নাছিল জয়গণেশে আৰু অৱশেষত সপ্তম বাৰত তেওঁৰ প্ৰশাসনিক বিষয়া হোৱাৰ সপোন পূৰণ হয়।
                 জয়গণেশৰ ভাষাত, "মই সেইদিনা বহুত চিন্তাত আছিলোঁ। মই জানিব বিচাৰিছিলোঁ মোৰ সপোন বাস্তৱ হ'বনে নহয়! মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছিলোঁ তেওঁ যদি মোক যোগ্য বুলি ভাৱে তেন্তে মোক উত্তীৰ্ণ কৰি দিয়ে যেন।
                 মই এখন খেলপথাৰত গৈ বহি পৰিলো আৰু কিছুসময়ৰ বাবে নিজকে ধ্যান কৰিব ল'লো।  মই ভাবিলোঁ যদি মই সফল হওঁ তেতিয়া মই কি কৰা উচিত আৰু যদি মই বিফল হওঁ তেতিয়াও মই কি কৰা উচিত! সাত বছৰ ধৰি মোৰ মনত কেৱল এটাই সপোন আছিল এজন ভাৰতীয় প্ৰশাসনিক বিষয়া হোৱাৰ।"
                 এইয়া আছিল কে জয়গণেশৰ সংগ্ৰাম আৰু সফলতাৰ চমু কাহিনী। ভাৰতীয় প্ৰশাসনিক পৰীক্ষাত সফলতা লাভ কৰা বহুজনৰ আঁৰত আৰু বহু আছে এনে কাহিনী……



✍শুভম গোস্বামী, কলকাতা

No comments

Powered by Blogger.