কাপুৰুষ ?? (৩) - ৰাজ
(আগৰ সংখ্যাৰ পিছৰ পৰা)
সমীৰ একাপ চাহ লৈ সোমাই আহিল | চাহকাপত সোহা মাৰি অনুৰাগৰ ফালে চাই প্ৰশ্ন কৰিলে-
:- তই মোক প্ৰথমবাৰ ক'ত দেখিছিলি ?
:- হয়তো সেই পাহাৰীয়া এলেকাটোৰ দাঁতিকাষৰিয়া চাহৰ ঘূমটিটোত |
- পূৰণি ফ'টোফ্ৰমটো খুউব মনোযোগেৰে চাই কৈ উঠিল |
:- মোৰো তেনেকুৱাই লাগে তোক তাতেই দেখা যেন |
:- সপোনৰ কথা কচোন | কিমান দিন আছিলি তাত?
সমীৰে চাহৰ কাপটো থৈ চিগাৰেট এটা জ্বলাই থাকি চেপা মাতেৰে ক'লে
:- ৬ বছৰ | মানে মোৰ বয়স ৬ বছৰ হোৱালৈকে |
:- তাৰ পিছত ?
চিগাৰেটতোত এটা দীঘল সোঁহা মাৰি ধোৱাবোৰ কুণ্ডলীৰ নিচিনাকৈ উৰাই আনন্দ লৈ আছে সি | তাৰ পিছত সি কৈ গ'ল --
সপোনৰ লগত বহু কথাই জড়িত হৈ আছে | শৈশৱৰ ধেমালি, বেদ খুড়াৰ মৰম, সমনীয়াৰ কাঁজিয়া সকলোবোৰ সপোনৰ প্ৰতিটো চুকত আছে | এদিন এখন গাড়ী আহিছিল | ডাঙৰ মানুহ তেখেত, চহৰখনত ভাল নাম আছে | ভালকৈ মনত নাই কি কাৰণত আহিছিল, কিন্তু সেইদিনা মিঠাই, মাংস আদি খাবলৈ পাইছিলো | মানুহজনৰ লগত এগৰাকী মানুহ আৰু আহিছিল | তেখেতৰ জন্মদিন আছিল সেইদিনা | আমি সকলো মিলি শুভেচ্ছা যাচিছিলো, কথা পাতিছিলো | মানুহজনে মাজে মাজে মোক মাতি কথা পাতিছিলে | নাম সুধিছে, মই কৈ গৈছো নাম, মোৰ ভাল লগা বস্তুবোৰৰ বৰ্ণনা, বেদ খুড়াৰ কথা | আবেলি তেখেতলোক গুছি গ'ল |
প্ৰায় এসপ্তাহ মান পিছত আকৌ আহিছিল তেখেতলোক | বেদ খুড়াই মোক তেখেতৰ ওচৰত লৈ গৈছিল বেদ খুড়াৰ কিতাপ কলমৰ কোঠাটিলৈ | আঙুলিত ধৰি যাওঁতে বদ খুড়াৰ মুখলৈ চাইছিলো | এনে লাগিছিল তেখেতৰ চকুৰ পৰা পানী ওলাবই এতিয়া | কাৰণ জানিবলৈ বেছি সময় নালাগিল |
তেখেতলোকে মোক নিবলৈ আহিছিল | মই নিমাত হৈ ৰৈ গৈছিলো | বেদ খুড়াই কিবা কৈছিলে মোক, কিন্তু তেখেতক এৰি যোৱাৰ মন মোৰ নাছিল | ডাড়িৰে আৱৰা মুখখনলৈ মই থৰ লাগি চাই আছিলো | তেখেতে চেষ্টা কৰিছিল চকুৰ পৰা বৈ আহিব খোজা নদীখন বাধা দিবলৈ | সেই অচিনাকি মানুহজনৰ লগত, তেখেতৰ হাতত ধৰি আহিব লৈছিলো | সেইদিনা বেদ খুড়াই আকৌ কান্দিছিল | কোনেনো জানিছিল সপোনখন আৰু বেদ খুড়াক মই যে শেষ বাৰৰ বাবে দেখিছিলো |
৬ নং চিগাৰেটতো শেষ হোৱাত সি থমকি ৰ'ল | পেকেটটো খুচৰিলে, ইতিমধ্যে শেষ হৈছে | অনুৰাগেও একো নোকোৱাকৈ দুৱাৰখনৰ ফালে আগবাঢ়ি গ'ল | সমীৰৰ গালদুইখন ইতিমধ্যে চকুৰ পানীৰে তিতি গৈছে | বাহিৰত আন্ধাৰ হ'ব হৈছে | হেঙুলীয়া বেলিৰ পোহৰে সিহঁত থাকা ফটোখন উজ্বলাইছে দিনটোত শেষবাৰৰ বাবে |
(অহা সংখ্যাত)
মন্তব্য কৰক