Header Ads

জাতি -মাটি -ভেঁটি - অভিজিত গগৈ


জাতি মাটি ভেঁটি
এই শব্দ তিনিটি 
বক্তৃতাতে সীমাৱদ্ধ নকৰি 
জানি বুজি আকুলতাৰে  
লোৱা আদৰি ।।।



নানা জাতি উপজাতি 
কৃষ্টি সংস্কৃতি 
একতাৰ ডোলেৰে 
গঢ়ো আমি মিলনভূমি 
সেয়াই আমাৰ  অসমভূমি।।।



জাতি মাটি ভেঁটি 
ভাৱাৰ্থ 
হৃদয়ংগম কৰি
হাতে হাত ধৰি 
আগুৱাই লৈ যোৱা হওঁক
আমাৰ আই জননীক 
সোণৰ  অসম খনিক।।।



জাতি মাটি ভেঁটিৰ কথা কৈ 
নকৰিবা নিঃশেষ নিজ ব্যক্তিত্বৰ 
কাতৰ আহ্বান শুনিছানে 
খাটি খোৱা মানুহৰ ।।।



নকৰিবা অৱহেলা 
নকৰিবা প্ৰতাৰণা    
নকৰিবা লাঞ্চনা 
নকৰিবা নিঃচিহ্ন 
অসমীয়া সত্তা 
কামনা নকৰো জানা
তেনে কিবা কাম কৰা ।।।



গান্ধীৰ বাণী 
মনত ৰাখি
আগুৱাই যাওঁ আহা
সকলোৱে মিলিজুলি 
শান্তি- সম্প্ৰীতি বজাই ৰাখি।।।



আছে  অৰ্থ বিশ্বাসৰ
আছে  অৰ্থ দায়িত্বৰ
মসৃণ কৰা হৃদয়খনৰ
বৰ্তাই ৰাখা নিঃস্বাৰ্থৰ।।।



ৰঙীন সপোন ৰচা অসমৰ 
মন জিনিবা জানা 
সাধাৰণ মানুহৰ 
মন জিনিবা জানা
সাধাৰণ মানুহৰ 
মন জিনিবা জানা 
সাধাৰণ মানুহৰ ।।।



অভিজিত গগৈ, ডিমৌ 
শিৱসাগৰ 

No comments

Powered by Blogger.