Header Ads

অৰ্থ বিচাৰি - বিকাশ জ্যোতি নাথ


ভাষাবোৰ যে নিশ্চুপ
কোলাহল পৰিহাৰ কৰি।
অট্টহাস্যৰ কৌতুহলত
তলমল জীৱন নৌকা
ৰহস্য ভেদাৰ দুৰ্বাৰ হেঁপাহ,
ক্ষণে ক্ষণে উজুটি খোৱা
মৃতপ্ৰায় শিথিল শৰীৰটো
বাকী থকা প্ৰাণকণো যেন
ঢালি দিব সেই
কাগজৰ বান্ধত মেৰখোৱা
অনাগত ব্যৰ্থ চেষ্টাবোৰত।

ৰিণি ৰিণি শুনা
বিনোৱা চৰাইৰ মাতত
মনত পৰে চাকিৰ পোহৰৰ
সোণালী দিনবোৰলৈ,
আন্ধাৰতো চিনি পোৱা
কেঁচা আলিৰ দুৱৰি।

আজিৰ আন্ধাৰ দুৰ্বিসহ
পোহৰেও উজ্বলাব নোৱাৰা
কংক্ৰিটৰ ৰাস্তাত অকাল চিৎকাৰ
"জীৱন, সেউজ, নীলিম…"



✍🏼বিকাশ জ্যোতি নাথ
৯৯৫৭৫০৩০৫৯
Powered by Blogger.