Header Ads

সৰস্বতী আইৰ নামত ❣ অভিজিত গগৈ




মা সৰস্বতী দেৱী 
কৰিছো মিনতি 
তোমাৰ চৰণত ধৰি 
দিয়া সুমতি 
দিয়া সুবুদ্ধি 
উপহাৰ দিয়া 
নতুন নতুন সৃষ্টি ।।।


তোমাৰ হাতৰ বুলনিত 
তুলি ল'ম 
মোৰ কলমটি
কৰি যাম প্ৰকাশ 
মোৰ   মনৰ ভাৱটি
জানো মই দিয়া 
মোৰ  ওপৰত আছে 
তোমাৰ কৃপা দৃষ্টি ।।।


বিস্তাৰিত কৰিম 
ন ন লিখনি 
মাথো তুমি 
লগত থাকিবা
দিন-ৰাতি 
একাকাৰ কৰি 
দি যাবা কেৱল 
এজোলোকা 
আশীৰ্বাদ তুমি ।।।


পুনৰ বাৰ 
শত কোটি প্ৰণাম 
যাচিছো তোমাক 
তুমি দিয়া নিৰ্মালী 
গ্ৰহণ কৰি
অক্ষুন্ন ৰাখিম
আধ্যাত্মিকতাৰ 
গুণ-গৰিমা 
সমস্ত জগত খনিত ।।।



 অভিজিত গগৈ 
       ১০|০২|২০১৯

Powered by Blogger.