Header Ads

সুস্থিৰ সমাজ ✍ অভিজিৎ গগৈ



সুস্থিৰ সমাজ এই শব্দ দুটি শুনিবলৈ ভাল
বা পঢ়িবলৈ ভাল 
বা লিখিবলৈও ভাল ।।।।
সুস্থিৰ সমাজ এখন গঢ়িবলৈ 
নেতা পালিনেতাই শিৰ ফুলাই 
চিঞৰি চিঞৰি ক'ব পাৰে, 
কিন্তু সুস্থিৰ সমাজ এখন গঢ়িবলৈ 
কিমান জনে চেষ্টা কৰে? 
কিমান জনে চেষ্টা কৰে ? 
কিমান জনে চেষ্টা কৰে? ? ? 

সুস্থিৰ সমাজ ......

জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে 
আমি এক 
জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে 
আমি এক 
এই কথাষাৰি প্ৰত্যেকে ক'ব খোজে, 
কিন্তু প্ৰকৃতাৰ্থত
এক হ'বলে
কিমান জনে চেষ্টা কৰে ?
কিমান জনে চেষ্টা কৰে? 
কিমান জনে চেষ্টা কৰে ???

সুস্থিৰ সমাজ .....

দিল্লীৰ ৰাজপথত
নাঙঠ কৰিলা অসমী আইক 
নাঙঠ কৰিলা অসমীয়াক 

সোঁৱৰাই দিছো তোমালোকক...

অস্হিৰ নকৰিবা সুস্থিৰ সমাজক 
সময় থাকোতে বোজা 
ভাষা আৰু সাহিত্যক।।।।

৮৫৫ জন শ্বহীদৰ 
কেচা তেজৰ টোপাল 
অসমৰ প্ৰত্যেক জন মানুহৰ
শিৰা -উপশিৰাই বৈ গৈছে 
বৈ গৈছে মাথো 
লাচিতৰ তেজ।।।।

সাবধান বৰমূৰীয়া সকল 
আছে হেংদাঙ 
লোৱাহে নাই
ল'লে কিন্তু ৰক্ষা নাই ।।।।

শান্তিৰ বন্যা  আকোঁৱালি 
লোৱা  হওঁক
তেতিয়াহে বুজি পাম
কিমান মৰম কৰা 
সাধাৰণ মানুহক?
কিমান মৰম কৰা 
সাধাৰণ মানুহক ? 
কিমান মৰম কৰা 
সাধাৰণ মানুহক? ? ?


✍ অভিজিৎ গগৈ

No comments

Powered by Blogger.