ৰ'ডচাইদ ৰকষ্টাৰ ★ বিশ্ব নাথ
ভাহি আহে এমুঠি চিনাকি সুৰৰ ঝংকাৰ
ভগা টোকাৰীৰ গোজৰণিত বাসনাৰ আস্ফালন--
সেই পদপথৰ দাঁতিৰ গছজোপাৰ তলত
নতুন পুৱাৰ নতুন কিৰণৰ ভাঁজত
আখৰা মাথো একেই গানৰ,একেই সুৰৰ
"অ' পক্ষী ৰৈয়া যা ৰে"..
ঘূণে খোৱা ঠুনুকা টোকাৰীৰ উচুপনি
আৰু মামৰে ধৰা তাঁৰৰ বিননি
শোটোৰা আঙুলিৰ বুলনিত
এপাহ গোলাপ ফুলে কৰুণ সুৰৰ
সুৰে সুৰে বৈ যায়
সংগ্ৰামী জীৱনৰ মুক্ত হুমুনিয়াহ
অভিনৱ গানৰ সোপানত
আকৌ নতুন প্ৰাণ অবুজ তান...,
শংকা মাথো
পাহৰণিৰ গৰ্ভত আপোন গান হেৰুৱাৰ
চাকনৈয়াৰ পাকত চিনাকি সুৰ উটি যোৱাৰ--
ওৱলি যোৱা বিবৰ্ণ কামিজটোৱে
শীত-তাপ নাকাটিলেও নাই
আক্ষেপ নো কিহৰ?
সহজাত জীৱন,এনেই চলি যায়,--
আঁউসীৰ মুখখনিত
ঘোলা চকুৰ সতেজ চাৱনি
নিস্তেজ ওঁঠত স্পষ্ট্য বেঁকা হাঁহি
ঈপ্সা অক্ষুন্ন বোকাৰ পদুম ছিঙাৰ...
অন্ধ দুচকুতোও হেজাৰ সপোনৰ হেন্দোলনি
আকাশ চুৱাৰ,জগত জিনাৰ
পাৰ ভঙা হেঁপাহৰ আকুলতা,..
সন্মুখৰ থালীখনৰ
এটকীয়া-দুটকীয়া আশা
স্বচ্ছ প্ৰতিবিম্বিত হৈ চিটিকি আহে
দুওঁঠত এপিয়লা হাঁহি হৈ--
উকা জীৱন পৃষ্ঠাত
সুৰৰ মায়াৰে গানেই অংগীকাৰ
জুইয়ে পোৰা সোণে গঢ়া
ৰ'ডচাইদ ৰকষ্টাৰ--।
✦বিশ্ব নাথ ✦
মন্তব্য কৰক