পৰিচয় <> গৌৰাংগ গগৈ
আমি বাৰু সঁচাকৈ অসমীয়া নে?
নে আমি কোনোবা বিদেশী?
কিয় নাজানো দিব আমি শ্বহীদৰ তেজৰ মূল্য?
পাৰিছো জানো নাই পৰা।
আমি বৰ্তমান পিকনিক নতুবা জাতীয় উৎসৱত ব্যস্ত আমি সকলো।
আমি একো নাজানো , নোৱাৰোঁ একো কৰিব।
আমি কেৱল নিজক লৈ ব্যস্ত। কাৰণ আমি ভাবোঁ সিহঁতে কৰিব।
আমি কেৱল নিজক লৈ ব্যস্ত। কিন্তু, কোন সিহঁত?
যাৰ প্ৰতিবাদক আমি টেলিভিছনৰ সন্মুখত বহি ঠাত্তা কৰোঁ।
নিউজ চেনেলৰ ৰিপৰ্টাৰক ধুনীয়া মাতক লৈ ব্যস্ত আমি, আমি ব্যস্ত ' বাবু ভাত খালা ' ক লৈ।
আৰু আমাৰ এই ব্যস্ততাৰ হেতুকে আজি কাৰোবাৰ পুত্ৰ , কাৰোবাৰ স্বামী , কাৰোবাৰ ভাতৃ উলংগ হল।
কিয় আমি এনেকুৱা?
কিয় আমি নগ্নতাৰ কালিমা সানিব লগা হল?
কাৰ বাবে ৰৈ আছোঁ আমি! কাৰোবাৰ মাতৃ , কাৰোবাৰ পত্নী , কাৰোবাৰ ভগ্নী উলংগ হল।
আমি হয় জানো বীৰ লাচিত, চিলাৰায়ৰ নাতি পুত্ৰ সন্তান?
আমি হয় জানো চিলাৰায়ৰ বংশক?
বিশ্ব দৰবাৰত অসমী আই নগ্ন আজি।
কিয়? কিয়? কিয়?
কিয় নিচ্চুপ আমি আজি কিয় আমাৰ মাত নাই?
আমি বাৰু হয়নে অসমীয়া ?
গৌৰাংগ গগৈ
মন্তব্য কৰক