Header Ads

অতীতৰ পৃষ্ঠা সুঁৱৰি : সুশীল গগৈ


মৰমৰ বন্ধু মইনুল,

জি বহুত দিনৰ মূৰত তোমালৈ বুলি একলম লিখোঁ বুলি হাতত কলম তুলি ললোঁ। কি হল? চিঠি লিখিটো ভাগৰি গ'লো। কিন্তু তোমাৰ পৰা কোনো উত্তৰ নাপালোঁ। পাহৰি গ'লা নে পাহৰাৰ ভাওঁ জুৰিলা নাজানো। খং উঠিছে নেকি চিঠিখন পাই? ভাবিলা চাগে, কোন এই আজনৱী! যি আজিৰ এই চ'ছিয়েল মিডিয়াৰ যুগত চিঠিৰ আশ্ৰয় লৈছে। আজনৱী নহয়, নহয় মই তোমাৰ অচিনাকি ব্যক্তি। মনত পেলোৱা নব্বৈৰ দশকৰ কথা। চৌৰাখী - পঁচাশী চনত মই মৌচাকৰ অকণি প্ৰতিনিধি আছিলোঁ। অকণিৰ প্ৰতিনিধি শিতানত মোৰ নাম পাই তুমি পত্ৰ-বন্ধু হোৱাৰ বাবে তুমি চিঠি পঠাইছিলা। এই বন্ধুত্ব অন্ততঃ দহ বছৰ ধৰি চলি আছিল। কিন্তু তাৰ পাছত তুমি হঠাৎ নীৰৱ হৈ গলা। চিঠি লিখি লিখি মইও হয়তো তোমাক পাহৰি গলোঁ । আজি হঠাৎ মনত পৰিল। তোমাৰ খবৰ লবলৈ মন গ'ল । তাকো পত্ৰৰ জৰিয়তে। কেনে আছা তুমি? চলাই আছেনে এতিয়াও তুমি ফটোগ্ৰাফীৰ কাম? তোমাৰ সংসাৰৰ বিষয়ে জনাবা। শেষত মোৰ মৰম তোমাৰ পৰিয়ালক সকলোকে দিবা। চিনিব পাৰিছানে মই কোন? ডিব্ৰুগড়ৰ খোৱাং নাজিৰা পৰীয়া গাওঁৰ সুশীল গগৈ (একসময়ৰ মৌচাক আলোচনী অকণি প্ৰতিনিধি ) 
ইতি 
তোমাৰ বন্ধু
সুশীল গগৈ
খোৱাং চাৰিআলি
৯৯৫৪৫৬৭৩৬৪

No comments

Powered by Blogger.