Header Ads

কাশ্মীৰ - জাহাঙ্গীৰ আলম


প্ৰকৃতিৰ এই নিজান বুকুত
সেউজীয়া ফলমূলেৰে ভৰা
স্বৰ্গতূল্য কাশ্মীৰত 
ভিন ভিন প্ৰান্তৰ পৰা পৰ্য্যটক আহি
প্ৰকৃতিৰ মায়াত আপ্লুত হৈ
আনন্দতে যেন আত্মহাৰা হয়।
নিজকে যেন হেৰুৱাই পেলায়
হেৰুৱাই পেলায় যেন 
কাশ্মীৰৰ পাহাৰ আৰু ভৈয়ামৰ মাজত
হিমৰ মলয়া মৃদু পৱনত
থৰথৰ কৈ কঁপি কঁপি 
শুভ্ৰ হিমৰ চেঁচা বুকুত
নিজৰ হেঁৰুৱাই যোৱা ঠিকনাটি 
যেন নিতৌ থাকে বিচাৰি।
এই স্বৰ্গতূল্য কাশ্মীৰখনত
দিনে প্ৰতিদিনে হৈ থাকে 
ছিচ ফায়াৰ উলংগণ
পাক অধীকৃত কাশ্মীৰখনক লৈ
আদিৰে পৰা চলি আছে এক বিতৰ্ক
দিনে নিশাই হৈ থাকে শ্বেলিং
ক'ত জনৰ যে এতিয়ালৈ গল প্ৰাণ ।
এই মহাযুদ্ধৰ অন্ত কেতিয়া পৰিব
প্ৰতিজন কাশ্মীৰিৰ অন্তৰে অন্তৰে
নিতৌ যেন এক ভয়ে খোকলা কৰিছে
স্বৰ্গতূল্য এই কাশ্মীৰত
কেতিয়া যে মহাপ্ৰলয় হয়
এয়া কোনেও ক'ব নোৱাৰে ।
---------------------------------------


                                                                        জাহাঙ্গীৰ আলম

No comments

Powered by Blogger.