Header Ads

কুঁহিপাঠ- এটি টোকা



 সময় বোৰ চকুৰ পলকত কেনেদৰে পাৰ হৈছে ভাবিবলৈ যেন আহৰি নোহোৱা হল। ব্যস্ততা পূৰ্ণ  এই সময়চোৱাত ভিন্ন মৌলৰ মাজত সাঙোৰ খাই এই সংখ্যা প্ৰকাশ পোৱাত কিছু পলম হল। পাঠক সকলৰ ওচৰত বাৰুকৈ ক্ষমাপাৰ্থী। দায় দোষ নধৰিলে সকাহ পাম। 
আপোনাসৱৰ এনে সহায় সহযোগিতাৰে বহুখিনি আগুৱাই আহিলো।জনাবলৈ পায় সুখী যে কুঁহিপাঠে ইতিমধ্যে ৩৫k+ দৰ্শিত পৃষ্ঠা আৰু শ্বেয়াৰ আজুৰি আনিবলৈ সক্ষম হৈছে। আগন্তুক দিনত অসমৰ চুকে-কোণে ভিন্ন মনোমোহা কাৰ্যসূচী লবলৈ আমি তৎপৰ। লগতে শুভাকাংখী তথা দৰ্শকৰ আহ্বান  মৰ্মে আমি অহা সংখ্যাত স্বাস্থ্য, বিশ্বৰ ইমুৰে-সিমুৰে তথা কেৰিয়াৰ বাৰ্তা  বিষয়ক শিতান সমূহ সন্নিৱিষ্ট কৰিবলৈ যো-যা লগাইছোঁ।  আকৌ এবাৰ এই প্ৰচেষ্টাক আঁকোৱালি লোৱা বাবে সমূহ পাঠক, কৰ্মকৰ্তা তথা শুভাকাংখী সকলক অশেষ ধন্যবাদ জনালোঁ।

লগতে যদি পাঠক সকলে অংকন/ স্থিৰচিত্ৰ নাইবা অন্য দৃষ্টি মূলক লেখা শিতানলৈ নিজৰ কোনো ধাৰণা প্ৰকাশ কৰিব বিচাৰে তেন্তে তলত দিয়া ঠিকনালৈ মেইল কৰে যেন।

আপোনাৰ লেখা: https://www.kuhipath.org/p/blog-page.html

তদুপৰি যদি পাঠক সকলৰ কিবা প্ৰশ্ন থাকে তেনেহলেও আমালৈ মেইল কৰিব পাৰে।

ই- মেইল: info.kuhipath@gmail.com
দুৰভাষ:  9706186853
              9706394775
Powered by Blogger.