সেন্দূৰৰ নিস্তেজ ৰং ⥈ খণ্ড (১) ত্রিবেণী বৰা
অ' জান ঐ আকাশখন ধুনীয়া ................!
অ' জান ঐ তৰাৰে জ্বিলিকা..........!
অ' ভৰত দা কি কৰি আছানো ?ৱাহ .....আজি দেখোন বৰ ফূৰ্তিত আছা ,বিহু লাগিলেই মানে ন.......| পিংকীয়ে মাত দিয়াত ,ভৰতে ঢোলৰ বাৰতি ডাল টানি টানি মাত লগালে | অ' তই এইফালে আহ .....! উম বিহু লাগিছে ৰ'হ .....! ঢোলটো থিক কৰি লৈছো | অলপ বেয়া হৈ আছে ! অ'....অ'....বিহু বুলি ক'লে তোমাৰটো গাত তত্ নাইকিয়া হয় ! হবই,টো ....এই অঞ্চলত তোমাৰ নিচিনা বিহুৱা কেইজন ওলাব !
হা...হা...হা...ভৰতে হাঁহি পিংকীৰ কথাৰ উত্তৰ দিলে ....!হয় অ' বিহু মোৰ প্রাণ ,মোৰ উশাহ ......! ঢোলৰ চাপৰত মই প্রাণ পাই উঠো অ' | হ'ব দিয়া ......সেইবোৰ বাদ দিয়া ,এতিয়া কোৱা মোক এইবাৰ কেইখন বিহু মঞ্চত নচুঁৱাবা.......?
উম ,তই ৰেডি হ.....|ভাটিৱেলাৰ পৰা ৰিহাৰ্চেললৈ আহিবি .....|এইবাৰ কামপুৰৰ আটাইকেইখন বিহু মঞ্চ কপাঁব লাগিব | হ'ব দিয়া ,তুমি আছা যেতিয়া চিন্তা নাই |থিক আছে নিৰ্মালি ,জোনালী হঁতকো লৈ আহিবি.......|অ' হ'ব এইবুলি পিংকী দৌৰি ঘৰমুৱা হয় |
ভৰত শইকীয়া ......|কামপুৰৰ এজন উদীয়মান যুৱক | সংস্কৃতি -জগতৰ লগত উত:প্রোতভাৱে জড়িত ! এজন ভাল বিহুৱা হিচাপে সুনাম আছে | শ্রেষ্ঠ ঢুলীয়া হিচাপে বহুতো পুৰস্কাৰ আজুৰি আনিবলৈ সক্ষম হৈছে |চাৰিজন ককাই -ভাই আৰু দুজনী বায়েক মা-দেউতাকৰ সৈতে ডাঙৰ পৰিয়ালত বাস কৰে | ভৰত তিনি নম্বৰ ককাই -ভাই ভিতৰত |ককাইয়েকে বিয়া পাতিলে ল'ৰা -ছোৱালী হ'ল |
দুপৰীয়াৰ ভাত মুঠি খাই বিচনাত বাগৰিব ধৰোঁতেই পিংকীয়ে কাষৰ বেৰখনত উলমি থকা ঢোলটোত দুচাপ বজাই দিয়াত ভৰত খপ-জপকৈ সাৰ পালে ......!
কি যে নহয় তই ,কি মই ,তুমি পাহৰিলা নেকি ? বিহুৰ ৰিহাৰ্চেল কৰিব লাগে ....! অ'হ অ'.....! ৰহ, মই মুখখন ধুই আহো .......মাই ফিকা চাহ একাপ দিবিচোন ......| ভৰতে মুখখন ধুই ততাতৈয়াকৈ মাকে বাকী থোৱা চাহ-কাপ খাইয়ে ,ঢোলত চাপৰ দিলে ......!
ভৰত দা ,আজি বৰদৈচিলা চাপৰটো শিকোৱা ,সেইটো ভাল লাগে ,প্রথম আৰম্ভণি সেইটো দিবা ,গা-একদম সাত-খন ,আঠ খন লাগি যায় | হ'ব দে ,মই বজাম ,তহঁতে শাৰী পাতি সাজু হ......|
আইযৌ........বুলি কওঁতেই ৰাম
ও পাইহি তালযোৰ লৈ .....দে ৰাম.....লগাই দে.......!
আইযৌ..........
ধিনতাক ....তাকধিন .....তাকধিন .....ধেইয়া....ধেয়.........! খিততাক....ধিন....তাক...ধিন.....ধেইয়া......তিনতাক...ধিন.....তাক......ধিন ....ধেইয়া....হে....হে....হে....আ....হে.......!
তহঁতে বিহু নামবোৰ মুখস্থ কৰিবি ,,,,,,সাজ লাগিবৰ হ'ল ,মই সামৰিছোঁ ! গৰুহাল পথাৰৰ পৰা আনিবৰ হ'ল ....!তহঁত যা এতিয়া.....!
সকলো ঘৰাঘৰি যায় !ভৰতেও পথাৰৰ পৰা গৰুহাল আনিবলৈ খোজ লয় !
......আগলৈ
⤊ত্রিবেণী বৰা
মন্তব্য কৰক