Header Ads

কুইজ বিষয় বস্তু : শংকৰদেৱ : ফেব্ৰুৱাৰী ২০১৯ সংখ্যা




 বিষয় বস্তু : শংকৰদেৱ


[১] ১৪৮৩ শকৰ ফাগুনৰ সাত তাৰিখে পুৰুষোত্তম ঠাকুৰৰ জন্ম হয় । অনিৰুদ্ধ দাসৰ 'গুৰু-বৰ্ণনা'মতে সাতত্ৰিশ বছৰ বয়সত পুৰুষোত্তম জানিয়ালৈ যায় আৰু তাতে থাকি বাৰজন মহন্ত পাতে (এওলোকক বাৰজনীয়া বোলে ।প্ৰশ্ন হল____ পুৰুষোত্তম ঠাকুৰ শংকৰদেৱৰ কোন আছিল ?


[২]  বিদ্যা শিক্ষা আৰম্ভ কৰিয়েই শঙ্কৰদেৱে অ-আ ক-খ শিকিয়েই ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি বিষয়ক কবিতা "কৰতল কমল" ৰচনা কৰোঁতে অধ্যাপকৰ পৰা কি উপাধি লাভ কৰিছিল ?
  

[৩]  'গীতি ৰামায়ণ' কোনে ৰচনা কৰিছিল ?


[৪] "তৈল লোন নাই শুদা ব্যঞ্জনৰ এনে স্বাদ, বিনা জৰু বন্ধন" --------কথাষাৰ কোনে কৈছিল ?


[৫]  বৰদোৱাৰ আলিপুখুৰী নামে ঠাইখন বৰ্তমান বৰদোৱাৰ পৰা কিমান মাইল দূৰত অৱস্থিত ?


[৬] মাধৱ কন্দলি কোন যুগৰ কবি ?


[৭]  শংকৰদেৱৰ প্ৰথমটো অনুবাদ কবিতাৰ নাম কি ?


[৮]  ১৩৯২ শকত শংকৰদেৱে সূৰ্য্যৱতীক বিবাহ কৰাই । বিবাহৰ ৩ বছৰৰ পিছত সূৰ্য্যৱতীৰ গৰ্ভত এটি কণ্যা সন্তান ৰ জন্ম হয় ।এতিয়া প্ৰশ্ন হল....সেই কণ্যা সন্তানটিৰ নাম কি ৰখা হৈছিল ?


[৯]  "ডেকাগিৰি" বুলি কাক কোৱা হৈছিল ?


[১০]  শংকৰ মাধৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি কোৱা হয় ।
এতিয়া কব লাগে_____ মাধৱদেৱক কোনে শংকৰদেৱৰ ওচৰলৈ লৈ গৈছিল ?


[১১]  সাধাৰণ মানুহৰ মাজত কৃষ্ণভক্তিৰ প্ৰতি মন কৃষ্ট কৰিবলৈ শংকৰদেৱে সাহিত্যত অসমীয়া ভাষাৰ সলনি এক পৃথক ভাষা ব্যৱহাৰ কৰিছিল । ভাষা টোৰ নাম কি ?


[১২] ৰামায়ণৰ আদিকাণ্ডৰ সাৰ গ্ৰহণ কৰি শঙ্কৰদেৱে এইখন নাট ৰচনা কৰিছিল। কেনেকৈ ৰামে হৰধনু ভাঙি সীতাক লাভ কৰে আৰু অযোধ্যালৈ যাত্ৰা কৰোঁতে বাটত পৰশুৰামক যুদ্ধত পৰাস্ত কৰে এই সমস্ত ঘটনাৱলীয়ে এই নাটৰ মূল আধাৰ।প্ৰশ্ন হল:~ নাট খনৰ নাম কি ?


[১৩]  শংকৰদেৱৰ সৰুকালৰ নাম কি আছিল ?



যোৱা জানুৱাৰী সংখ্যাৰ উত্তৰাবলী:  বিষয়বস্তু: অসমৰ ইপাৰে- সিপাৰে

১ উ:  গদাধৰ সিংহই ।
২ উ:  চাৰিটা ।
৩ উ: আব্দুল মজিদ ।
৪ উ: মথুৰাদাস আতা ।
৫ উ: যোৰহাটত ।
৬ উ: ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নী । 
৭ উ: ইটাখুলিৰ ৰণ ।
৮ উ: নুমলীগড়ত ।
৯ উ: ১৯৪৮ চনত ।
১০ উ: ডিব্ৰুগড়ৰ চাবুৱাত ।



যোৱা জানুৱাৰী সংখ্যাৰ ভাগ্যসালি ৩ ব্যক্তি হল ক্ৰমে  - 



১) ব্ৰজেন মহাজন - পাটাচাৰকুচি

২) ইন্দ্ৰানী মহন্ত - ডুমডুমা

৩) খনিন মজুমদাৰ - যোৰহাট



কুঁহিপাঠৰ সমূহ পৰিয়ালৰ তৰফৰ পৰা আপোনালোকক পুৰস্কৃত কৰা হব।  সংগ্ৰহ কৰিবলৈ আমাৰ যোগাযোগ বিভাগত জৰিত হওক। ধন্যবাদ ।

No comments

Powered by Blogger.