Header Ads

ভেলেণ্টাইন ডে ⚘ কৰবী মহন্ত কলিতা


"প্ৰেমত ভ্ৰমিছে ভূমণ্ডল
 প্ৰেমত ফুলিছে শতদল"


   প্ৰেমৰ বাবেই সুন্দৰ এই পৃথিৱী। প্ৰেমৰ আখ্যানৰ বাবে চহকী হৈ আছে বিশ্ব সাহিত্যৰ ভঁৰাল। ৰোমিঅ- জুলিয়েট, লাইনা-মজনু, সাৱিত্ৰী- সত্যবান , মমতাজ- চাহজাহান আদি মনীষী- মহীয়সী আদিয়ে প্ৰেমৰ বাবে অমৰ হৈ আছে। প্ৰেমৰ বাবে সৃষ্টি হৈছে বিশ্বশ্ৰেষ্ঠ সাহিত্য, নিৰ্মাণ হৈছে স্থাপত্য- ভাস্কৰ্য্য। প্ৰেমৰ পটভূমিত ঐতিহাসে ৰিঙিয়াই। সৃষ্টি হৈছে বিশ্ব বিখ্যাত তাজমহল। 


   প্ৰেম বৈ যায় হৃদয়ৰ পৰা হৃদয়লৈ। নিৰবধি নৈৰ দৰে, দুৰন্ত প্ৰেমৰ গতি। প্ৰেমে নামানে বাধা। 


    প্ৰেমৰ এই দিনটোৰো তাৎপৰ্য্য আছে। সেয়া আছিল ৰোমান সাম্ৰাজ্যৰ তৃতীয় দশকৰ কাহিনী। ৰোমান সাম্ৰাজ্যৰ অধিপতি আছিল সম্ৰাট ক্ৰডিয়াছ । তেওঁ সাম্ৰাজ্য সম্প্ৰসাৰণৰ বাবে নিজৰ সৈন্য বাহিনীৰ সংখ্যা বৃদ্ধিৰ হেতু প্ৰেম আৰু বিবাহ নিষিদ্ধ কৰিছিল। কাৰণ দেশৰ সৈনিকসকলে পৰিয়াল এৰি যুদ্ধলৈ যাবলৈ বিচৰা নাছিল। কিন্ত ৰোমান যাজক ছেইণ্ট ভেলেণ্টাইনে সম্ৰাটৰ এই কঠোৰ সিদ্ধান্তৰ প্ৰত্যাহ্বান জনাই সৈনিকসকলৰ গোপনে বিবাহ অনুষ্ঠিত কৰিছিল। সম্ৰাটে ভেলেণ্টাইনৰ ওপৰত শাৰীৰিক , মানসিক নিৰ্যাতন চলাইছিল। তেওঁক কাৰাগাৰলৈও নিক্ষেপ কৰা হৈছিল। অৱশেষত তেওঁক মৃত্যদণ্ড বিহা হ'ল। সেই দিনটো আছিল ২৬৯ খ্ৰীষ্টাব্দৰ ১৪ ফেব্ৰুৱাৰী। ভেলেণ্টাইন দেশৰ সৈনিকসকলৰ মাজত জনপ্ৰিয় হৈ পৰিছিল। তেওঁ ইমানে জনপ্ৰিয় হৈ পৰিছিল যে তেওঁৰ মৃত্যুত তেওঁৰ অনুগামীসকল শোকত ভাগি পৰিছিল আৰু , সেয়েহে তেওঁৰ মৃত্যুৰ দিনটো ভেলেণ্টাইন ডে হিচাপে পালন কৰিবলৈ ল'লে।


      কিন্ত প্ৰশ্ন হয় বৰ্তমান যুগত প্ৰেম মাথো দেহ সৰ্বস্ব নেকি? ভেলেণ্টাইন  ডেৰ সংজ্ঞা কেৱল এখন কাৰ্ড , এটা ফুল বা ফেচবুক, হোৱাটছ আপ, ৰেষ্টোৰা, পার্ক আদিৰ মাজতে সীমাবদ্ধ কৰিব পৰা যায় নেকি? যান্ত্ৰিক পৃথিৱীখনত ভেলেণ্টাইন ডে পালন কৰাটো আঘোষিত প্ৰতিযোগিতাত পৰিণত হ'ল। এই দিনটোতে ধৰ্ষণ, হত্যাৰ দৰে ঘটনা সংঘটিত হোৱাও পৰিলক্ষিত হয়। লাহে লাহে সলনি হৈ গৈ আছে প্ৰেমৰ সংজ্ঞা। প্ৰেয়সীৰ দুচকুত এসাগৰ নীলা দেখিবলৈ প্ৰেমিকজনৰ প্ৰেমৰ সংজ্ঞা সলনি হৈ প্ৰেম দেহসৰ্বস্ব হৈ পৰিল। যাৰ বাবে যুৱ বিশৃংখলতা, যুৱ অপৰাধমূলক ঘটনাবোৰ ঘটিবলৈ লৈছে। প্ৰেম হৈ পৰিছে কলুষিত।


   ঐতিহাসিক প্ৰেমৰ আখ্যানেৰে মহীয়ান হোৱা প্ৰেমৰ এই দিনটোত প্ৰেমৰ পথাৰখনত সৃষ্টিৰ সোণগুটি সিঁচি প্ৰেম বৈ পৰক হৃদয়ৰ পৰা হৃদয়লৈ ফল্গুধাৰা হৈ। ভেলেণ্টাইন ডে এটি মাথো প্ৰেমৰ দিন নহৈ প্ৰেৰণাৰ উৎস হওক। বিশ্বজুৰি প্ৰতিষ্ঠিত হওক প্ৰেমৰ মহত্ব, সুন্দৰৰ আৰাধনাৰে, নিত্য নতুন সৃষ্টিৰ সম্ভাৱনাৰে।


      কৰবী মহন্ত কলিতা

No comments

Powered by Blogger.