সাধুকথাৰ বিবৰ্তিত ৰূপ চুটিগল্প : কৰবী মহন্ত কলিতা
আদিমকালৰপৰা মৌখিকৰূপত চলি অহা সাধুকথাবোৰে কল্পনাৰ সুদুৰপ্ৰসাৰিতা আৰু কল্পনাৰ প্ৰাণস্পৰ্শী সৰলতাৰ বাবে সৰ্বকালে পৃথিৱীৰ সকলো দেশতে জনপ্ৰিয়তা লাভ কৰি আহিছে। প্ৰাক ঐতিহাসিক কালৰপৰা চলি অহা সাধুকথাবোৰে ঊনৈশ শতিকাৰ বিজ্ঞান- প্ৰযুক্তিৰ প্ৰগতিৰ যুগত নতুন ধাৰা সৃষ্টি কৰি চুটিগল্পৰ ৰূপ লয়। আদিম সভ্যতাৰ বিকাশৰ লগে লগে মানুহৰ চিন্তা ভাৱনাৰো বিকাশ হ'বলৈ ধৰে। সাধুকথাবোৰে বিৱৰ্তনৰ পথত ৰূপকথা, নীতিমূলক কাহিনী আৰু পুৰাণ কথাৰ ৰূপ পৰিগ্ৰহ কৰে। এই বিৱৰ্তনৰ ইতিহাসৰ মাজেৰে প্ৰাক ঐতিহাসিক যুগৰ পৰা আৰম্ভ কৰি মানৱ সভ্যতাৰ বিভিন্ন স্তৰ অতিক্ৰম কৰি উনবিংশ শতিকাৰ চুটিগল্পৰ স্তৰত উপনীত হ'লহি। প্ৰাচীন সাধুকথাবোৰত চৰাই- চিৰিকটি, জীৱ- জন্তু , মানুহক লৈ অনেক মনজ্ঞ কাল্পনিক চুটি কাহিনী মৌখিক ৰূপত চলি আহিছিল। বোক্কাচিয়াৰ হাতত প্ৰাচীন সাধুকথাবোৰে সচেতন দৃষ্টিভংগী আৰু আঙ্গিকৰ অভিনৱত্বৰে চুটিগল্পৰ প্ৰাথমিক বুনিয়াড ৰচনা হ'ল।
উনবিংশ শতিকাৰ চুটিগল্পৰ আধুনিক ৰূপটো ইউৰোপত গঢ় লৈ উঠিছিল। অষ্টাদশ শতিকাৰ শিল্প বিপ্লৱ আৰু ফৰাচী বিপ্লৱে ইউৰোপত পৰম্পৰাগত জীৱনধাৰাৰ পৰিৱৰ্তন ঘটালে। মানুহে বিশ্বাসতকৈ যুক্তিৰ ওপৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰিলে। নিউটন, ডাৰউইন, আইনষ্টাইন, ৰুচো প্ৰভৃতি বিজ্ঞানীসকলে আবিষ্কাৰ কৰা অভিনৱ বৈজ্ঞানিক তত্বয়ো জগত আৰু জীৱন সম্পৰ্কে মানুহৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন ঘটালে। বিপ্লৱী চিন্তা আৰু চেতনাৰ ফলস্বৰূপে উনবিংশ শতিকাত ইউৰোপত চুটিগল্পৰূপে সাহিত্যৰ এটি নতুন ধাৰাৰ সৃষ্টি হ'ল। বিশ্বৰ সাধুকথাই বিৱৰ্তনৰ মাজেৰে চতুৰ্দশ শতিকাত বোক্কাচিয়ৰ হাতত চুটিগল্পৰ ৰূপ পৰিগ্ৰহ কৰাৰ দৰে বেজবৰুৱাৰ হাতত প্ৰাচীন সাধুকথা আৰু চুটিগল্প সমন্বয় সংযোগ সাঁকো নিৰ্মাণ হৈছিল। বিৱৰ্তনৰ পথত সেই সাধুকথাৰূপী চুটিগল্পবোৰে আৱাহন, আৰু তাৰ পৰ্ৰৱৰ্তী ৰামধেনু যুগৰ মাজেৰে আহি আহি আজিৰ অৱস্থা পাইছে।
মন্তব্য কৰক