থোৰতে অসম বাজেট ২০১৯-২০
•অৰুন্ধতী নামৰ এখন নতুন আঁচনি ঘোষণা।
•কন্যা সন্তানৰ বিবাহৰ এটোলাকৈ সোণ।
•অৰুন্ধতী আঁচনিৰ জৰিয়তে এই ঘোষণা।
•এই আঁচনিখনৰ বাবে ৩০০ কোটি টকা ধাৰ্য।
•দুটা সন্তানৰ বাবে প্ৰযোজ্য হ’ব এই আঁচনি।
•বছৰি ৫ লাখ টকাতকৈ কম আয়ৰ লোকলৈ এই আঁচনিৰ সুবিধা।
•লগতে ১৮ৰ পৰা ২১ বছৰৰ ভিতৰত হ’ব লাগিব কন্যাৰ বয়স।
•ইফালে, অসম দৰ্শন নামৰো আন এখন নতুন আঁচনি।
•ৰাজ্যৰ ১৬০খন দেৱালয় সামৰি এই আঁচনি।
•১৯৩২ৰ সকলো ধৰ্মীয় অনুষ্ঠান অসম দৰ্শনৰ আঁচনিত।
•দৰিদ্ৰ পৰিয়াললৈ সহাক দিলে বিত্তমন্ত্ৰীয়ে দাখিল কৰা আঁচনিখনে।
•অন্ন আঁচনিৰ দ্বাৰা ১ টকাত লাভ কৰিব ১ কেজি চাউল।
•পূৰ্বৰ ৩ টকা মূল্যৰ চাউল বৰ্তমান উপলব্ধ হ’ব ১ টকাত।
•১ এপ্ৰিলৰ পৰিবৰ্তে ১ মাৰ্চৰ পৰাই কাৰ্যকৰী হ’ব এই আঁচনি।
•মুঠ ৫৭ লাখ পৰিয়াল তথা ২ কোটি ৪৩ লাখ লোকে লাভ কৰিব এই আঁচনিৰ সুবিধা।
•দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীৰ বাবেও নতুন জ্ঞানদীপিকা আঁচনি।
•বছৰী ১ লাখ টকা কম আয়ৰ অভিভাৱকৰ সন্তানৰ বাবে স্নাতক মহলালৈকে শিক্ষা হ’ব বিনামূলীয়া।
•দিব্যাংগলৈ মাহিলী ১০০০ টকাকৈ জলপাণি।
•বেংকৰ একাউণ্টত জমা হ’ব এই ধন।
•কামৰূপৰ বকোত হ’ব দিব্যাংগ বিশ্ববিদ্যালয়।
•সংখ্যালঘুৰ কন্যাৰ বাবে ২০০ কোটি টকাৰ আৱন্টন।
•৬৩ হাজাৰ আত্মসহায়ক মহিলা গোটক ২৫ হাজাৰ টকা আৱন্টন।
•অটল অমৃত আঁচনিৰ অধীনত চাৰিটা সুবিধা সংযোজন।
•চাহ শ্ৰমিকৰ বেংক একাউণ্টত দিয়া হ’ব ২৫ হাজাৰকৈ টকা।
•১৫ ফেব্ৰুৱাৰীৰ ভিতৰত সোমাব দ্বিতীয় পৰ্যায়ৰ ধন।
•চাহ নিগমৰ কৰ্মচাৰীৰ বাবে ৯৯ কোটি টকা আৱন্টন।
•বাগিছাৰ লেবাৰ লাইনৰ পথ পকীকৰণৰ ব্যৱস্থা।
•চাহ শ্ৰমিকে বাগিছাত খোৱা চাহত ব্যৱহৃত নিমখৰ পৰিৱৰ্তে প্ৰতি মাহে ২ কেজিকৈ চেনী বিনামূলীয়াকৈ দিয়া হ’ব।
•বাগিছাৰ ১০ হাজাৰ যুৱক-যুৱতীৰ দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ।
•প্ৰশিক্ষিত যুৱক-যুৱতীয়ে পাব ২৫ হাজাৰ টকা।
•বাগিছাৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া প্ৰাতঃভোজন।
•ইউনিফৰ্ম পাব বিনামূল্যে।
•কৃষি বিভাগৰ বাবে ২০২৩ কোটি টকা আৱন্টন।
•মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য আঁচনিৰ জৰিয়তে ২০০০খন ট্ৰেক্টৰ বিতৰণ কৰা হ’ব বুলি ঘোষণা।
•আনহাতে, কলকাতাস্থিত সুধাকণ্ঠৰ ভূপেন হাজৰিকাৰ বাসগৃহ আৰু ওড়িশ্যাৰ সম্বলপুৰত থকা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহ সংৰক্ষণৰ বাবে ল’ব ব্যৱস্থা।
•ধলা-শদিয়াৰ সমীপত নিৰ্মাণ কৰা হ’ব ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ।
•লখিমপুৰ, বিহপুৰীয়াত নিৰ্মাণ হ’ব সাংস্কৃতিক প্ৰেক্ষাগৃহ।
•গোৱালপাৰাত ৰবীন্দ্ৰ ভৱনৰ আৰ্হিত নিৰ্মাণ হ’ব প্ৰেক্ষাগহ।
•উজ্বলা আঁচনিৰ বাবে ১২১ কোটি টকা আৱন্টন।
•দেশৰ কেবাখনো ৰাজ্যত নিৰ্মাণ কৰা হ’ব অসম ভৱন।
•ইতিমধ্যে নতুন দিল্লীৰ দ্বিতীয়টো অসম ভৱনৰ কাম ৯৯ শতাংশ সম্পূৰ্ণ হৈছে।
•গুৱাহাটীৰ উন্নয়নৰ বাবে জি এম ডি এক ৭৩৬ কোটি টকা, হস্ততাঁত আৰু বস্ত্ৰ শিল্পৰ বাবে ৩৫৩ কোটি টকা, স্বাস্থ্য •বিভাগৰ বাবে ৬৬৮৪ কোটি টকা আৱন্টন।
•আনহাতে মাজুলীৰ গড়মূৰত ১০০ খন বিচনা যুক্ত চিকিৎসালয় আৰু হোজাইত ২০০ খন বিচনাযুক্ত চিকিৎসালয় নিৰ্মাণ।
•হামৰেং-শালমৰা, বিশ্বনাথত জিলা চিকিৎসালয় নিৰ্মাণ।
•ৰাজ্যত স্থাপন কৰা হ’ব ১০খন আইন মহাবিদ্যালয়।
•উচ্চশিক্ষাৰ বাবে ২৫৬৭ কোটি টকা আৱন্টন।
•কাৰিকৰী শিক্ষাৰ বাবে ৪২০ কোটি টকা আৱন্টন।
•বন বিভাগৰ বাবে ৭৩৬ কোটি টকা আৱন্টনৰ ঘোষণা।
•আবকাৰী বিভাগৰ বাবে ৯০ কোটি টকা আৰু মৎস উৎপাদনৰ বাবে ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ আঁচনিৰ বাবে •৩০ কোটি টকা আৱন্টন। মীন বিভাগৰ বাবে ১১৯ কোটি টকা আৱন্টন।
•২০১৯ আৰু ২০২০ বৰ্ষত বাক্সা, ওদালগুৰি, চিৰাঙত স্থাপন হ’ব ডিআইইটি আৰু বি এড মহাবিদ্যালয়।
•মাজুলী, বিশ্বনাথৰ লগতে ৰাজ্যৰ কেবাখনো জিলাত স্থাপন হ’ব ডিআইইটি মহাবিদ্যালয়।
•ইয়াৰ বাবে ২০০ কোটি টকা আৱন্টন।
•প্ৰাথমিক শিক্ষাৰ বাবে ৮৪৬ কোটি টকা ধাৰ্য্য।
•আনন্দৰাম বৰুৱা বঁটাৰ বাবে ৫০ হাজাৰ কোটি টকা আৱন্টন।
•১০০ শতাংশ উত্তীৰ্ণ বিদ্যালয়ত ১ লাখ টকাৰ এককালীন সাহায্য।
•ইয়াৰ বাবে ১০ কোটি টকা আৱন্টন।
•বিদ্যালয়ৰ আচবাব নিৰ্মাণৰ বাবে প্ৰত্যেকখন বিদ্যালয়ত দিয়া হ’ব ১ লাখ টকাৰ সাহায্য।
•চলিত শিক্ষাবৰ্ষৰ ২লাখ ২০ হাজাৰ ৫৫গৰাকী ছাত্ৰীক প্ৰদান কৰা হ’ব চাইকেল।
•চাহ বাগিছাৰ মেট্ৰিক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে লাভ কৰিব ১০ হাজাৰ টকা।
•ডিব্ৰুগড় বিশ্ববিদ্যালয়ত চ্যুকাফাৰ নামত আসন।
•মাজুলীত ৰাধিকাৰ নামত সমন্বয়ক্ষেত্ৰ।
•ৰাজ্যৰ একোজন থলুৱা নিয়োগকাৰীয়ে পাব ১০হাজাৰ টকাকৈ।
•৪ লাখ চাহ বাগিছাৰ ২০ লাখ শ্ৰমিকলৈ বিনামূলীয়া চাউল।
•ই এছ আই, পি এফ দিয়া নিয়োগকাৰীয়ে লাভ কৰিব এই সুবিধা।
•মুদ্ৰা ঋণৰ ২০ শতাংশ ধন চৰকাৰে দিব বেংকক।
•যুৱ উদ্যোগীলৈ ঋণ প্ৰদানৰ বাবে বেংকক উৎসাহৰ লক্ষ্য।অচিৰেই প্ৰৱৰ্তন কৰা হ’ব ‘আপোনা আপোন ঘৰ’ আঁচনি।
•৪০ লাখ টকা পৰ্যন্ত গৃহ ঋণ পাব নাগৰিকে।
•ধৰ্মানুষ্ঠানলৈ ২ লাখ টকাৰ অনুদান।
•অসম দৰ্শন আঁচনিৰ জৰিয়তে এই অৱদান।
•ধৰ্মানুষ্ঠানসমূহত চিচিটিভিৰ বাবে ১ লাখ টকাৰ এককালীন সাহাৰ্য্য।
•অসমৰ দৰ্শন আঁচনিৰ জৰিয়তে ১০০ বছৰ পুৰণি তীৰ্থস্থানসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১১শ তীৰ্থস্থানৰ বাবে ১০০ কোটি টকা আৱন্টনৰ ঘোষণা।
•ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে ৫০ লাখ টকাৰ এককালীন সাহায্য।
তিনি বছৰৰ ভিতৰত এই আঁচনি সম্পূৰ্ণ কৰাৰ লক্ষ্য।
•মুদ্ৰা ঋণৰ ক্ষেত্ৰত ৩ লাখ টকালৈকে ৫০ হাজাৰ টকা ৰেহাই।
•অসম ৰাজ্যিক পৰিবহণ নিগৰম উবেৰিকৰণ আঁচনি।
•৩ বছৰৰ ভিতৰত এহাজাৰ খন নতুন বাছৰ সেৱা।
•তেজস্বী নৱধৃত মস্ত শিক্ষা আঁচনিত আৰু ৪খন মহাবিদ্যালয় সংলগ্ন।
•কোকৰাঝাৰ, ডিফু, হামৰেং, কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী মহাবিদ্যালয় সংলগ্ন।
•অসম আদৰ্শ গ্ৰাম যোঁজনা ঘোষণা।
•প্ৰতিখন বিধানসভা সমষ্টিত দুখন হ’ব আদৰ্শ গাঁও।
•প্ৰতিখন গাঁৱৰ উন্নয়নৰ বাবে ৫ কোটি টকা ধাৰ্য্য।
•মহাবীৰ লাচিত চিলাৰায় সেতু নিৰ্মাণ অভিযান।
•কাঠৰ দলং পকীকৰণৰ বাবে এই আঁচনি।
•কৰ্কট ৰোগৰ নিৰাময়ৰ বাবে দফা ৮ কোম্পানী, অসম চৰকাৰ আৰু টাটা নিধিৰ অংশীদ্বাৰিত্বত এই আঁচনি।
•কৃষক সকলে লোৱা ১ লাখ টকা ঋণত ২৫ হাজাৰ টকাৰ ৰেহাই।
•০ শতাংশ সুদত কৃষক সকলে লাভ কৰিব এই ঋণ।
•ৰাজ্যৰ ৬ লাখ কৃষকক ৫হাজাৰ টকাৰ এককালীন সাহায্য।
•ইয়াৰ বাবে ৫৬০ কোটি টকাৰ আৱন্টন।
•স্থানীয় যুৱক-যুৱতীৰ সংস্থাপনৰ বাবে আইচেলী নামৰ আঁচনি।
•ভাৰতৰ বিভিন্ন স্থানৰ ব্যক্তিগত প্ৰতিষ্ঠানে অসমীয়া যুৱক-যুৱতীক সংস্থাপন দিলে এজনৰ বিপৰীতে ১০ হাজাৰ টকা বছৰী সাহায্য।
এই আঁচনিৰ বাবে ১০০ কোটি আৱন্টন।
•বটদ্ৰৱা থানলৈ ১৫৫ কোটি টকা ঘোষণা।
•ৰাজ্যৰ ৮হাজাৰ গাঁওবুঢ়ালৈ স্মাৰ্টফোন।
•চৰাইদেউ মৈদামৰ বাবে ২৫ কোটি টকা ঘোষণা।
•চৰাইদেউত স্থাপন হ”ব চ্যুকাফা ক্ষেত্ৰ।
•৪২গৰাকী স্বৰ্গদেউৰ স্মৃতিত নিৰ্মাণ কৰা হ’ব এই ক্ষেত্ৰ।
•মটক ৰজা সৰ্বানন্দ সিংহৰ নামত হ’ব যাদুঘৰ।
•মাজুলীৰ উন্নয়নৰ বাবে ১৫০ কোটি টকা ধাৰ্য্য।
•ধৰ্মজ্যোতি আঁচনিৰ সাহায্য ৭৫ শতাংশলৈ বৃদ্ধি।
•সচিবালয়ৰ চৌহদত নিৰ্মাণ কৰা হ’ব চ্যুকাফা, কুমাৰ ভাস্কৰ বৰ্মন আৰু নৰনাৰায়ণৰ প্ৰতিমূৰ্তি।
•ইফালে, শদিয়াত হ’ব সাধিনী সমন্বয় ক্ষেত্ৰ।
•বিহপুৰীয়াত নিৰ্মাণ হ’ব ডিমবৰ দেউৰী সমন্বয় ক্ষেত্ৰ।
•উত্তৰ গুৱাহাটীত নিৰ্মাণ হ’ব চিলাৰায় সাংস্কৃতিক কলাক্ষেত্ৰ।
•থিয়েটাৰত ৫ বছৰ কাম কৰা শিল্পীয়ে লাভ কৰিব ৫০ হাজাৰ টকা।
ইয়াৰ বাবে ৫ কোটি টকা আৱন্টন।
•২০০০ ক্ৰীড়া শিল্পীলৈ ৫০ হাজাৰ টকা সাহায্য।
•গুৱাহাটীবাসীলৈ সম্পত্তি কৰ ৰেহাই ঘোষণা।
স্থাবৰ সম্পত্তি কৰদাতালৈ এককালীন কৰ ৰেহাই।
•জনগোষ্ঠীয় ভাষাৰ বাবে ভাষা গৌৰৱ আঁচনি।
ভাষা সংৰক্ষণ আৰু বিকাশৰ বাবে এই আচনি।
•ব্যাকৰণ অভিধান প্ৰকাশৰ বাবে পাব সাহায্য।
ইয়াৰ বাবে ১০০ কোটি টকাৰ আৱন্টন।
•কোকৰাঝাৰ, ডিফু প্ৰশাসনলৈ ১০০ কোটি টকা সাহায্য।
মন্তব্য কৰক